খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

বিচাৰকর্তাবিলাক 1

1যিহোচূৱাৰ মৃত্যুৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”

2উত্তৰত যিহোৱাই ক’লে, “প্রথমে যিহূদা ফৈদৰ লোকসকল যাব; চোৱা, মই তেওঁলোকৰ হাততে এই দেশ সমৰ্পণ কৰিলোঁ।”

3এই কথা শুনাৰ পাছত যিহূদা বংশৰ লোক সকলে গৈ চিমিয়োন ফৈদৰ তেওঁলোকৰ ভাইসকলক ক’লে, “যি ঠাই আমাৰ ভাগত পৰিছে, সেই অঞ্চলত থকা কনানীয়াসকলৰ অহিতে যুদ্ধ কৰিবৰ বাবে তোমালোকো আমাৰ সৈতে আহাঁ, তেতিয়া আমি একেলগে মিলি যুদ্ধ কৰিব পাৰিম আৰু পাছত সেইদৰে আমিও তোমালোকৰ অঞ্চল দখল কৰিবৰ বাবে তোমালোকৰ লগত যুদ্ধলৈ যাম।” তেতিয়া চিমিয়োন ফৈদৰ লোকসকল তেওঁলোকৰ লগত গ’ল।

4যিহূদা বংশৰ লোকসকল ওপৰলৈ উঠি গৈ আক্রমণ কৰাত যিহোৱাই কনানীয়া আৰু পৰিজ্জীয়াসকলৰ ওপৰত তেওঁলোকক জয়ী কৰিলে। তেওঁলোকৰ দহ হাজাৰ সৈন্যক তেওঁলোকে বেজক অঞ্চলত বধ কৰিলে।

5বেজকত তেওঁলোকে অদুনী বেজক ক দেখা পাই তেওঁৰ সৈতে যুদ্ধ কৰিলে আৰু কনানীয়া ও পৰিজ্জীয়াসকলক পৰাস্ত কৰিলে।

6কিন্তু অদুনী-বেজক যেতিয়া পলাই গৈছিল, তেতিয়া তেওঁলোকে পাছে পাছে খেদি গৈ তেওঁক ধৰি তেওঁৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলালে।

7তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।

8যিহূদা বংশৰ লোকসকলে যিৰূচালেম আক্রমণ কৰি, সেই ঠাই অধিকাৰ কৰিলে। তেওঁলোকে তৰোৱালেৰে সকলোকে বধ কৰি নগৰখনত জুই লগাই দিলে।

9তাৰ পাছত তেওঁলোকে পাহাৰীয়া এলেকা, নেগেভ আৰু পশ্চিমৰ নিম্নভূমিত বাস কৰা কনানীয়াসকলৰে সৈতে যুদ্ধ কৰিবলৈ নামি গ’ল।

10তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।

11তাৰ পৰা তেওঁলোক দবীৰ চহৰৰ বিৰুদ্ধে আগবাঢ়ি গ’ল; দবীৰৰ পূর্বৰ নাম আছিল কিৰিয়ৎ-চেফৰ।

12কালেবে কৈছিল, “যি জনে কিৰিয়ৎ-চেফৰক আক্ৰমণ কৰি অধিকাৰ কৰিব, মই মোৰ জী অকচাক তেওঁৰে সৈতে বিয়া দিম।”

13তাতে কালেবৰ ভায়েক কনজৰ সন্তান অৎনীয়েলে দবীৰ অধিকাৰ কৰিলে আৰু সেয়ে কালেবে নিজৰ জীয়েক অকচাক অৎনীয়েলে সৈতে বিয়া দিলে।

14অৎনীয়েলৰ লগত অকচা অহাৰ পাছতেই অকচাই স্বামীক খাটিবলৈ ধৰিলে, যাতে তেওঁ তাইৰ বাপেকক তাইৰ কাৰণে এখন পথাৰ দিবলৈ অনুৰোধ কৰে। পাছত অকচা যেতিয়া গাধৰ পিঠিৰ পৰা নামিল, কালেবে তাইক সুধিলে, “তোমাক কি লাগে মাজনী?”

15তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীৰ্ব্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।

16মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।

17যিহূদা বংশৰ লোক সকলে তেওঁলোকৰ ভাই চিমিয়োন বংশৰ লোক সকলৰ লগত গৈ চফৎ চহৰৰ বাসিন্দা কনানীয়াসকলক আক্রমণ কৰিলে আৰু সেই চহৰ সম্পূর্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ’ল হৰ্মা ।

18যিহূদা বংশই গাজা, অস্কিলোন, ইক্ৰোণ চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।

19যিহোৱা যিহূদা বংশৰ লোকসকলৰ সঙ্গত আছিল। তেওঁলোকে পাহাৰী এলেকাবোৰ দখল কৰি নিছিল হয়, কিন্তু সমতল ভূমিৰ নিবাসীসকলক খেদাব পৰা নাছিল, কাৰণ তেওঁলোকৰ লোহাৰ ৰথ আছিল।

20মোচিৰ আজ্ঞা অনুসাৰে হিব্রুণ চহৰ কালেবক দিয়া হ’ল। অনাকৰ তিনিটা পুতেকক কালেবে হিব্ৰোণৰ পৰা খেদাই দিলে।

21কিন্তু বিন্যামীন বংশৰ লোকসকলে যিৰূচালেমত বাস কৰা যিবুচীয়াসকলক উচ্ছেদ নকৰিলে; সেয়ে বিন্যামীন বংশৰ লগত যিবুচীয়াসকল আজিও তাত বসবাস কৰি আছে।

22যোচেফৰ বংশয়ো বৈৎএল নগৰ আক্রমণ কৰিবলৈ গ’ল। যিহোৱা তেওঁলোকৰ সঙ্গী আছিল।

23তেওঁলোকে বৈৎএল নগৰখন ভালদৰে চাইচিতি আহিবলৈ মানুহ পঠালে; বৈৎএলৰ আগৰ নাম আছিল লুজ।

24পাছত চোৰাংচোৱাসকলে সেই নগৰৰ পৰা এজন মানুহক বাহিৰলৈ ওলাই অহা দেখি, তেওঁক ক’লে, “অনুগ্রহ কৰি এই নগৰত সোমোৱাৰ পথটো আপুনি আমাক দেখুৱাই দিয়ক। আমি আপোনালৈ দয়ালু হ’ম।”

25তেতিয়া তেওঁ তেওঁলোকক নগৰত সোমোৱা পথ দেখুৱাই দিয়াত তেওঁলোকে গৈ সেই নগৰ তৰোৱালেৰে আক্রমণ কৰিলে, কিন্তু সেই লোকজনক আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকক ৰেহাই দিলে।

26তাৰ পাছত সেই মানুহজনে হিত্তীয়াসকলৰ দেশলৈ গৈ তাত এখন নগৰ সাজিলে আৰু তাৰ নাম লুজ ৰাখিলে; আজিলৈকে নগৰখন এই নামেৰেই আছে।

27মনচিৰ বংশৰ লোকসকলে বৈৎ-চান, তানক, দোৰ, যিব্লিয়াম, মগিদ্দো চহৰৰ আৰু ইয়াৰ আশে-পাশে থকা গাওঁবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানীয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে।

28পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।

29ইফ্ৰয়িমৰ বংশধৰসকলেও গেজৰৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; সেয়ে তেওঁলোক গেজৰতে তেওঁলোকৰ মাজত বাস কৰি থাকিল।

30জবূলুন বংশৰ লোকসকলেও কিট্ৰোন আৰু নহলোলৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; তাতে কনানীয়াসকল তেওঁলোকৰ মাজতে বাস কৰি থাকিল, কিন্তু জবূলূনৰ বংশধৰসকলে তেওঁলোকক দাসৰ কাম কৰিবলৈ বাধ্য কৰালে।

31আচেৰ বংশয়েও অক্কো, চীদোন, অহলাব, অকজীব, হেলবা, অফীক, আৰু ৰহোবৰ লোক সমূহক বাহিৰ নকৰিলে।

32তেওঁলোকে সেই ঠাইৰ বাসিন্দা কনানীয়াসকলৰ মাজতে বাস কৰিবলৈ ধৰিলে, কাৰণ তেওঁলোকে সেইসকলক বাহিৰ নকৰিলে।

33নপ্তালী বংশৰ লোকসকলে বৈৎ-চেমচ আৰু বৈৎ-অনাৎৰ লোকসকলক বাহিৰ নকৰিলে আৰু তেওঁলোকে সেই ঠাইৰ কনানীয়াসকলৰ মাজত বাস কৰিবলৈ ধৰিলে; বৈৎ-চেমচ আৰু বৈৎ-অনাৎবাসীক নপ্তালীসকলৰ বাবে কাম কৰিবলৈ বাধ্য কৰালে।

34ইমোৰীয়াসকলে দানৰ বংশধৰসকলক পাহাৰীয়া এলেকাতে আটক কৰি বসতি কৰিবলৈ বাধ্য কৰালে; তেওঁলোকক সমতল ভূমিলৈ নামি আহিব নিদিলে।

35ইমোৰীয়াসকলে হেৰচ পর্বত, অয়ালোন আৰু চালবীমত বাস কৰিবলৈ ধৰিলে; কিন্তু যোচেফৰ বংশৰ লোকসকলৰ সৈন্য শক্তিয়ে সেইবোৰ জয় কৰিলে আৰু ইমোৰীয়াসকলক তেওঁলোকৰ দাসৰ কার্য কৰিবলৈ বাধ্য কৰালে।

36ইমোৰীয়াসকলৰ সীমা অক্ৰব্বীম গিৰিপথৰ পৰা চেলা পাৰ হৈ ওপৰৰ পর্বতীয়া অঞ্চললৈকে আছিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath