খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিচয়া 57

1ধাৰ্মিক লোক ধ্বংস হৈছে, কিন্তু ইয়াক কোনেও বিবেচনা নকৰে; আৰু বিশ্ৱাসযোগ্য চুক্তিৰ লোকসকল আঁতৰি যায়, কিন্তু কোনেও নুবুজে। সেয়ে ধার্ম্মিকসকল পাপৰ পৰা আতৰি যায়।

2তেওঁ শান্তিত প্ৰবেশ কৰে; যি সকলে তেওঁলোকৰ সত্যতাত চলে তেওঁলোকে নিজৰ শয্যাত বিশ্ৰাম কৰে।

3কিন্তু তন্ত্র-মন্ত্র কৰা লোকৰ পুত্রসকল, ব্যভিচাৰী আৰু যি মহিলাই নিজকে বেশ্যা কৰিলে, তেওঁলোকৰ সন্তান সকল ওচৰলৈ আহা।

4তোমালোকে কাক আনন্দেৰে উপহাস কৰিছা? কাৰ বিৰুদ্ধে মুখ মেলিছা আৰু জিভা উলিয়াইছা? তোমালোক বিদ্রোহী আৰু প্রৱঞ্চকৰ সন্তান নোহোৱানে?

5তোমালোকে ওক গছ আৰু প্ৰত্যেক জোপা সেউজীয়া গছৰ তলত কামাগ্নিত উত্তেজিত হোৱা, যি তোমালোক, তোমালোকে ওপৰৰ পৰা ওলমি থকা শিলাময়ৰ তলৰ নদীৰ কিনাৰত নিজৰ সন্তান সকলক বধ কৰোঁতা।

6নদীৰ উপত্যকাৰ মাজৰ মৃসণ বস্তুবোৰ তোমালোকৰ বাবে আৰোপিত। সেইবোৰেই তোমালোকৰ উপাসনাৰ সামগ্রী। সেইবোৰৰ উদ্দেশ্যে তোমালোকে পেয় নৈবেদ্য আৰু শস্যৰ নৈবেদ্য ঢালিছা।

7ওখ পৰ্ব্বতৰ ওপৰত তুমি তোমাৰ শোৱাপাটি পাৰিলা; আৰু তুমি বলিদান কৰিবলৈ সেই ঠাইত উঠিলা;

8তুমি দুৱাৰ আৰু দুৱাৰৰ খুটাৰ পাছফালে নিজৰ প্রতীক স্থাপন কৰিলা; তুমি মোক পৰিত্যাগ কৰিলা, নিজে বিৱস্ত্র থ’লো আৰু ওপৰলৈ উঠিলা; তুমি তোমাৰ শোৱাপাটি বহল কৰিলা। তেওঁলোকৰ লগত তুমি এটি নিয়ম কৰিলা, তুমি তেওঁলোকৰ শোৱাপাটিবোৰ ভাল পোৱা; তুমি তেওঁলোকৰ গোপনীয় অংশবোৰ দেখিছা। তুমি তোমাৰ ৰাজদূতক বহু দূৰত পঠোৱা; তুমি চিয়োলৰ তললৈ গৈছা।

9তুমি তেলেৰে সৈতে মলেক নামৰ দেৱতাৰ ওচৰলৈ গ’লা; আৰু তুমি সুগন্ধি দ্ৰব্য অধিক কৰিলা, তুমি তোমাৰ ৰাজদূতক বহু দূৰলৈ পঠালা, আৰু চিয়োললৈকে নিজকে অৱনত কৰিলা;

10তোমাৰ দীঘল যাত্রাৰ বাবে তুমি ভাগৰিলা; কিন্তু তুমি কেতিয়াও এই বুলি নকলা, “এইটো আশাহীন।” তুমি তোমাৰ হাতত জীৱন পালা; সেই কাৰণে তুমি দুৰ্ব্বল হোৱা নাই।

11তুমি কাৰ বিষয়ে চিন্তিত আৰু ভয় কৰিছা যে, তুমি অতি প্রতাৰণাপূৰ্বক কাৰ্য কৰিছা? তুমি মোক সোঁৱৰণ কৰা নাই বা মোৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা নাই। মই বহুদিনৰ পৰা নিজম দি থকা নাই নে? কিন্তু তথাপিও তুমি মোক গম্ভীৰভাৱে লোৱা নাই।

12মইয়ে তোমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিম, কিন্তু তোমাৰ কাৰ্যৰ দৰে, তোমাক সেইবোৰে সহায় নকৰিব।

13যেতিয়া তুমি কাতৰোক্তি কৰা, তেতিয়া তুমি গোটোৱা দেৱতাবোৰে তোমাক উদ্ধাৰ কৰক; কিন্তু সেই আটাইবোৰক বতাহে উৰোৱাই নিব, আৰু এক ফুঁতে সেইবোৰক নিয়া হব। তথাপি যি মানুহে মোত আশ্ৰয় লব, তেওঁ দেশৰ আধিপত্য পাব, আৰু মোৰ পবিত্র পৰ্ব্বতটোত অধিকাৰ কৰিব।

14তেওঁ ক’ব, “নিৰ্মাণ কৰা, নিৰ্মাণ কৰা! পথ যুগুত কৰা! মোৰ লোকসকলৰ বাবে পথৰ পৰা উজুটি খোৱা মূঢ়া দূৰ কৰা।

15এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।

16কাৰণ মই সদায় অভিযোগ নকৰিম, নাইবা চিৰকাললৈকে মই ক্ৰোধ কৰি নাথাকিম; কিয়নো তেনে কৰিলে, মই নিৰ্মাণ কৰা জীৱন, মানুহৰ আত্মা মোৰ আগত মূৰ্চ্ছিত হ’ব।

17তেওঁৰ হিংসাত্মক কাৰ্যৰ দ্বাৰাই কৰা পাপৰ কাৰণে, মই ক্ৰোধিত হৈছিলো, আৰু তেওঁক দণ্ড দিছিলোঁ; মই মোৰ মুখ লুকুৱাই ক্ৰোধ কৰিলোঁ; কিন্তু তেওঁ বিপথে গৈ নিজৰ মনৰ ইচ্ছামতে চলি থাকিল।

18মই তেওঁৰ পথ দেখিলোঁ, কিন্তু মই তেওঁক সুস্হ কৰিম; মই তেওঁক চলাম, আৰু শোক কৰাসকলক শান্ত্বনা পুনৰায় দিম।

19আৰু মই ওঁঠৰ ফল সৃষ্টি কৰোঁ; যিহোৱাই কৈছে, ওচৰত থকা আৰু দূৰত থকা উভয়ৰ মাজত শান্তি হওক, শান্তি হওক; আৰু মই তেওঁলোকক সুস্থ কৰিম।

20কিন্তু দুষ্টবোৰ চঞ্চল সমুদ্ৰৰ দৰে; যি থিৰে থাকিব নোৱাৰে, আৰু তাৰ জল সমূহে বোকা আৰু মল তোলে;

21ঈশ্বৰে কৈছে, “দুষ্টবোৰৰ তাত কোনো শান্তি নাই।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath