যিচয়া 21
1সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। দক্ষিণ অঞ্চলত বা’মৰলী বতাহ বেগেৰে চলাৰ দৰে, এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে।
2এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলোঁ।
3এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,
4মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে; সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ, সেইয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল।
5তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল; হে সেনাপতিসকল উঠা, ঢালত তেল ঘঁহা।
6কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, “যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব।
7যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব, আৰু গাধ, উটবোৰত আৰোহী দেখিব, তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ’ব লাগিব।”
8সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, “হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকো।”
9ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”
10হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান, ইস্ৰায়েলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ যিহোৱাৰ পৰা মই যি শুনিলোঁ, সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ।
11দুমা ৰ বিষয়ে ঘোষণা। চেয়ীৰ ৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
12প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
13আৰবৰ বিষয়ে ঘোষণা। হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব।
14তৃষ্ণাতুৰ লোকসকলৰ বাবে পানী আনা; তেমা দেশৰ নিবাসীসকলক আহাৰৰ সৈতে সাক্ষাৎ কৰা।
15কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে।
16সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰ ৰ সকলো গৌৰৱ লুপ্ত হ’ব।
17আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুৰ্দ্ধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ’ব;” কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath