যিচয়া 38
1সেই সময়ত হিষ্কিয়াৰ সাংঘাতিক নৰিয়া হৈছিল। আমোচৰ পুত্ৰ ভাববাদী যিচয়াই তেওঁৰ ওচৰলৈ আহিলে, আৰু তেওঁক ক’লে, “যিহোৱাই কৈছে, ‘তুমি তোমাৰ ঘৰ সৃঙ্খলাবদ্ধ কৰা; কাৰণ তোমাৰ মৃত্যু হ’ব, তুমি আৰু জীয়াই নাথাকিবা’।”
2তাৰ পাছত হিষ্কিয়াই দেৱালৰ ফাললৈ মুখ ঘূৰাই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে,
3তেওঁ ক’লে, “হে যিহোৱা বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে আপোনাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ, আৰু আপোনাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক আপুনি এতিয়া সোঁৱৰণ কৰক; এই বুলি হিষ্কিয়াই বৰকৈ কান্দিলে।
4যিচয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,
5“তুমি গৈ হিষ্কিয়াক কোৱা, তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল; চোৱা, মই তোমাৰ আয়ুস পোন্ধৰ বছৰ বঢ়াই দিম।
6আৰু মই ৰজা অচূৰীয়াৰ হাতৰ পৰা তোমাক আৰু এই নগৰক উদ্ধাৰ কৰিম; আৰু মই এই নগৰৰ ঢালস্বৰূপ হ’ম।
7আৰু যিহোৱাৰ পৰা তোমালৈ এই চিন হ’ব, যে, মই যি কৈছো সেয়াই সিদ্ধ কৰিম।
8চোৱা, আহজৰ খটখটিত ছাঁটো দহ খাপ ওভটাবলৈ মই খটখটিত ছাঁ পেলাম’।” সেয়ে সেই খটখটিৰ ছাঁটো আগুৱাই যোৱা স্থানৰ পৰা দহ খোজ উভটি গৈছিল।
9যিহূদাৰ ৰজা হিষ্কিয়াই নৰিয়া পৰি সুস্থ হোৱাৰ পাছত লিখা প্রাৰ্থনা এইয়া আছিল:
10মই কৈছিলোঁ যে, মোৰ জীৱনৰ আধা ভাগত মই চিয়োলৰ দুৱাৰৰ মাজেৰে যাম; মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে।”
11মই কৈছিলোঁ যে, “মই জীৱিত লোকৰ দেশত যিহোৱাক আৰু দেখিবলৈ নাপাম; পৃথিৱীৰ নিবাসী বা মনুষ্যক মই আৰু নাচাও।
12মেৰ-ছাগ ৰখীয়াৰ তম্বুৰ দৰে মোৰ জীৱন মোৰ পৰা আঁতৰাই নিয়া হ’ল; মই সিপিনীয়ে বোৱা কাপোৰৰ দৰে মোৰ জীৱন নুৰিয়ালোঁ, আপুনি মোক তাঁত শালৰ পৰা কাটিলে; দিন আৰু ৰাতিৰ ভিতৰত আপুনি মোৰ জীৱনটো শেষ কৰিব।
13মই ৰাতিপুৱালৈকে কান্দিলোঁ, সিংহৰ দৰে তেওঁ মোৰ আটাই হাড় ভাঙিছে; দিন আৰু ৰাতিৰ ভিতৰতে আপুনি মোৰ জীৱন শেষ কৰিলে।
14মই বগলীৰ দৰে চিঁচিঁয়াই আছোঁ; কপৌৰ দৰে শোক ধ্বনি কৰিছোঁ; ওপৰলৈ চাওঁতে চাওঁতে মোৰ চকু দুৰ্বল হ’ল; হে যিহোৱা মই উপদ্ৰৱ পাইছোঁ, মোক সহায় কৰক।
15মই কি ক’ম? তেওঁ মোক ক’লে, আৰু তেওঁ সিদ্ধও কৰিলে; মোৰ আত্মা দূখেৰে পৰিপূৰ্ণ হোৱাৰ বাবে মই মোৰ গোটেই জীৱনত লাহে লাহে খোজ কাঢ়িম।
16হে প্ৰভু, আপুনি দিয়া কষ্ট মোৰ বাবে লাভজনক; মোৰ জীৱনটো পুনৰ ঘূৰাই দিব পাৰে; আপুনি মোৰ জীৱন আৰু স্ৱাস্থ্য পুনৰ স্থাপন কৰিলে।
17মই তেনে কষ্ট অনুভৱ কৰাটো মোৰ বাবে লাভজনক আপুনি মোক ধ্বংসৰ গাতৰ পৰা ৰক্ষা কৰিলে; কিয়নো আপুনি মোৰ সকলো পাপ আপোনাৰ পাছফালে দলিয়াই পেলালে।
18কাৰণ চিয়োলে আপোনাক ধন্যবাদ নিদিয়ে; মৃত্যুৱে আপোনাৰ প্রশংসা নকৰে; গাতলৈ নামি যোৱাসকলে আপোনাৰ বিশ্বাসযোগ্যতালৈ আশা কৰিব নোৱাৰে।
19আজি মই যেনেকৈ কৰিছোঁ, তেনেকৈ জীৱিত লোকেহে আপোনাক ধন্যবাদ দিব পাৰে; পিতৃয়ে সন্তান সকলক আপোনাৰ বিশ্বাসযোগ্যতা জানিব দিব।
20যিহোৱাই মোক পৰিত্ৰাণ কৰিবলৈ যুগুত আছে, আমাৰ জীৱনৰ প্রতিটো দিনত যিহোৱাৰ গৃহত আমি সঙ্গীতেৰে সৈতে উদযাপন কৰিম।
21তেতিয়া যিচয়াই ক’লে, “ডিমৰু গুটিৰ লদা আনি, খহুৰ ওপৰত লগাই দিয়া যাওক; তাতে তেওঁ সুস্থ হ’ব।”।
22হিষ্কিয়ায়ো ক’লে, “মই যে, যিহোৱাৰ গৃহলৈ উঠি যাম, ইয়াৰ চিন কি হ’ব?
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath