যিৰিমিয়া 23
1“যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ মেৰ-ছাগবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
2এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা মেৰ-ছাগ ৰখীয়াবোৰৰ বিৰুদ্ধে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ মেৰ-ছাগৰ জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা, আৰু সেইবোৰৰ বিচাৰ নললা; যিহোৱাই কৈছে, চোৱা! মই তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ ফল তোমালোকক দিম।
3আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাৱন্ত হৈ বহুবংশ হব।
4যি মেৰ-ছাগৰ ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।
5যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
6তেওঁৰ কালত যিহূদাই পৰিত্ৰাণ পাব, ইস্ৰায়েলে নিৰাপদে বাস কৰিব। আৰু “যিহোৱাই আমাৰ ধাৰ্মিকতা,” এই নামেৰে তেওঁ প্ৰখ্যাত হব।
7এই হেতুকে যিহোৱাই কৈছে, “চোৱা, এনে কোনো দিন আহিছে,” যে, ‘সেই দিনা তেওঁলোকে আৰু নকব, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই ‘যিহোৱাৰ জীৱনৰ শপত’;
8কিন্তু এনেকৈ কব, যে, “যি জনাই ইস্ৰায়েল বংশত জন্মা সন্তান সকলক উত্তৰ দেশৰ পৰা; আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ, সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই যিহোৱাৰ জীৱনৰ শপত।’ তথাপি তেওঁলোকে নিজৰ দেশত নিবাস কৰিব।
9ভাববাদীবোৰৰ বিষয়। মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ’ল, আৰু মোৰ আটাই হাড়বোৰ কঁপিছে; যিহোৱাৰ কাৰণে আৰু তেওঁৰ পবিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনে কি, দ্ৰাক্ষাৰসে পৰাজয় কৰা মানুহৰ দৰে হলোঁ।
10কিয়নো দেশ ব্যভিচাৰী লোকেৰে পৰিপূৰ্ণ; কাৰণ শাওৰ প্ৰভাৱত দেশে শোক কৰিছে। অৰণ্যত থকা চৰণীয়া ঠাইবোৰ শুকাইছে; তেওঁলোকৰ গতি মন্দ, আৰু তেওঁলোকৰ পৰাক্ৰম ন্যায়সঙ্গত নহয়।
11কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ।
12এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।
13মই চমৰিয়াৰ মাজৰ ভাববাদীসকলৰ মাজত অজ্ঞানতাৰ কাৰ্য দেখিলোঁ; তেওঁলোকে বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰি মোৰ প্ৰজা ইস্রায়েল লোকক ভুলালে।
14মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কুকৰ্ম কৰাসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
15এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”
16বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
17মোক হেয়জ্ঞান কৰোঁতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
18কাৰণ কোনে যিহোৱাৰ সভাত থিয় হৈছে, যে, তেওঁ নিজ চকুৰে চাই তেওঁৰ বাক্য শুনিব? কোনে তেওঁৰ বাক্যত কাণ পাতি তাক শুনিবলৈ পালে?
19সৌৱা, চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা! এনে কি, প্ৰবল বা’মাৰলি বতাহ আহিছে। সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
20যিহোৱাই কাৰ্য সমাপ্ত নকৰালৈকে, আৰু তেওঁৰ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁৰ ক্ৰোধ নাথামিব। তোমালোকে শেষকালত তাক সম্পুৰ্ণকৈ বুজিবা।
21মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই লৰিলে; মই তেওঁলোকক কোৱা নাই, তথপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে।
22কিন্তু তেওঁলোকে মোৰ সভাত থিয় হোৱা হ’লে, মোৰ প্ৰজাসকলক মোৰ বাক্য শুনোৱালেহেঁতেন, আৰু তেওঁলোকৰ কু-পথ ও কুকৰ্মৰ পৰা তেওঁলোকক ওভটাই আনিলেহেঁতেন।
23যিহোৱাই কৈছে, মই জানো ওচৰত থকাহে ঈশ্বৰ? দূৰত থকাও ঈশ্বৰ নহওঁ জানো?
24যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
25‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলে কোৱা কথা মই শুনিলোঁ।
26মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলৰ, এনে কি, নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোঁতা ভাববাদীসকলৰ অন্তৰত এয়ে কিমান কাল থাকিব?
27তেওঁলোকৰ পূৰ্বপুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰা দৰে তেওঁলোকে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে।
28সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?
29যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
30এই হেতুকে, যিহোৱাই কৈছে, চোৱা, নিজ নিজ ওচৰ-চুবুৰীয়াৰ পৰা মোৰ বাক্য চুৰ কৰা ভাববাদীসকলৰ প্রতি মই বিপক্ষ।”
31যিহোৱাই কৈছে, “চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি, তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ।
32যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
33“আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
34যি ভাববাদী, পুৰোহিত, কি প্ৰজাই “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি ক’ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম।
35তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক আৰু নিজ নিজ ভাইক এই কথা ক’বা, ‘যিহোৱাই কি উত্তৰ দিলে?’ বা ‘যিহোৱাই কি ক’লে?’
36“যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাৰ বাক্য বিপৰীত কৰিছা।
37তুমি ভাববাদীক এইদৰে ক’বা, ‘যিহোৱাই তোমাক কি উত্তৰ দিলে? বা যিহোৱাই কি কলে?’
38কিন্তু “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি যদি তোমালোকে কোৱা, তেন্তে অৱশ্যে যিহোৱাই এইদৰে কব, “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি নকবলৈ কৈ পঠোৱাতো “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি কোৱা বাবে, চোৱা, মই তোমালোকক নিচেইকৈ পাহৰিম,’
39আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
40আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath