আদিপুস্তক 49
1পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।
2হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।
3হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
4তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।
5চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ।
6মই নিজে সিহঁতৰ সভালৈ নাহিম; মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম। কিয়নো সিহঁতে ক্ৰোধত নৰ-হত্যা কৰে, আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে।
7সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।
8হে যিহূদা, তোমাক হ’লে, নিজৰ ভাইসকলে প্ৰশংসা কৰিব; তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব; তোমাৰ পিতৃৰ সন্তান সকলে তোমাৰ আগত প্ৰণিপাত কৰিব।
9যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, শক্তিশালী সিংহ ৰ দৰে শুইছে; কোনে তাক জগাব?
10চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
11সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ, আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি, নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত, নিজ কাপোৰ দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে।
12তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা।
13জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।
14ইচাখৰ বলৱান গাধ; সি দুটা গঁৰাল ৰ মাজত শোৱে।
15সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
16দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।
17দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।
18হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ।
19গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
20আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।
21নপ্তালী মুকলি হোৱা হৰিণ; সি মনোহৰ কথা কয়।
22যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।
23ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে;
24কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া, ইস্ৰায়েলৰ শিলা।
25কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব।
26মোৰ পূর্বপুৰুষসকলৰ আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।
27বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”
28এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।
29পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।
30সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।
31সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ।
32সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”
33এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath