খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

বিচাৰকর্তাবিলাক 6

1পাছত ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁলোকক মিদিয়নীয়াসকলৰ হাতত শোধাই দিলে আৰু তেওঁলোক সাত বছৰ ধৰি তেওঁলোকৰ অধীন হৈ থাকিল।

2মিদিয়নীয়াসকল শক্তিশালী হোৱাত ইস্ৰায়েলবাসীক তেওঁলোকে অত্যাচাৰ কৰিবলৈ ধৰিলে; মিদিয়নৰ ভয়তে ইস্ৰায়েলৰ সন্তান সকলে পাহাৰৰ মাজৰ ফাঁক, গুহা আৰু দুর্গবোৰ আশ্রয়ৰ ঠাই কৰি ল’লে।

3ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।

4তেওঁলোকে ছাউনি পাতি গাজালৈকে গোটেই ভূমিৰ শস্য নষ্ট কৰি দিয়ে; তেওঁলোকে ইস্ৰায়েলীসকলে খাবৰ বাবে খোৱা-বস্তুৰ একো অৱশিষ্ট নাৰাখে; তেওঁলোকে মেৰ-ছাগ, পশুধন বা গাধ এইবোৰো লৈ যায়।

5তেওঁলোকে নিজৰ পশুধন আৰু তম্বু লগত লৈ ফৰিঙৰ জাকৰ দৰে আহে; তেওঁলোকৰ লোক আৰু উট গণিব নোৱাৰাকৈ অসংখ্য আছিল; তেওঁলোকে দেশখন উচ্ছন্ন কৰিবলৈকে সোমায়।

6মিদিয়নীয়াই ইস্ৰায়েলীয়াসকলৰ অৱস্থা অতিশয় শক্তিহীন কৰি তুলিলে; তেওঁলোকে যিহোৱাৰ ওচৰত বৰকৈ কান্দিবলৈ ধৰিলে।

7ইস্ৰায়েলৰ সন্তান সকলে মিদিয়নৰ কাৰণে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে।

8তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ এজন ভাববাদী পঠালে; তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ক্রীতদাসৰ গৃহ মিচৰ দেশৰ পৰা মইয়ে তোমালোকক উলিয়াই আনিলো।

9মিচৰীয়াসকলৰ ক্ষমতা আৰু তোমালোকক উপদ্ৰৱ কৰাসকলৰ হাতৰ পৰা মইয়ে তোমালোকক উদ্ধাৰ কৰিলোঁ। মই তেওঁলোকক তোমালোকৰ সন্মুখৰ পৰা খেদাই তেওঁলোকৰ ভূমি তোমালোকক দিলোঁ।

10মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলোঁ যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”

11সেই সময়ত যিহোৱাৰ দূতে আহি অফ্রাত থকা ওক গছৰ তলত বহিল। এই ঠাই অবীয়েজ্ৰীয়া বংশৰ যোৱাচৰ অধীনত আছিল। তাত যোৱাচৰ পুত্ৰ গিদিয়োনে মিদিয়নীয়াসকলৰ পৰা শস্য লুকুৱাই ৰাখিবৰ বাবে দ্ৰাক্ষাগুটি মৰা ঠাইত ঘেঁহুধান মাৰি আছিল।

12এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”

13গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।”

14যিহোৱাই তেওঁৰ ফালে চাই ক’লে, “তোমাৰ নিজৰ এই শক্তিতেই তুমি যোৱা আৰু মিদিয়নীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰা। মই তোমাক জানো পঠোৱা নাই?”

15গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, মই কেনেকৈ ইস্ৰায়েলক উদ্ধাৰ কৰিম? চাওক, মনচি ফৈদৰ মাজত মোৰ পৰিয়ালেই হৈছে সকলোতকৈ দুৰ্ব্বল। ইয়াৰ উপৰি মোৰ পিতৃ বংশত মইয়ে সবাতোকৈ গুৰুত্বহীন ব্যক্তি।”

16যিহোৱাই তেওঁক ক’লে, “মই তোমাৰ সঙ্গত থাকিম, তাতে তুমি সকলো মিদিয়নীয়া সৈন্যক পৰাজিত কৰিবা।”

17গিদিয়োনে তেওঁক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহ’লে আপুনি যে মোৰে সৈতে কথা পাতিছে, ইয়াৰ এটা চিন মোক দিয়ক।

18দয়া কৰি মই ঘূৰি আহি আপোনাৰ আগত মোৰ উপহাৰ উৎসর্গ নকৰা পর্যন্ত আপুনি ইয়াৰ পৰা নাযাব।” যিহোৱাই ক’লে, “তুমি উলটি নহা পর্যন্ত মই অপেক্ষা কৰিম।”

19তেতিয়া গিদিয়োনে গৈ এটা ছাগলী পোৱালি ৰান্ধিলে আৰু এক ঐফা আটাগুৰি লৈ খমিৰ নিদিয়াকৈ কেইটামান পিঠা বনালে; তাৰ পাছত মাংসখিনি এটা খৰাহিত ভৰাই জোলখিনি পাত্ৰত লৈ ওক গছজোপাৰ তলত তেওঁক আনি দিলে।

20তাতে ঈশ্বৰৰ দূতে তেওঁক ক’লে, “মাংস আৰু খমিৰ নোহাৱা পিঠা কেইটা লৈ এই শিলটোৰ ওপৰত থোৱা, আৰু জোলখিনি তাৰ ওপৰত ঢালি দিয়া।” গিদিয়োনে সেইদৰেই কৰিলে।

21তেতিয়া যিহোৱাৰ দূতজনৰ হাতত যি লাঠি আছিল, সেই লাঠিডালৰ আগটোৰে তেওঁ সেই মাংস আৰু খমীৰ নোহাৱা পিঠাখিনি স্পৰ্শ কৰিলে; তাতে সেই শিলৰ পৰা অগ্নি ওলাই মাংস আৰু পিঠাখিনি পুৰি পেলালে। পাছত যিহোৱাৰ দূত অদৃশ্য হৈ গ’ল; গিদিয়োনে তেওঁক পুনৰ দেখা নাপালে।

22গিদিয়োনে তেতিয়া তেওঁ যে যিহোৱাৰ দূত আছিল সেই বিষয়ে বুজি পাই ক’লে, “অহ, প্ৰভু যিহোৱা, মই যিহোৱাৰ দূতক সন্মুখা-সন্মুখিকৈ দেখা পালোঁ!”

23তেতিয়া যিহোৱাই তেওঁক ক’লে, “তোমাৰ শান্তি হওক! ভয় নকৰিবা, তুমি নমৰিবা।”

24তাৰ পাছত গিদিয়োনে সেই ঠাইতে যিহোৱাৰ অৰ্থে এটা বেদী নিৰ্ম্মাণ কৰি তাৰ নাম দিলে ‘যিহোৱা চালোম ’; অবীয়েজ্ৰীয়া বংশৰ অফ্রা চহৰত সেই বেদী আজিও আছে।

25সেইদিনা ৰাতি যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ পিতৃৰ ভতৰাবোৰৰ পৰা দ্বিতীয় ষাঁড়টো লোৱা, যিটোৰ বয়স সাত বছৰ হৈছে। তাৰ পাছত বাল দেৱতাৰ উদ্দেশ্যে যি বেদী তোমাৰ পিতৃৰ আছে, সেই বেদী তুমি ভাঙি পেলোৱা আৰু তাৰ ওচৰতে থকা আচেৰা দেৱীৰ পূজা কৰা খুঁটি কাটি পেলোৱা।

26তাৰ পাছত এই পাহাৰৰ ওপৰত তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ভালদৰে এটা বেদী নিৰ্ম্মাণ কৰা। পাছত দ্বিতীয় ভতৰাটো লৈ সেই আচেৰা মূর্ত্তিৰ খুটিৰ যি কাঠ তুমি কাটিবা তাক জ্বলাই হোম-বলি উৎসৰ্গ কৰা।

27তেতিয়া গিদিয়োনে নিজৰ দাসবোৰৰ মাজৰ দহ জনক লগত ল’লে আৰু যিহোৱাৰ কথা অনুসাৰে কাৰ্য কৰিলে; কিন্তু নিজৰ পৰিয়াল আৰু নগৰৰ লোকসকলৰ ভয়ত তেওঁ সেই কাম দিনৰ ভাগত নকৰি ৰাতি কৰিলে।”

28ৰাতিপুৱা যেতিয়া নগৰৰ লোকসকলে উঠি দেখিলে যে, বাল দেৱতাৰ বেদী ভাঙি পেলোৱা হৈছে আৰু তাৰ ওচৰত থকা আচেৰা দেৱীৰ খুটিও কাটি পেলোৱা হৈছে; আৰু এটা নতুনকৈ সজা বেদীৰ ওপৰত দ্বিতীয় ভতৰাটোৰ বলি উৎসর্গ কৰা হৈছে।

29তেতিয়া তেওঁলোকে এজনে আন জনক সুধিলে, “এই কাম কোনে কৰিলে?” এইদৰে পাছত তেওঁলোকে ভালদৰে সোধ-পোছ কৰি বিচাৰ কৰাত জানিব পাৰিলে যে, যোৱাচৰ পুত্ৰ গিদিয়োনে এই কাম কৰিলে।

30তাৰ পাছত নগৰৰ মানুহবোৰে যোৱাচক ক’লে, “তোমাৰ পুত্ৰক বাহিৰলৈ উলিয়াই আনা, সি মৰিব লাগে; কিয়নো সি বাল-দেৱতাৰ বেদী ভাঙিলে আৰু তাৰ ওচৰত থকা আচেৰাৰ খুঁটি কাটি পেলাইছে।”

31তেতিয়া যোৱাচে তেওঁৰ বিৰুদ্ধে থিয় হৈ থকা লোকসকলক ক’লে, “আপোনালোকেই বাল-দেৱতাৰ হৈ ওকালতি কৰিব নেকি? আপোনালোকেই তেওঁক ৰক্ষা কৰিব নেকি? যদি কোনোৱে তেওঁৰ হৈ বিবাদ কৰে, তেওঁক কালি ৰাতিপুৱা হোৱাৰ আগেয়ে প্ৰাণ দণ্ড দিয়া হওঁক; বাল যদি সঁচাই দেৱতা হয়, তেন্তে কোনোবাই যদি তেওঁৰ বেদী ভাঙিছে, তেওঁ নিজেই নিজৰ পক্ষে ওকালতি কৰক।”

32এই হেতুকে, সেইদিনা গিদিয়োনৰ নাম দিয়া হ’ল “যিৰুব্বাল”; গিদিয়োনে বালৰ বেদী ভঙাৰ কাৰণে যোৱাচে ক’লে, “গিদিয়োনৰ বিপক্ষে বাল দেৱতাই নিজৰ পক্ষে বিবাদ কৰক।”

33পাছত সকলো মিদিয়োনীয়া, অমালেকীয়া, আৰু পুব দেশৰ লোকসকল একগোট হ’ল আৰু যর্দ্দন নদী পাৰ হৈ যিজ্ৰিয়েল উপত্যকাত ছাউনি পাতিলে।

34তেতিয়া গিদিয়োনক সহায় কৰিবলৈ যিহোৱাৰ আত্মাই তেওঁত স্থিতি ল’লে; গিদিয়োনে শিঙা বজাই অবীয়েজ্ৰীয়া ফৈদৰ লোকসকলক তেওঁৰ পাছত আহিবৰ কাৰণে বাহিৰলৈ মাতিলে।

35তেওঁ মনচিৰ সকলো ফাললৈ বার্তাবাহক পঠালে আৰু তেওঁলোককো তেওঁৰ পাছত আহিবলৈ মাতিলে। তেওঁ আচেৰ, জবূলূন, আৰু নপ্তালী ফৈদৰ লোকসকলোলৈও বার্তাবাহক পঠালে। তাতে তেওঁলোকে তেওঁলোকৰ সঙ্গী হ’বলৈ উঠি আহিল।

36তাৰ পাছত গিদিয়োনে ঈশ্বৰক ক’লে, “আপুনি কোৱাৰ দৰে যদি আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ ইচ্ছা কৰিছে,

37তেন্তে চাওঁক, মই মৰণা মৰা খলাত মেৰ-ছাগৰ পৰা কটা নোমখিনি থ’ম; যদি অকল সেই নোমৰ ওপৰতে নিয়ৰ পৰে আৰু বাকী সকলো মাটি শুকানে থাকে, তেন্তে মই বুজিম যে আপুনি যিদৰে কৈছে, সেইদৰে আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিব।”

38পাছত সেইদৰেই ঘটিল; পিছদিনা পুৱাই উঠি গিদিয়োনে সেই নোম চেপিলে আৰু নোমৰ নিয়ৰৰ পৰা এবাতি পানী উলিয়ালে।

39তেতিয়া গিদিয়োনে ঈশ্বৰক ক’লে, “মোৰ ওপৰত আপুনি ক্ৰোধ নকৰিব। মোক আকৌ এবাৰ কথা ক’বলৈ দিয়ক। মই বিনয় কৰোঁ, এই নোমৰ সৈতে পুনৰ এবাৰ পৰীক্ষা কৰিবলৈ দিয়ক; এতিয়া অকল নোম শুকানে থাকক আৰু সকলো মাটিৰ ওপৰত নিয়ৰ পৰক”।

40পাছত ঈশ্বৰে সেই ৰাতিও তেনেদৰেই কৰিলে; কেৱল নোম শুকানে থাকিল, আৰু বাকী সকলো ঠাইতে নিয়ৰ পৰিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath