যিচয়া 1
1যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ শাসনকালত আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।
2হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তান সকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
3গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়; কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।”
4হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তান সকল! তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক হেয়জ্ঞান কৰিলে; তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে।
5তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
6ভৰিৰ তলুৱাৰে পৰা মুৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই; কেৱল ঘা, আঘাত, আৰু মুকলি ঘাঁবোৰ সতেজ; সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে সুশ্রূষাও কৰা নাই।
7তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে।
8দ্ৰাক্ষাবাৰীৰ পঁজাৰ দৰে, আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে, আৰু অৱৰোধ কৰা নগৰৰ দৰে, চিয়োন -জীয়ৰী পৰিত্যক্ত হৈছে।
9বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোঁহেঁতেন।
10হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা; হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া।
11যিহোৱাই কৈছে, “মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি?” মেৰ-ছাগ পোৱালি আৰু হৃষ্টপুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে; ভতৰা গৰু, মেৰ-ছাগ, বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ।
12যেতিয়া তোমালোকে মোৰ আগত উপস্থিত হ’বলৈ আহাঁ, আৰু মোৰ চোতালখন গচকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল?
13অনৰ্থক নৈবেদ্য আৰু নানিবা; আৰু ধূপ মোলৈ ঘিণলগীয়া; তোমালোকৰ ন-জোন, বিশ্ৰামবাৰ, আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰোঁ।
14তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে; সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ।
15সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত নির্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে।
16নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,
17ভাল কৰ্ম কৰিবলৈ শিকা। ন্যায়বিচাৰ বিচাৰা, আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।”
18যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
19তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা।
20কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ’ব,” কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।
21কিদৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰীসকলৰ দ্বাৰা পৰিপূৰ্ণ।
22তোমালোকৰ ৰূপ বিশুদ্ধলৈ পৰিণত হ’ল, আৰু তোমালোকৰ দ্ৰাক্ষাৰস পানীৰে মিহলোৱা হ’ল।
23তোমালোকৰ শাসনকৰ্তাসকল বিদ্ৰোহী আৰু চোৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকে আগলৈ নানে।
24এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে: “তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজে প্রতিশোধ সাধিম;
25মই তোমালোকৰ বিৰুদ্ধে মোৰ হাত ঘূৰাই আনিম, তোমালোকৰ আবৰ্জনাবোৰ আঁতৰাই শুদ্ধ কৰিম, আৰু তোমালোকৰ সকলো অসাৰ বস্তু নাইকিয়া কৰিম।
26মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্তাসকলক, আৰু আৰম্ভণীৰ দৰে তোমালোকৰ পৰামৰ্শদাতাসকলক পুনৰায় স্থাপন কৰিম; তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ’বা।”
27চিয়োন ন্যায়বিচাৰৰ দ্বাৰাই, আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ’ব।
28বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।
29“কিয়নো তোমালোকে পবিত্র ওক গছবোৰত আৰাধনা কৰা দেৱতাবোৰৰ বাবে লাজ পাবা, আৰু তোমালোকৰ মনোনীত বাগিছাবোৰৰ বাবে বিভ্রান্ত হ’বা।
30কাৰণ তোমালোক ওক গছৰ শুকান পাতৰ দৰে, আৰু পানী নথকা বাগিছাৰ দৰে হ’বা।
31পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব; সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নুমাব নোৱাৰিব।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath