যিৰিমিয়া 18
1যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল,
2বোলে, “তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা, আৰু তাতেই মই তোমাক মোৰ বাক্য শুনাম।”
3তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গ’লো, আৰু চোৱা! কুমাৰে তাৰ চাকত নিজৰ কাম কৰি আছে।
4আৰু তেওঁ মাটিৰে তৈয়াৰ কৰা পাত্ৰ তেওঁৰ হাতত বেয়া হোৱা দেখি, তেওঁ তাক লৈ পুনৰায় নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে।
5তেতিয়া যিহোৱাৰ পৰা মোলৈ বাক্য আহিল আৰু ক’লে,
6যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, এই কুমাৰৰ দৰে তোমালোকৰ লগত মই জানো ব্যৱহাৰ কৰিব নোৱাৰোঁ?” “হে ইস্ৰায়েল-বংশ, চোৱা! যেনেকৈ কুমাৰৰ হাতত মাটি, তেনেকৈ মোৰ হাতত তোমালোক আছা।
7যি মুহুৰ্ত্ততে তুমি কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে উঘলা, ভঙা আৰু তাক বিনষ্ট কৰা কথা কওঁ,
8মই কোৱা সেই জাতি যদি সেই মুহুৰ্ত্ততে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘূৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
9আৰু যি মুহুৰ্ত্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ,
10সেই মুহুৰ্ত্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু-আচৰণ কৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
11এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা ওলটা, নিজ নিজ পথ আৰু কাৰ্য শুধৰোৱা।”
12কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম’।”
13এই হেতুকে যিহোৱাই এইদৰে কৈছে: “তোমালোকে এতিয়া জাতি সমূহৰ মাজত সোধা, এনে কথা কোনে শুনিলে? কুমাৰী ইস্ৰায়েলে অতিশয় নোম শিয়ৰি যোৱা কাৰ্য কৰিলে।
14লিবানোনৰ হিমে জানো দেশৰ মাজত থকা এই পৰ্ব্বতকেইটাক ত্যাগ কৰে? বা দূৰৰ পৰা বৈ অহা শীতল জলৰ জুৰি জানো শুকায়?
15কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে,
16নবন্ধা পথ সৰু সৰু বাটত ফুৰাবলৈ সেইবোৰে তেওঁলোকৰ বাটত, প্ৰাচীন পথত উজুটি খুৱালে। যি কোনোৱে সেই দেশেদি যাব, তেওঁ আচৰিত হৈ নিজৰ মূৰ জুকাৰিব।
17মই পূব ফালৰ বতাহৰ দৰে শত্ৰূবোৰৰ আগত তেওঁলোকক চিন্ন-ভিন্ন কৰিম; তেওঁলোকৰ সঙ্কটৰ কালত মই তেওঁলোকক মুখ নেদেখুৱাই পিঠি দেখুৱাম।
18তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
19হে যিহোৱা! মোলৈ মন দিয়া, আৰু মোৰ বিপক্ষবোৰৰ কথা শুনা।
20উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
21এই হেতুকে তুমি তেওঁলোকৰ সন্তান সকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক।
22তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞঁৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!
23তথাপি হে যিহোৱা, মোক বধ কৰাবলৈ মোৰ অহিতে কৰা তেওঁলোকৰ সকলো মন্ত্ৰণা তুমি জানি আছা। তুমি তেওঁলোকৰ অপৰাধ ক্ষমা নকৰিবা, নাইবা তেওঁলোকৰ পাপ তোমাৰ দৃষ্টিৰ পৰা মচি নেপেলাবা; কিন্তু তেওঁলোকক তোমাৰ আগত উজুটি খুৱাই পেলোৱা হওঁক, তুমি নিজ ক্ৰোধৰ সময়ত তেওঁলোকলৈ কাৰ্য কৰা।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath