বিচাৰকর্তাবিলাক 9
1যিৰুব্বালৰ পুত্র অবীমেলকে চিখিমলৈ নিজৰ মোমায়েকহঁতৰ ওচৰলৈ গ’ল আৰু তেওঁলোকৰ সৈতে মাকৰ পৰিয়ালৰ আনবোৰ ফৈদকে ক’লে,
2“দয়া কৰি চিখিমৰ সকলো নেতাকে আপোনালোকে এই কথা সোধক: ‘আপোনালোকৰ কাৰণে কোনটো ভাল? যিৰুব্বালৰ সত্তৰজন পুত্র আপোনালোকৰ শাসনকর্তা হ’ব নে এজনে শাসন কৰা ভাল?’ পাহৰি নাযাব, মই আপোনালোকৰে হাড় আৰু মঙহ।”
3তেতিয়া অবীমেলকৰ মাকৰ পৰিয়ালবোৰে তেওঁৰ হৈ চিখিমৰ নেতাসকলৰ আগত কথা কোৱাত তেওঁলোকে অবীমেলকৰ পক্ষত থাকিবলৈ একমত হ’ল। তেওঁলোকে ক’লে “অবীমেলক আমাৰে ভাই।”
4তেওঁলোকে বাল-বৰীৎৰ মন্দিৰৰ পৰা তেওঁক সত্তৰ চেকল ৰূপৰ মুদ্ৰা দিলে; অবীমেলকে তাৰে কেইজনমান বেপেৰুৱা দু:সাহসী লোকক ভাড়া কৰিলে অাৰু এওঁলোক তেওঁৰ সঙ্গী হ’ল।
5অবীমেলকে অফ্রাত নিজৰ বাপেকৰ ঘৰলৈ গৈ তেওঁৰ সত্তৰজন ভাইক অর্থাৎ যিৰুব্বালৰ পুতেকসকলক একেটা শিলৰ ওপৰত হত্যা কৰিলে। কেৱল, যিৰুব্বালৰ সৰু পুতেক যোথম লুকাই থকা বাবে সি বাচি গ’ল।
6তাৰ পাছত চিখিমৰ আৰু বৈৎ-মিল্লোৰ নেতাসকলে একেলগে আহি চিখিমৰ স্তম্ভৰ ওচৰত থকা ওক গছজোপাৰ কাষলৈ গৈ অবীমেলকক ৰজা পাতিলে।
7যোথমক এই কথা জনোৱাত তেওঁ গৰিজ্জীম পৰ্ব্বতৰ টিঙলৈ উঠি গৈ চিঞঁৰি চিঞঁৰি ক’বলৈ ধৰিলে, “হে চিখিমৰ নেতাসকল, মোৰ কথা শুনা, তাতে ঈশ্বৰেও আপোনালোকৰ কথা শুনিব।
8এবাৰ গছবোৰে নিজৰ কাৰণে এজন ৰজাক অভিষেক কৰিবৰ অৰ্থে বাহিৰ ওলাই গ’ল। সিহঁতে জিত গছক ক’লে, ‘তুমি আমাৰ ৰজা হোৱা।’
9কিন্তু জিত গছে সিহঁতক ক’লে, ‘মোৰ যি তেল ঈশ্বৰ আৰু মানুহক সন্মান কৰিবলৈ ব্যৱহাৰ হয়, তাক এৰি মই কি আন গছবোৰৰ ওপৰত কেৱল দুলি থাকিবলৈকে যামনে?’
10গছবোৰে ডিমৰু গছক ক’লে, ‘আহাঁ তুমিয়েই আমাৰ ৰজা হোৱা।’
11কিন্তু ডিমৰু গছে সিহঁতক ক’লে, ‘মই জানো মোৰ মিঠা সোৱাদ আৰু উত্তম ফল ত্যাগ কৰি আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যাম?’
12পাছে গছবোৰে দ্ৰাক্ষালতাক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’
13কিন্তু দ্ৰাক্ষালতাই সিহঁতক ক’লে, ‘মোৰ যি ন-ৰসে ঈশ্বৰ আৰু মানুহক সন্তোষ দিয়ে, তাক এৰি মই আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যামনে?
14তেতিয়া আটাই গছবোৰে কাঁইট গছক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’
15কাঁইট গছে গছবোৰক ক’লে, ‘তোমালোকে তোমালোকৰ ৰজা হ’বলৈ মোক যদি সঁচাকৈ অভিষেক কৰিব বিচাৰা, তেন্তে আহাঁ আৰু মোৰ ছাঁত আশ্রয় লোৱা। তাকে যদি নকৰা, তেন্তে কাঁইট গছৰ পৰা জুই ওলাব আৰু লিবানোনৰ এৰচ গছবোৰকো পুৰি পেলাব।’
16এতিয়া সেয়ে শুনক, অবীমেলকক ৰজা পাতি আপোনালোকে জানো সত্যতা আৰু বিশ্বস্ততাৰ কার্য কৰিছে? আপোনালোকে জানো যিৰুব্বাল আৰু তেওঁৰ পৰিয়ালৰ প্রতি সুবিচাৰ কৰিছে?
17মোৰ পিতৃয়ে আপোনালোকৰ কাৰণে যুদ্ধ কৰিলে, তেওঁ নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি মিদিয়নীয়াসকলৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিলে;
18কিন্তু আজি আপোনালোকে মোৰ পিতৃ-বংশৰ বিৰুদ্ধে বিদ্রোহ কৰিছে; একেটা শিলৰ ওপৰতে তেওঁৰ সত্তৰজন পুত্রক বধ কৰিলে আৰু তেওঁৰ দাসীৰ পুত্র অবীমেলকক চিখিমৰ লোক সকলৰ ওপৰত ৰজা পাতিলে, কাৰণ তেওঁ আপোনালোকৰ আত্মীয়।
19আজি যদি আপোনালোকে যিৰুব্বাল আৰু তেওঁৰ বংশলৈ ন্যায়পৰায়ণতা আৰু সততাৰে কার্য কৰি থাকে, তেন্তে অবীমেলকত যেন আপোনালোকে আনন্দ কৰে আৰু তেৱোঁ আপোনালোকত আনন্দ কৰক।
20কিন্তু আপোনালোকে যদি ইয়াকে নকৰে, তেনেহ’লে অবীমেলকৰ পৰা যেন জুই ওলাই আহি আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলক পুৰি পেলাওক; আৰু আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলৰ মাজৰ পৰাও যেন জুই বাহিৰ হৈ অবীমেলকক পুৰি পেলাওক।”
21ইয়াকে কৈ যোথমে ল’ৰ মাৰি বেৰ নামৰ এখন ঠাইলৈ পলাই গ’ল। তেওঁ নিজৰ ভায়েক অবীমেলকৰ ভয়ত সেই ঠাইতে বাস কৰিলে।
22অবীমেলকে ইস্ৰায়েলৰ ওপৰত তিনিবছৰ শাসন কৰিলে।
23তাৰ পাছত ঈশ্বৰে অবিমেলক আৰু চিখিমৰ নেতাসকলৰ মাজত এক দুষ্ট আত্মা পঠাই দিলে। তাতে চিখিমৰ নেতাসকলে অবীমেলকলৈ থকা ভাৰসাক বিশ্বাসঘাটকতা কৰিলে।
24ঈশ্বৰে এই কার্য কৰিলে যাতে যিৰুব্বালৰ সত্তৰজন পুত্রলৈ ৰক্তপাতৰ যি অন্যায় কৰা হ’ল, তাৰ দ্বাৰা তেওঁলোকৰ ভায়েক অবীমেলকৰ ওপৰত আৰু তেওঁলোকক বধ কৰা কার্যত তেওঁৰ আৰু তেওঁৰ সহায়কাৰী চিখিমৰ লোকসকলৰ ওপৰত প্রতিশোধ লোৱা হয়।
25সেয়ে চিখিমৰ লোকসকলে অবীমেলকৰ বিৰুদ্ধে পাহাৰৰ ওপৰত মানুহ ৰাখিলে আৰু তেওঁলোকে লুকাই থাকি সেই পথেৰে যিসকল লোক যায় তেওঁলোকক লুট-পাট কৰে। এই বিষয়ে অবীমেলকক জনোৱা হ’ল।
26সেই সময়ত এবদৰ পুত্ৰ গালে নিজৰ জ্ঞাতি-কুতুম্বসকলৰ সৈতে চিখিমলৈ আহিল আৰু চিখিমৰ নেতাসকলে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে।
27তেওঁলোকে খেতিলৈ গৈ দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপাই গছকিলে আৰু তাৰ ৰসেৰে উৎসৱ কৰিলে। তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰলৈ গৈ ভোজন-পান কৰি অবীমেলকক শাও দিলে।
28এবদৰ পুতেক গালে ক’লে, “অবীমেলক কোন যে আমি চিখিমৰ লোকসকল তেওঁৰ অধীনত থাকিম? তেওঁ জানো যিৰুব্বালৰ পুতেক নহয়? জবুল জানো তেওঁৰ শাসনাধিপতি নহয়? আপোনালোকে বৰং চিখিমৰ বাপেক হমোৰৰ বংশধৰসকলৰ অধীন হৈ থাকক; কিয় আমি অবীমেলকৰ অধীনত থাকিম?
29এই লোকসকল মোৰ বশত থকাহেতেঁন কেনে ভাল হ’লহেতেন! তেতিয়াতো মই অবীমেলকক দুৰ কৰি দিলোঁহেঁতেন। তেওঁ অবীমেলকক সকলো সৈন্য লৈ আহিবলৈ ক’লে ।”
30এবদৰ পুতেক গালৰ সেই কথা নগৰৰ শাসনাধিপতি জবুলৰ কাণত পৰিল আৰু তেওঁ ক্ৰোধত জ্বলি উঠিল।
31তেতিয়া তেওঁ অবীমেলকৰ গুৰিলৈ বার্তাবাহকৰ দ্বাৰাই কৈ পঠালে, “এবদৰ পুতেক গাল আৰু তেওঁৰ জ্ঞাতি-কুতুম্বসকলে চিখিমলৈ আহি আপোনাৰ বিৰুদ্ধে নগৰৰ লোকসকলক উত্তেজিত কৰি তুলিছে।
32সেয়ে, আপুনি আৰু আপোনাৰ সৈন্যসকলে ৰাতিতে উঠি আহি খেতিৰ মাজত লুকাই থাকিব।
33পাছদিনা ৰাতিপুৱা সুৰ্য্য উদয় হোৱা মাত্ৰেই আপোনালোকে উঠি আহি নগৰ আক্ৰমণ কৰিব; যেতিয়া গাল আৰু তেওঁৰ লোকসকল আপোনাৰ বিৰুদ্ধে ওলাই আহিব, তেতিয়া আপোনালোকে যিহকে কৰিব পাৰে তাকে তেওঁলোকলৈ কৰিব।”
34যেতিয়া, অবীমেলক আৰু তেওঁৰ সকলো সৈন্যদলে ৰাতিতে উঠিল আৰু চাৰিটা দলত ভাগ হৈ চিখিমৰ ওচৰত লুকাই থকিল।
35নগৰৰ পৰা ওলাই আহি এবদৰ পুতেক গাল প্রৱেশদ্বাৰৰ ওচৰত থিয় হৈ আছিল। তেনেতে অবীমেলক আৰু তেওঁৰ সৈন্যসকল লুকাই থকা ঠাইৰ পৰা ওলাই আহিল।
36গালে তেওঁলোকক দেখি জবুলক ক’লে, “চাওঁক, পাহাৰৰ ওপৰৰ পৰা লোক সমূহ নামি আহিছে!” জবুলে উত্তৰত ক’লে, “আপুনি পাহাৰৰ ছাঁবোৰকে মানুহ যেন দেখিছে।”
37কিন্তু গালে পুনৰায় ক’লে, “চাওঁক, লোকসকল দেশৰ মধ্যস্থানলৈ নামি আহিছে; আৰু এটা দল মোনইনীম ৰ বাটেদি আহিছে।”
38তেতিয়া জবুলে তেওঁক ক’লে, “এতিয়া আপোনাৰ সেই ডাঙৰ ডাঙৰ কথাবোৰ কলৈ গ’ল? আপুনিয়ে কৈছিলে, ‘অবীমেলক কোন যে আমি তেওঁৰ অধীনত থাকিম?’ এই লোকসকলকেই আপুনি তুচ্ছ জ্ঞান কৰা নাছিল নে? এতিয়া ওলাই গৈ তেওঁলোকৰে সৈতে যুদ্ধ কৰক।”
39তেতিয়া চিখিমৰ নেতা গালে লোকসকলক পৰিচালনা কৰি বাহিৰলৈ ওলাই গ’ল , আৰু অবীমেলকেৰে সৈতে যুদ্ধ কৰিলে।
40অবীমেলকে গালৰ পাছে পাছে খেদি যোৱাত তেওঁ পলাই গ’ল; আৰু তেওঁৰ দলৰ অনেকেই নগৰৰ প্ৰৱেশ দুৱাৰত সোমোৱাৰ আগতেই আঘাত পাই ঢলি পৰিল।
41অবীমেলক অৰূমা ত থাকিল আৰু জবুলে চিখিমৰ পৰা গাল আৰু তেওঁৰ জ্ঞাতি-কুটুম্বসকলক খেদি বাহিৰ কৰি দিলে।
42পাছদিনাখন চিখিমৰ লোকসকলে নগৰৰ বাহিৰ ওলাই খেতিলৈ গ’ল আৰু এই বাতৰি অবীমেলকক জনোৱা হ’ল।
43অবীমেলকে তেওঁৰ লোকসকলক লৈ তিনিটা দলত ভাগ কৰি খেতিৰ মাজত লুকাই থাকিল; যেতিয়া নগৰৰ পৰা লোক সমূহক বাহিৰ হৈ অহা দেখিলে, তেতিয়া তেওঁ তেওঁলোকক আক্রমণ কৰি বধ কৰিলে।
44অবীমেলকে তেওঁৰ দলটোৰে সৈতে গৈ নগৰৰ প্রৱেশ-দুৱাৰৰ ওচৰত থিয় হৈ থাকিল; আন দুটা দলে খেতিত থকা সকলো লোকক আক্ৰমণ কৰি বধ কৰিলে।
45সেইদিনা ওৰে দিনটো অবীমেলকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিলে আৰু সেই ঠাইৰ লোক সমূহক বধ কৰি নগৰ অধিকাৰ কৰিলে। তাৰ পাছত নগৰৰ দেৱাল ধ্বংস কৰি তাৰ ওপৰত নিমখ চতিয়াই দিলে।
46এই খবৰ শুনি চিখিমৰ দুৰ্গৰ নেতাসকলে এল-বৰীৎ দেৱতাৰ মন্দিৰৰ ভিতৰত সোমালগৈ।
47অবীমেলকে যেতিয়া শুনিলে যে লোকসকলে চিখিমৰ দুৰ্গলৈ গৈ একেলগ হৈছে,
48তেতিয়া তেওঁ নিজৰ লোকসকলক লগত লৈ চলমোন পৰ্ব্বতলৈ উঠি গ’ল। তেওঁ কুঠাৰ ললে আৰু গছৰ পৰা এটা ডাল কাটি নিজৰ কান্ধত তুলি ল’লে। তাৰ পাছত তেওঁৰ লগত থকা লোকসকলক আদেশ দিলে, “তোমালোকে মোক যি যি কৰা দেখিলা, তোমালোকেও শীঘ্রে তেনেকুৱা কৰিবা।”
49সেয়ে সকলোৱে এটা এটা ডাল কাটি লৈ অবীমেলকৰ পাছে পাছে গ’ল। তাৰ পাছত তেওঁলোকে সেই ডালবোৰ আনি মন্দিৰৰ মাটিৰ তলত থকা সেই ঘৰটোৰ ওপৰত জাপি দি জুই লগাই দিলে; এইদৰে চিখিমৰ দুৰ্গত থকা সকলো লোক মৰিল; তাত প্রায় এক হাজাৰ পুৰুষ আৰু মহিলা আছিল।
50তাৰ পাছত অবীমেলক তেবেচলৈ গৈ তাৰ বিৰুদ্ধে ছাউনি পাতি তাক অধিকাৰ কৰি ল’লে।
51সেই নগৰৰ ভিতৰত এটা দৃঢ় দুৰ্গ আছিল; সকলো পুৰুষ, মহিলা আৰু নগৰৰ নেতাসকল তালৈ পলাই গৈ দুৱাৰ বন্ধ কৰি নিজকে ভিতৰত আবদ্ধ কৰিলে। তাৰ পাছত তেওঁলোক দুর্গৰ চালৰ ওপৰত উঠিলগৈ।
52অবীমেলকে সেই দুর্গৰ ওচৰলৈ আহি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে; তেওঁ দুৰ্গত জুই লগাবৰ বাবে দুৰ্গৰ দুৱাৰৰ ওচৰলৈকে আহিল।
53কিন্তু তাত এগৰাকী মহিলাই জাঁতৰ ওপৰৰ শিলচটা লৈ অবীমেলকৰ মূৰৰ ওপৰত পেলাই দি তেওঁৰ মূৰৰ খোলা ভাঙিলে।
54তেতিয়া অবীমেলকে ততাতৈয়াকৈ নিজৰ অস্ত্রবহনকাৰী যুবকক মাতি ক’লে, “তোমাৰ তৰোৱাল উলিয়াই মোক বধ কৰা যাতে কোনেও মোৰ বিষয়ে এইদৰে ক’ব নোৱাৰে যে ‘এগৰাকী মহিলাই মোক বধ কৰিলে’।” তেতিয়া সেই যুবকে তেওঁক তৰোৱালেৰে খুচিলে আৰু তেওঁৰ মৃত্যু হ’ল।
55অবীমেলকৰ মৃত্যু হোৱা দেখি ইস্ৰায়েলীয়াসকলে নিজৰ ঘৰলৈ উলটি গ’ল।
56এই দৰে সত্তৰজন ভায়েকক বধ কৰি অবীমেলকে নিজৰ বাপেকৰ বিৰুদ্ধে যি কুকৰ্ম কৰিলে, ঈশ্বৰে তাৰ সমুচিত দণ্ড তেওঁক দিলে।
57চিখিমৰ লোকসকলে যি সকলো অন্যায় কৰিছিল, তেওঁলোকৰ নিজৰ মূৰৰ ওপৰত ঈশ্বৰে দণ্ড আনিলে; যিৰুব্বালৰ পুতেক যোথমৰ শাও তেওঁলোকৰ ওপৰত পৰিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath