যিচয়া 40
1তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক।
2যিৰূচালেমক নম্রতাৰে কোৱা, আৰু তেওঁলৈ ঘোষনা কৰা, যে তেওঁৰ সংগ্রাম শেষ হ’ল, তেওঁৰ অপৰাধ ক্ষমা কৰা হ’ল, তেওঁৰ সকলো পাপৰ সলনি যিহোৱাৰ হাতৰ পৰা তেওঁ দুগুণ মঙ্গল পালে।
3এটা মাতে চিঞৰিছে, মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।”
4প্ৰত্যেক উপত্যকা ওখ কৰা হ’ব; আৰু প্ৰত্যেক পৰ্ব্বত আৰু পাহাৰ সমান কৰা হ’ব; অসমতল ঠাই সমান কৰা হ’ব, খলাবমা মাটি সমান কৰা হ’ব;
5আৰু যিহোৱাৰ মহিমা প্ৰকাশ কৰা হ’ব, আৰু সকলো মৰ্ত্ত্যই একে সময়তে তাক দেখিব; কাৰণ যিহোৱাই নিজৰ মুখেৰে ইয়াকে ক’লে।
6এজনে কৈছে, “কান্দা।” আন এজনে উত্তৰ দিছে, “মই কিয় কান্দিম?” সকলো মাংসই তৃণ হ’য়, আৰু তেওঁৰ সকলো বিশ্ৱাসযোগ্য চুক্তি পথাৰৰ ফুলৰ দৰে।
7যেতিয়া যিহোৱাৰ প্ৰশ্বাস-বায়ু তাৰ ওপৰত বলায় তেতিয়া ঘাঁহ শুকাই যায়, ফুল জঁয় পৰে; আৰু লোকসকল নিশ্চয় ঘাঁহ।
8ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।
9হে চিয়োন ৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা; যিৰূচালেম লৈ শুভবাৰ্ত্তা ঘোষণা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা। যিহূদাৰ নগৰবোৰক কোৱা, “এইয়া তোমালোকৰ ঈশ্বৰ।”
10চোৱা, প্ৰভু যিহোৱা জয়যুক্ত বীৰস্বৰূপে আহিছে, আৰু তেওঁ নিজ বাহুবলেৰে শাসন কৰিব। চোৱা তেওঁৰ পুৰস্কাৰ তেওঁৰ লগত আছে, তেওঁৰ প্রতিদান তেওঁৰ আগে আগে যায়।
11তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
12কোনে নিজৰ হাতৰ তলুৱাত জলৰাশি জুখিছিল? আৰু কোনে আকাশ-মণ্ডল জুখিছিল? কোনে পৃথিবীৰ সমূদায় ধূলি দোনত ভৰাই জুখিছিল? কোনে পৰ্ব্বতবোৰক পাল্লাত বা পাহাৰবোৰক তুলাঁচনীত জুখিছিল?
13কোনে যিহোৱাৰ আত্মাৰ তত্ত্ব নিৰূপণ কৰিছিল? বা কোনে তেওঁৰ পৰামৰ্শদাতা হৈ তেওঁক শিক্ষা দিছিল?
14তেওঁ কাৰ পৰা পৰামৰ্শ পাইছিল? কোনে তেওঁক ন্যায় কার্য কৰিবলৈ শিকাইছিল? আৰু কোনে তেওঁক জ্ঞানৰ শিক্ষা দিছিল, আৰু তেওঁক বিবেচনাৰ পথ দেখুৱাইছিল?
15চোৱা, দেশবাসীসকল কলহৰ গাত লাগি থকা পানীৰ কণিকাৰ দৰে আৰু তুলাচনীত লাগি থকা ধুলিৰ কণিকাৰ দৰে গণিত হয়; চোৱা, তেওঁ অতি ক্ষুদ্র বস্তুৰ দৰে দ্বীপবোৰক তোলে।
16ইন্ধনৰ বাবে লিবানোন, নাইবা হোম বলিৰ বাবে অৰণ্যৰ জন্তুবোৰ যথেষ্ট নহয়।
17তেওঁৰ দৃষ্টিত সকলো দেশবাসী অপৰ্যাপ্ত; তেওঁৰ আগত তেওঁলোক একোৱে নহয় দৰে গণিত হয়।
18তেন্তে তোমালোকে কাৰ সৈতে ঈশ্বৰক তুলনা কৰিবা? বা তেওঁৰ লগত কোন মুৰ্ত্তিৰ উপমা দিবা?
19এটা কটা মুৰ্ত্তি! এজন কৰ্মকাৰে নিজে তৈয়াৰ কৰে; সোণাৰীয়ে তাৰ ওপৰত সোণৰ পতা মাৰে, আৰু তাৰ বাবে ৰূপৰ শিকলি যুগুত কৰে।
20মানুহে উপহাৰ দিবলৈ নপচা কাঠ বাচি লৈ; পৰিব নোৱাৰা প্ৰতিমা নিজৰ বাবে যুগুত কৰিবলৈ নিপুণ শিল্পকাৰ বিচাৰে।
21তোমালোকে নাজানা নে? তোমালোকে শুনা নাই নে? আদিৰে পৰা তোমালোকক সম্বাদ দিয়া নাই নে? পৃথিবীৰ মূল স্থাপন কৰাৰে পৰা তোমালোকে বুজা নাই নে?
22যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে।
23তেওঁ শাসনকৰ্ত্তাসকলক নথকাৰ দৰে লুপ্ত কৰে; আৰু পৃথিবীৰ শাসনকৰ্ত্তাসকলক অৰ্থহীনৰ দৰে কৰে;
24চোৱা, তেওঁলোকে কেৱল ৰোৱে আৰু বয়, এনে কি, তেওঁলোকৰ মুঢ়ায়ো মাটিত কেৱল শিপা ধৰিছে, তেওঁ তেওঁলোকৰ ওপৰত ফু দিয়াৰ আগতে তেওঁলোক শুকাই যায়, আৰু তেওঁলোকক বা’মৰলী বতাহে মৰাৰ দৰে উৰুৱাই নিয়ে।
25পবিত্ৰ জনাই কৈছে, “তেনেহ’লে তোমালোকে মোক কাৰ সৈতে উপমা দিলে মই তাৰ সদৃশ হ’ম?
26আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
27মোৰ পথ যিহোৱাৰ পৰা গুপ্ত হৈ আছে, আৰু মোৰ গোচৰলৈ তেওঁ মন নিদিয়ে, হে যাকোব আৰু হে ইস্ৰায়েল, তুমি কিয় এনে কথা কৈছা?
28তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
29তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।
30এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে।
31কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath