খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিচয়া 61

1প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।

2যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই শোক কৰা সকলক শান্ত্বনা দিবলৈ, তেওঁ মোক পঠিয়ালে।

3চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।

4তেওঁলোকে পুৰণি ধ্বংসস্থানবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব, আগৰ কালৰে পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় স্থাপন কৰিব, বহু আগৰ পৰা পুৰুষানুক্রমে ধ্বংস হৈ জনশূন্য হোৱা নগৰবোৰ পুনৰ স্থাপন কৰিব।

5বিদেশী লোকসকল দায়িত্ব ল’ব আৰু তোমালোকৰ জাকবোৰ চৰাব, আৰু বিদেশী লোকসকলৰ পুত্র সকলে তোমালোকৰ পথাৰত আৰু দ্ৰাক্ষাবাৰীত কাম কৰিব।

6তোমালোকক যিহোৱাৰ পুৰোহিত বুলি মতা হ’ব; তেওঁলোকে তোমালোকক ঈশ্বৰৰ দাস বুলি ক’ব; তোমালোকে দেশৰ ধন-সম্পত্তি ভোগ কৰিবা, আৰু তেওঁলোকৰ ঐশ্বৰ্যত তোমালোকে গৌৰৱ কৰিবা।

7তোমালোকৰ লাজৰ পৰিৱৰ্তে তোমালোকে দুগুণ পাবা, আৰু তেওঁলোকে অপমানৰ পৰিৱৰ্তে নিজৰ অংশত আনন্দ কৰিব; সেয়ে তেওঁলোকে তেওঁলোকৰ দেশত দুগুণ অংশ লাভ কৰিব, আৰু তেওঁলোকৰ অনন্তকলীয়া আনন্দ হ’ব।

8কাৰণ মই যিহোৱাই ন্যায় বিচাৰ ভাল পাওঁ, মই চুৰ কৰা কাৰ্য আৰু অন্যায় অত্যাচাৰ ঘিণ কৰোঁ; মই বিশ্বাসযোগ্যতাৰে তেওঁলোকক প্রতিফল দিম, আৰু তেওঁলোকৰ সৈতে অনন্তকলীয়া চুক্তি স্থাপন কৰিম।

9তেওঁলোকৰ বংশৰ লোকসকল দেশৰ মাজত, আৰু তেওঁলোকৰ সন্তানসকল লোকসকলৰ মাজত প্ৰখ্যাত হ’ব; তেওঁলোকক যি সকলে দেখিব, তেওঁলোকে তেওঁলোকক যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত বংশ বুলি স্বীকাৰ কৰিব।

10মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে।

11কাৰণ পৃথিবীয়ে যিদৰে গছবোৰৰ পোখা মেলায়, আৰু বাৰীয়ে যিদৰে তাত ৰোৱা সকলোকে গজায়, সেইদৰে প্ৰভু যিহোৱাই সকলো দেশবাসীৰ সাক্ষাতে ধাৰ্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath