যিৰিমিয়া 11
1যিৰিমিয়ালৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,
2“তোমালোকে এই নিয়মটিৰ বাক্য শুনা, যিহূদাৰ লোকসকলক ও যিৰূচালেম-নিবাসীসকলক কোৱা।
3তুমি তেওঁলোকক কোৱা, ‘ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: যি কোনোৱে এই নিয়মটিৰ প্রতি কাণ নিদিয়ে, সেই প্রতিজনেই অভিশপ্ত।
4তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা কৰা এই নিয়মটিৰ বাক্য, যি দিনাখন অগ্নি-কুণ্ডস্বৰূপ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিলো। মই ক’লো, “শুনা, মোৰ বাক্য পালন কৰা আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা, তেতিয়া তোমালোকে মোৰ প্ৰজা হ’বা আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।”
5মোৰ বাক্য শুনা যাতে আজি-কালি তোমালোকে বাস কৰা গাখীৰ, মৌজোল বোৱা এই দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি শপত কৰিছিলোঁ।’ তেতিয়া মই উত্তৰ দি ক’লো, ‘হয়, যিহোৱা!’
6আৰু যিহোৱাই মোক ক’লে, ‘যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত এই সকলো বাক্য ঘোষণা কৰি কোৱা, “তোমালোকে এই নিয়মটিৰ বাক্যলৈ কাণ দিয়া, আৰু ইয়াক পালন কৰা।”
7কিয়নো ‘মোৰ বাক্যলৈ কাণ দিয়া’ বুলি কৈ, মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিবৰ দিনা মই অতি যত্নেৰে সাক্ষ্য দিছিলোঁ, আৰু আজিলৈকে প্ৰত্যেকে উঠি সাক্ষ্য দি আছোঁ।
8তথাপি তেওঁলোকে পালন নকৰিলে, বা কাণ নাপাতিলে। কিন্তু তেওঁবিলাক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে; এই হেতুকে এই নিয়মটিৰ যিবোৰ বাক্য পালন কৰিবলৈ মই তেওঁলোকক আজ্ঞা দিছিলোঁ, কিন্তু তেওঁলোকে নকৰিলে, সেই আটাইবোৰ অভিশপ্ত বাক্য মই তেওঁলোকৰ ওপৰত ঘটালোঁ’।”
9পাছে যিহোৱাই মোক ক’লে, “যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলরৰ ভিতৰত চক্ৰান্ত পোৱা গৈছে।
10তেওঁলোকে মোৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰলৈ ঘূৰিল, আৰু দেৱপূজা কৰিবলৈ ইতৰ দেৱতাবোৰৰ পাছত গল; ইস্ৰায়েল আৰু যিহূদা বংশই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ লগত মই স্থাপন কৰা নিয়মটি ভাঙিলে।”
11এই হেতুকে যিহোৱাই এইদৰে কৈছে: “চোৱা, তেওঁলোকে সাৰিব নোৱাৰা অমঙ্গল মই তেওঁলোকলৈ ঘটাম। তেতিয়া তেওঁলোকে মোৰ আগত কাতৰোক্তি কৰিব, কিন্তু মই তেওঁলোকৰ কথা নুশুনিম।
12তেতিয়া যিহূদাৰ নগৰবোৰৰ লোকে আৰু যিৰূচালেম নিবাসীসকলে গৈ, তেওঁলোকে ধূপ জ্বলোৱা দেৱতাবোৰৰ আগত কাতৰোক্তি কৰিব, কিন্তু সেইবোৰে তেওঁলোকৰ আপদৰ সময়ত তেওঁলোকক সমূলি ত্ৰাণ কৰিব নোৱাৰিব।
13কিয়নো হে যিহূদা, তোমাৰ নগৰ যিমান, তোমাৰ দেৱতা সিমানেই বাঢ়িল। আৰু যিৰূচালেমৰ আলি যিমান, লজ্জাজনক বস্তুৰ উদ্দেশ্যে, এনে কি, বালৰ কাৰণে ধূপ জ্বলাবলৈ তোমালোকে সিমান যজ্ঞ-বোদি স্থাপন কৰিলা।
14এই হেতুকে যিৰিমিয়া, তুমি নিজে এই জাতিৰ বাবে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকৰ বাবে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা। কিয়নো তেওঁলোকে নিজৰ আপদৰ কাৰণে মোৰ আগত কাতৰোক্তি কৰা সময়তো মই নুশুনিম।
15মোৰ গৃহত মোৰ প্রিয়াৰ কি কাৰ্য, কিয়নো তাই অনেক লোকে সৈতে ব্যভিচাৰ কৰিলে? আৰু তোমাৰ পৰা পবিত্ৰ মাংস গ’ল; যেতিয়া তুমি দুষ্কৰ্ম কৰা, তেতিয়া তুমি উল্লাস কৰি থাকা।
16পূৰ্বতে যিহোৱাই তোমাক ‘উত্তম ফলেৰে শোভিত কেঁচাপতীয়া জিতগছ” এই নাম দিলে।’ তেওঁ মহা-কোলাহলৰ শব্দেৰে সৈতে তোমাৰ ওপৰত জুই জ্বলালে, আৰু তাৰ ডালবোৰ ভগ্ন হ’ল।
17কিয়নো বালৰ উদ্দেশ্যে ধূপ জ্বলাই মোক বেজাৰ দিবৰ অৰ্থে যিহূদা আৰু ইস্ৰায়েল বংশই নিজৰ বিৰুদ্ধে যি দুষ্কৰ্ম কৰিছিল, তাৰ কাৰণে তোমাক ৰোপণ কৰা বাহিনীসকলৰ যিহোৱাই তোমাৰ বিৰুদ্ধে অমঙ্গল প্ৰকাশ কৰিলে।
18আৰু যিহোৱাই মোক তাৰ বিষয়ে জ্ঞান দিয়াত মই তাক জানিবলৈ পালোঁ। সেই সময়ত তুমি মোক তেওঁলোকৰ কাৰ্য দেখুৱালা।
19কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ মেৰ-ছাগ পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোঁহক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।
20কিন্তু ধাৰ্মিকতাৰে বিচাৰ কৰোঁতা, অন্তৰ আৰু হৃদয় পৰীক্ষা কৰোঁতা হে বাহিনীসকলৰ যিহোৱা, তেওঁলোকৰ ওপৰত তুমি সাধা প্ৰতিকাৰ মোক দেখিবলৈ দিয়া। কিয়নো মই তোমাৰ আগতেই মোৰ গোচৰ সোধালোঁ।
21এই হেতুকে অনাথোতৰ লোকসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তেওঁলোকে তোমাৰ প্ৰাণ বিচাৰি কয়, যে, যিহোৱাৰ নামেৰে ভববাণী প্ৰচাৰ নকৰিবা, কৰিলে তুমি আমাৰ হাতত মৰা পৰিবা।’
22এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, চোৱা, মই তেওঁলোকক দণ্ড দিম। ডেকাবোৰ তৰোৱালত আঘাতিত হৈ মৰিব। তেওঁলোকৰ পো-জীসকল আকালত মৃত্যু হ’ব।
23আৰু তেওঁলোকৰ কোনো অৱশিষ্ট নাথাকিব। কিয়নো মই অনাথোতৰ লোকসকললৈ অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰিম।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath