বিচাৰকর্তাবিলাক 11
1সেই কালত গিলিয়দীয়া যিপ্তহ এজন শক্তিশালী যোদ্ধা আছিল; তেওঁৰ মাক এগৰাকী বেশ্যা আছিল আৰু তেওঁৰ পিতৃৰ নাম গিলিয়দ আছিল।
2গিলিয়দৰ ভাৰ্যাই তেওঁলৈ আন কেইবাজনো পুত্রৰ জন্ম দিছিল। তেওঁৰ ভাৰ্যাৰ পুত্রসকল যেতিয়া ডাঙৰ হ’ল, তেওঁলোকে যিপ্তহক ঘৰৰ পৰা খেদি দি ক’লে, “তুমি আমাৰ পৰিয়ালৰ সম্পত্তিৰ কোনো অধিকাৰ নাপাবা; কিয়নো তুমি আন এগৰাকী মহিলাৰ সন্তান।”
3সেয়ে যিপ্তহ নিজৰ ভাইসকলৰ কাষৰ পৰা পলাই গৈ টোব দেশত বাস কৰিবলৈ ধৰিলে। তাত কেইজনমান উদণ্ড লোকে আহি যিপ্তহেৰে সৈতে যোগ দিলে আৰু তেওঁৰ লগত চলা-ফুৰা কৰিলে।
4কিছু কালৰ পাছত অম্মোনীয়াসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।
5যেতিয়া অম্মোনীয়াসকলে ইস্ৰায়েলীসকলৰ সৈতে যুদ্ধ কৰিছিল, তেতিয়া গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক টোব দেশৰ পৰা আনিবলৈ গ’ল।
6তেওঁলোকে যিপ্তহক ক’লে, “আমি অম্মোনীয়াসকলৰ লগত যুদ্ধ কৰিম, সেয়ে তুমি আহি আমাৰ সেনাপতি হোৱা।”
7যিপ্তহে গিলিয়দৰ নেতাসকলক ক’লে, “তোমালোকেই ঘিণ কৰি পিতৃ-বংশৰ মাজৰ পৰা মোক খেদি দিছিলা। এতিয়া সঙ্কটত পৰি কিয় মোৰ ওচৰলৈ আহিছা?”
8গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক ক’লে, “সেই কাৰণেই আমি এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ; তুমি আমাৰ লগত গৈ অম্মোনীয়াসকলৰ সৈতে যুদ্ধ কৰা আৰু তুমিয়েই গিলিয়দনিবাসী সকলো লোকৰ ওপৰত নেতা হবা।”
9তেতিয়া যিপ্তহে গিলিয়দৰ বৃদ্ধসকলক ক’লে, “আপোনালোকে যদি অম্মোনৰ সৈন্যবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোক ঘৰলৈ পুনৰ ওলোটাই নিয়ে আৰু যিহোৱায়ো যদি তেওঁলোকৰ ওপৰত আমাক বিজয়ী কৰে, তেন্তে মইয়ে আপোনালোকৰ নেতা হ’ম।”
10গিলিয়দৰ বৃদ্ধসকলে ক’লে, “আমি যদি আমাৰ কথামতে কাম নকৰোঁ, তেন্তে যিহোৱা আমাৰ মাজত সাক্ষী হৈ থাকক!”
11তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোক সকলে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মিস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।
12তাৰ পাছত যিপ্তহে মানুহ পঠাই অম্মোনীয়াসকলৰ ৰজালৈ এই কথা সুধিলে, “আপোনাৰ আৰু আমাৰ মাজত কি সমস্যা হৈছে? কিয় আমাৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে?”
13অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”
14পুনৰ যিপ্তহে অম্মোনীয়াসকলৰ ৰজাৰ ওচৰলৈ লোক পঠালে।
15তেওঁ এই বাৰ্তা দিলে, যিপ্তহে কৈছে: ইস্রায়েলে মোৱাব আৰু অম্মোনৰ লোকসকলৰ মাটি কাঢ়ি লোৱা নাছিল।
16কিন্তু মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত ইস্ৰায়েলী লোকসকলে মৰুপ্রান্তৰৰ মাজেদি ভ্ৰমণ কৰি চূফ সাগৰলৈকে গৈছিল আৰু তাৰ পাছতে কাদেচলৈ গৈছিল।
17তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, ‘আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।’ কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়ে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল।
18তাৰ পাছত তেওঁলোকে মৰুপ্রান্তৰৰ মাজেদি গৈ ইদোম আৰু মোৱাব দেশৰ পৰা ঘূৰি মোৱাব দেশৰ পূৱ ফালেদি আহি অৰ্ণোন নদীৰ সিপাৰে ছাউনি পাতিলে; তেওঁলোকে মোৱাবৰ সীমাৰ ভিতৰত নোসোমাল, কিয়নো অৰ্ণোন নদী মোৱাবৰ সীমা আছিল।
19তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইমোৰীয়াসকলৰ ৰজা চীহোন, যিজনে হিচবোনত ৰাজত্ব কৰিছিল, তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে “অনুগ্রহ কৰি আপোনালোকৰ দেশৰ মাজেদি আমাক আমি যাব লগা ঠাইলৈ যাব দিয়ক।”
20কিন্তু চীহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।
21তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চীহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
22তেওঁলোকে অৰ্ণোনৰ পৰা যব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যৰ্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।
23এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?
24আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।
25এতিয়া আপুনি কি মোৱাবৰ ৰজা চিপ্পোৰৰ পুতেক বালাকতকৈও উত্তম? তেওঁ ইস্ৰায়েলৰ অহিতে বিবাদ কৰিবলৈ জানো সাহস কৰিছিল? তেওঁলোকৰ বিৰুদ্ধে তেওঁ জানো কেতিয়াবা যুদ্ধ কৰিছিল?
26তিনিশ বছৰ কাল ইস্রায়েলী লোকসকলে হিচবোন আৰু অৰোয়েৰ চহৰত, তাৰ গাওঁবোৰত আৰু অৰ্ণোনৰ নদীৰ পাৰৰ ওচৰত থকা সকলো চহৰত বাস কৰিছিল; সেই সময়তে আপোনালোকে কিয় সেইবোৰ ঠাই দখল কৰি নললে?
27এই বিষয়ত মই আপোনাৰ প্রতি কোনো অন্যায় কৰা নাই; বৰং মোৰ বিৰুদ্ধে যুদ্ধ কৰি আপুনিহে মোলৈ অন্যায় কৰিছে; বিচাৰকৰ্ত্তা যিহোৱায়ে এতিয়া ইস্ৰায়েলীয়া আৰু অম্মোনীয়াসকলৰ মাজত বিচাৰ কৰক’।
28তথাপি যিপ্তহে কৈ পঠোৱা এই সকলো বার্তাক অম্মোনীয়াসকলৰ ৰজাই অগ্রাহ্য কৰিলে।
29তেতিয়া যিহোৱাৰ আত্মা যিপ্তহৰ ওপৰত আছিল। তাতে তেওঁ গিলিয়দ আৰু মনচিৰ মাজেদি গৈ গিলিয়দৰ মিস্পালৈ আহিল আৰু তাৰ পৰা অম্মোনীয়াসকলৰ ওচৰলৈ গ’ল।
30যিপ্তহে যিহোৱাৰ ওচৰত সঙ্কল্প কৰি ক’লে, “তুমি যদি মোক অম্মোনীয়াসকলৰ বিৰুদ্ধে বিজয়ী কৰোঁৱা,
31তেন্তে অম্মোনীয়াসকলৰ সৈতে যুদ্ধত জয়লাভ কৰি ঘূৰি যোৱাৰ সময়ত মোক আগবঢ়াই নিবৰ কাৰণে যেয়ে দুৱাৰ মেলি ঘৰৰ বাহিৰলৈ আহিব, সেয়ে যিহোৱাৰ হ’ব আৰু মই তাক হোমবলিৰূপে উৎসৰ্গ কৰিম।”
32তাৰ পাছত যিপ্তহে অম্মোনিয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।
33তেওঁ অৰোয়েৰৰ পৰা মিন্নীতৰ ওচৰত নগৰবোৰত আক্রমণ কৰি হত্যা কৰিলে আৰু আবেল-কৰামীমলৈকে বিশখন নগৰ জয় কৰিলে। এইদৰে অম্মোনীয়াসকলক ইস্ৰায়েলৰ অধীন কৰা হ’ল।
34যিপ্তহে যেতিয়া মিস্পাত নিজৰ ঘৰলৈ উলটি আহিল, তেতিয়া তেওঁক আগবঢ়াই নিবলৈ তেওঁৰ জীয়েক ওলাই আহিল। তাই খঞ্জৰী বজাই তালে তালে নাচি নাচি ওলাই আহিল; তাই যিপ্তহৰ একেজনী মাথোন জীয়েক আছিল আৰু তাইৰ বাহিৰে তেওঁৰ কোনো পুতেক বা জীয়েক নাছিল।
35যিপ্তহে নিজৰ জীয়েকক দেখা পোৱা মাত্ৰে নিজৰ কাপোৰ ফালি ক’লে, “হায়, মোৰ মাজনী! তুমি মোলৈ এয়া কি সর্বনাশ কৰিলা! তুমি যে মোক অতিশয় বেজাৰ দিলা! কিয়নো মই যিহোৱাৰ উদ্দেশ্যে যি শপত খালো, মই তাৰ পৰা ঘূৰিব নোৱাৰোঁ।”
36তাই বাপেকক ক’লে, “পিতা, তুমি যিহোৱাক কথা দিলা, সেয়ে তোমাৰ কথা অনুসাৰে মোৰ প্রতি সকলো কৰা। কিয়নো যিহোৱাই তোমাৰ শত্ৰু অম্মোনীয়াসকলৰ ওপৰত তোমাৰ হৈ প্ৰতিকাৰ সাধিলে।”
37তাৰ পাছত তাই ক’লে, “মোৰ বাবে এটা অনুৰোধ ৰাখক। মোক দুমাহৰ বাবে অকলে থাকিবলৈ দিয়ক; মোক পাহাৰে পাহাৰে ঘূৰি মোৰ কুমাৰীত্বৰ অৰ্থে সখীবোৰেৰে সৈতে বিলাপ কৰিবলৈ দিয়ক।”
38যিপ্তহে ক’লে, “যোৱা।” এইবুলি তেওঁ তাইক দুমাহলৈ বিদায় দিলে; তেতিয়া তাই নিজ সখীসকলৰ সৈতে গৈ পাহাৰবোৰৰ ওপৰত নিজ কুমাৰীত্বৰ অৰ্থে বিলাপ কৰিবলৈ ধৰিলে।
39দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।
40ইস্ৰায়েলীয়া যুৱতীসকলে প্রত্যেক বছৰে চাৰি দিনৰ বাবে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ কথা কৈ বিলাপ কৰে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath