খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিচয়া 44

1মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা ইস্ৰায়েল, এতিয়া শুনা।

2যিজনাই তোমাক নিৰ্ম্মাণ কৰিলে, আৰু তোমাক গৰ্ভত গঠন কৰিলে, যিজনাই তোমাক সহায় কৰিব, সেই যিহোৱাই এই কথা কৈছে, “হে মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা যিচুৰূণ , ভয় নকৰিবা।”

3কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।

4তাতে বোৱতী পানীৰ দাঁতিত উইল গছ বঢ়াৰ দৰে ঘাঁহবোৰৰ মাজত সেইবোৰ গজি বাঢ়িব।

5এজনে ক’ব, মই যিহোৱাৰেই, আনজনে নিজকে যাকোবৰ বুলি ক’ব, আৰু আন এজনে ‘মই যিহোৱাৰ হ’য়’এই বুলি নিজৰ হাতত লিখিব, আৰু ইস্ৰায়েলৰ নামেৰে জনাজাত হ’ব।”

6ইস্ৰায়েলৰ ৰজাক, তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।

7মোৰ দৰে কোন হ’য়? তেওঁক এই বিষয়ে বর্ণনা কৰি মোক ক’ব দিয়া মোৰ প্রাচীন কালৰ লোকসকলক মই প্রতিষ্ঠা কৰাৰে পৰা, সেই বিষয়বোৰ ঘটি আহিছে, আৰু আহিবলগীয়া ঘটনাৰ কথা তেওঁলোকক ঘোষনা কৰিব দিয়া।

8তোমালোকে ভয় নকৰিবা বা ভয়াতুৰ নহবা। মই জানো পূৰ্বৰে পৰা তোমালোকৰ আগত এই বিষয়ে প্রকাশ আৰু ঘোষনা কৰা নাই? তোমালোকেই মোৰ সাক্ষী: মোৰ বাহিৰে জানো আন কোনো ঈশ্বৰ আছে? আন কোনো শিলা নাই; মই আন কাকো নাজানো ।”

9কটা-মূৰ্ত্তি সাজোঁতাবোৰ সকলোৱে অসাৰ; তেওঁলোকে আনন্দ কৰা বিষয়বোৰ মূল্যহীন; তেওঁলোকৰ সাক্ষীবোৰে একো নেদেখে বা নাজানে, আৰু সেয়ে তেওঁলোকক লাজত পৰিব।

10মূল্যহীন দেৱতা বা কটা মূৰ্ত্তি কোনে নিৰ্ম্মাণ কৰিলে?

11চোৱা, তেওঁৰ সকলো সহযোগী সকল লাজত পৰিব; শিল্পকাৰসকল কেৱল মানুহ মাথোন। তেওঁলোকক একেলগহৈ থিৰে থাকিব দিয়া; তেওঁলোক কাপুৰুষ আৰু তেওঁলোকে লাজ পাব।

12কমাৰে তেওঁৰ সজুলিৰে সৈতে কাম কৰে, তেওঁ লোহাৰ অস্ত্ৰ আঙঠাৰ ওপৰত দি নিৰ্ম্মাণ কৰে। তেওঁ হাতুৰীৰে তাক গঢ় দিয়ে, আৰু নিজৰ বলবান হাতেৰে তাক বনায়। তেওঁ ভোকাতুৰ হয়, আৰু তেওঁৰ বল হ্রাস পায়, তেওঁ পানী নাখায় আৰু মূৰ্ছা যায়।

13বাঢ়ৈয়ে কাঠ ৰেখা টানি ৰঙা জোখে, আৰু লিখনিৰে সৈতে তাত চিন দিয়ে। তেওঁ কম্পাচেৰে সৈতে চিন দি সজুলিৰে সৈতে তাক গঢ় দিয়ে, তেওঁ আকৰ্ষণীয় মানুহৰ আকৃতিৰে তাক গঢ় দিয়ে, যাতে তাক মন্দিৰত থ’ব পাৰে।

14তেওঁ এৰচ গছ কাটে; বা তেওঁ দেবদাৰু (চাইপ্ৰাচ) আৰু ওক গছ বাছি লয়; সি অৰণ্যৰ পৰা গছবোৰ নিজৰ বাবে লয়। ফাৰ গছ ৰোৱে, আৰু বৰষুণে তাক বৃদ্ধি কৰে।

15তাৰ পাছত মানুহে তাক জুইৰ বাবে ব্যৱহাৰ কৰে, আৰু নিজে শেক লয়। হয়, তেওঁ জুই জ্বলায়; আৰু তাত পিঠা শেকে। তেওঁ তাৰে এটা দেৱতা নিৰ্ম্মাণ কৰি তাৰ আগত প্রণিপাত কৰে, আৰু তেওঁ এটা মূৰ্ত্তি সাজি তাৰ আগত প্ৰণিপাত কৰে।

16তেওঁ জুইৰ বাবে সেই কাঠৰ এভাগ পোৰে, তাৰ ওপৰত মঙহ পোৰে। তেওঁ তাক ভোজন কৰি তৃপ্ত হয়। তেওঁ নিজকে প্রাণবন্ত কৰি ক’য়, ও মই প্রাণবন্ত হৈছোঁ,মই জুই দেখিছোঁ।”

17তাৰ অৱশিষ্ট কাঠেৰে তেওঁ এক দেৱতা নিৰ্মাণ কৰিলে, তেওঁ তাৰ আগত প্ৰণিপাত কৰে, আৰু তাক সন্মান কৰে, আৰু তাৰ আগত প্ৰশংসা কৰি কয়, “মোক উদ্ধাৰ কৰা; কাৰণ তুমি মোৰ দেৱতা।”

18তেওঁলোকে নাজানে, আৰু তেওঁলোকে নুবুজে; কাৰণ তেওঁলোক চকু অন্ধ আৰু দেখা নাপায়, আৰু তেওঁলোকৰ হৃদয় অনুভব নকৰে।

19কোনো এজনে নাভাৱে নাইবা তেওঁলোকে হৃদয়ঙ্গম নকৰে আৰু ক’য়, মই সেই কাঠৰ এটা অংশ জুইত পুৰিলোঁ, হয়, তাৰ আঙঠাৰ ওপৰত মই পিঠা শেকিলোঁ, আৰু মই তাৰ আঙঠাৰ ওপৰত মাংস খৰিকাত দি খালোঁ। এতিয়া তাৰ অৱশিষ্ট ভাগেৰে সেৱা কৰিবলৈ মই কিবা এটা ঘিণলগীয়া বস্তু সাজিম নে? কাঠডোখৰৰ আগত মই প্ৰণিপাত কৰিম নে?”

20এইটো তেওঁ ছাঁই ভোজন কৰাৰ দৰে; তেওঁক প্রবঞ্চক হৃদয়ে বিপথে নিয়ে। তেওঁ নিজৰ প্ৰাণক উদ্ধাৰ কৰিব নোৱাৰে, নাইবা তেওঁ ক’য়, “মোৰ সোঁ হাতে থকা এই বস্তু অনর্থক দেৱতা।”

21হে যাকোব, আৰু ইস্ৰায়েল, এই বিষয়ে চিন্তা কৰা; কাৰণ তুমি মোৰ দাস: মই তোমাক নিৰ্মাণ কৰিলোঁ; তুমি মোৰ দাস; হে ইস্ৰায়েল মই তোমাক নাপাহৰিম।

22তোমাৰ ঘন মেঘৰ দৰে অপৰাধবোৰ, আৰু তোমাৰ মেঘৰ দৰে পাপবোৰ মচি পেলাম; তুমি মোলৈ ঘূৰি আহাঁ, কিয়নো মই তোমাক মুক্ত কৰিলোঁ।

23হে আকাশ মণ্ডল গান কৰা, কাৰণ যিহোৱাই এই কাৰ্য সিদ্ধ কৰিলে; হে পৃথিবীৰ অধঃস্থান, জয়ধ্বনি কৰা; হে পৰ্বতবোৰ, হে অৰণ্য আৰু তাৰ মাজত থকা সকলো গছ, আনন্দ গান কৰি উৎফলিত হোৱা; কিয়নো যিহোৱাই যাকোবক মুক্ত কৰিলে, আৰু ইস্ৰায়েলৰ মাজত নিজৰ গৌৰৱ প্রকাশ কৰিব।

24তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “মইয়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিৱী সজালে,

25যি জনাই অনৰ্থক কথা কোৱাসকলৰ লক্ষণবোৰ ব্যৰ্থ কৰে, মঙ্গলতীবোৰক বলীয়া কৰে, আৰু যি সকলে মঙ্গল চাই তেওঁলোকক অপমান কৰে, আৰু মই সেই জন যি জনে জ্ঞানীসকলৰ প্রজ্ঞা বিপৰ্যস্থ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শ মুৰ্খতালৈ ৰূপান্তৰিত কৰে।

26মইয়ে যিহোৱা যি জনে নিজৰ দাসৰ কথা সিদ্ধ কৰে, আৰু নিজৰ দূতৰ পৰামৰ্শ সিদ্ধ কৰে, যি জনাই যিৰূচালেমৰ বিষয়ে কয়, ‘সেয়ে বসতিৰ ঠাই নহ’ব,’ আৰু যিহূদাৰ নগৰবোৰৰ বিষয়ে কয়, ‘সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ’ব, আৰু তাৰ বিধস্ত হোৱা ঠাইবোৰ পুনৰ স্থাপন কৰিম,

27যি জনাই অগাধ সমূদ্রক কয়, ‘শুকাই যা, আৰু মই তোৰ সোঁতবোৰ শুকুৱাম,

28যি জনাই কোৰচৰ বিষয়ে কয়, ‘তেওঁ মোৰ মেৰ-ছাগ ৰখীয়া, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিব,’ তেওঁ যিৰূচালেমৰ বিষয়েও কয়, ‘তাক পুনৰ নিৰ্মাণ কৰা হওক,’ আৰু মন্দিৰৰ বিষয়ে কয়, ‘তোমাৰ ভিত্তিমূল স্থাপন কৰা হওক’,”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath