যিচয়া 36
1ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্দ্দশ বছৰত, অচুৰৰ ৰজা চনহেৰীবে, গড়েৰে আবৃত যিহূদাৰ সকলো নগৰবোৰ আক্রমন কৰে আৰু সেইবোৰ অধিকাৰ কৰে।
2তাৰ পাছত ৰজা অচূৰীয়াই লাখীচৰ পৰা ৰবচাকিক বহুতো সৈন্যসামন্তই সৈতে যিৰূচালেমলৈ, ৰজা হিষ্কিয়াৰ ওচৰলৈ পঠালে। তেওঁ ধোবা-ঘাটলৈ যোৱা ৰাজ আলিৰ ওপৰত থকা পুখুৰীৰ নলাৰ ওচৰ চাপি তাৰ কাষত থিয় হ’ল।
3তাতে হিল্কিয়াৰ পুত্ৰ ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজ লিখক চেবনা, আৰু ইতিহাস লিখক আচফৰ পুত্ৰ যোৱাহে তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই গ’ল।
4ৰবচাকিয়ে তেওঁলোকক ক’লে, “হিষ্কিয়াক কোৱা যে, মহাৰাজ অচূৰীয়াই এই কথা কৈছে, ‘তোমাৰ আত্মবিশ্বাসৰ উৎস কি?
5তুমি কেৱল মূল্যহীন কথা কোৱা, তুমি কোৱা যে যুদ্ধৰ কাৰণে পৰামৰ্শ আৰু শক্তি আছে। এতিয়া তুমি কাৰ ওপৰত নির্ভৰ কৰা! মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ কোনে তোমাক সাহ দিলে?
6চোৱা, তুমি সেই থেতেলা খোৱা মিচৰৰ নল- খাগৰিত ভাৰসা কৰিছা, কিন্তু মানুহে যদি তাত ভৰ দিয়ে, সেয়ে তেওঁৰ হাতত লাগি ধৰিব আৰু ই বিন্ধিব। মিচৰৰ ৰজা ফৰৌণৰ ওপৰত যি সকলে ভৰসা কৰে তেওঁলোকৰ সেই দৰেই হ’ব।
7কিন্তু যদি তোমালোকে মোক কোৱা, “আমি আমাৰ ঈশ্বৰ যিহোৱাত ভাৰসা কৰিছোঁ,” তেনেহ’লে যিজনে যিহোৱাৰ পবিত্র মন্দিৰ আৰু যজ্ঞ বেদিবোৰ গুচাই দিলে, আৰু যিহূদা আৰু যিৰূচালেমৰ লোকসকলক ক’লে, যিৰূচালেমৰ যজ্ঞ বেদিৰ সন্মুখত নিশ্চয়কৈ সেৱা কৰিব লাগিব, তেওঁ সেই হিষ্কিয়াই নহয় নে?”
8সেই কাৰণে, মই এতিয়া মোৰ প্ৰভু ৰজা অচূৰীয়াৰ পৰা অহা এটা ভাল প্রতিশ্রুতিত তোমাক বান্ধিব বিচাৰিছোঁ। যদি তুমি ঘোঁৰাত উঠিব পৰা দুই হাজাৰ মানুহ দিব পাৰা, তেনেহ’লে মই তোমাক দুই হাজাৰ ঘোঁৰা দিম।
9তুমি মোৰ প্ৰভুৰ দাস সকলৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনক কেনেকৈ প্রতিহত কৰিবা? তুমি ৰথ আৰু অশ্বাৰোহীৰ কাৰণে মিচৰত ভাৰসা কৰিছা!
10মই জানো যিহোৱাৰ অবিহনে ইয়ালৈ আহি এই দেশৰ বিৰুদ্ধে যুদ্ধ কৰি ধ্বংস কৰিম? যিহোৱাই মোক ক’লে, “এই দেশ আত্রুমন কৰা আৰু ধ্বংস কৰা।”
11তেতিয়া ইলিয়াকীম, চেবনা, আৰু যোৱাহে ৰবচাকিক ক’লে, “অনুগ্রহ কৰি, আপোনাৰ দাস সকলক অৰামীয়া ভাষাত কথা কওক, কাৰণ আমি অৰমীয়া বুজি পাওঁ। কিন্তু গড়ৰ ওপৰত থকা লোকসকলে শুনাকৈ ইব্ৰী ভাষাৰে আমাক কথা নক’ব।”
12কিন্তু ৰবচাকিয়ে ক’লে, “মোৰ প্ৰভুৱে তোমাৰ প্ৰভু আৰু তোমাৰ ওচৰলৈ জানো মোক এই বোৰ কথা ক’বলৈ পঠাইছে? যি সকলে তোমালোকৰ সৈতে নিজৰ বিষ্ঠা খাবলৈ, আৰু নিজৰ প্রস্রাৱ পান কৰিবলৈ গড়ৰ ওচৰত বহি আছে, তেওঁলোকৰ ওচৰলৈ জানো মোক পঠোৱা নাই?
13তাৰ পাছত ৰবচাকিয়ে থিয় হৈ ইব্ৰী ভাষাৰে ডাঙৰ মাতেৰে চিঞৰি ক’লে, তোমালোকে মহান ৰজা অচূৰীয়া কথা শুনা।
14ৰজাই এইদৰে কৈছে, হিষ্কিয়াক তোমালোকক প্রতাৰণা কৰিবলৈ নিদিবা; কাৰণ তেওঁৰ তোমালোকক ৰক্ষা কৰিব পৰা সমর্থ নাই।
15“যিহোৱাই আমাক অৱশ্যে উদ্ধাৰ কৰিব, ৰজা অচূৰীয়াৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিয়ে, এই বুলি কৈ হিষ্কিয়াই তোমালোকক যিহোৱাত ভাৰসা নকৰাওক।
16তোমালোকে হিষ্কিয়াৰ কথা নুশুনিবা; কাৰণ অচূৰীয়া ৰজাই এইদৰে কৈছে, তোমালোকে মোৰ সৈতে সন্ধি কৰা, আৰু মোৰ ওচৰলৈ ওলাই আহাঁ। তেতিয়া তোমালোকৰ প্রতেক জনে নিজৰ দ্ৰাক্ষাগুটি, নিজৰ ডিমৰু গছৰ গুটি আৰু নিজৰ নাদৰ পানী খাবা
17যেতিয়ালৈকে মই আহি তোমালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্ৰাক্ষাৰস থকা দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰী থকা দেশলৈ তোমালোকক লৈ নাযাওঁ তেতিয়া লৈকে তোমালোকে এই দৰে কৰিবা।’
18‘যিহোৱাই আমাক উদ্ধাৰ কৰিব বুলি’ হিষ্কিয়াই তোমালোকক নুভুলাওক। লোকসকলৰ কোনো এজন দেৱতাই জানো ৰজা অচূৰীয়াৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছিল?
19হমাতৰ আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত? চফৰ্বয়িমৰ দেৱতাবোৰ ক’ত? তেওঁলোকে জানো মোৰ শক্তিৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিছিল?
20সেই দেশবোৰৰ দেৱতাবোৰৰ মাজত এনে কোনো দেৱতা আছে নে যি মোৰ শক্তিৰ পৰা তেওঁৰ দেশ উদ্ধাৰ কৰিছিল, যিহোৱাই মোৰ শক্তিৰ পৰা যিৰূচালেম যেন উদ্ধাৰ কৰিব পাৰিব?
21কিন্তু লোকসকল মনে মনে থাকিল আৰু উত্তৰ নিদিলে; কাৰণ ৰজাৰ আজ্ঞা আছিল, “তেওঁক উত্তৰ নিদিবা।”
22তাৰ পাছত হিষ্কিয়াৰ পুত্ৰ ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা, আৰু ইতিহাস লিখক আচফৰ পুত্র যোৱাহে নিজৰ কাপোৰ ফালি হিল্কিয়াৰ ওচৰলৈ আহি ৰবচাকিৰ কথা জনালে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath