খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

আদিপুস্তক 46

1ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে।

2ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।”

3ঈশ্বৰে ক’লে, “মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। মিচৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা; কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতিৰ সৃষ্টি কৰিম।

4মই তোমাৰ সংগে সংগে মিচৰলৈ নামি যাম আৰু পুনৰ ময়েই তোমাক নিশ্চয় উভটাই আনিম। মৃত্যুকালত যোচেফে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব।”

5তাৰ পাছত যাকোব বেৰ-চেবাৰ পৰা ৰাওনা হ’ল; ইস্ৰায়েলৰ পুত্রসকলে তেওঁলোকৰ পিতৃ যাকোবক আৰু তেওঁলোকৰ ভার্য্যাৰে সৈতে লৰা-ছোৱালীকবোৰক লৈ ফৰৌণে যাকোবক নিবৰ কাৰণে পঠোৱা বাহনবোৰত উঠি যাত্রা কৰিলে।

6যি সকলো পশুধন আৰু ধন-সম্পত্তি তেওঁলোকে কনান দেশত লাভ কৰিছিল, সেই সকলোবোৰ লগত লৈ যাকোব আৰু তেওঁৰ সকলো বংশধৰেই মিচৰ দেশ অভিমুখে যাত্ৰা কৰিলে।

7এইদৰে যাকোবে তেওঁৰ পুতেক-জীয়েক, নাতি-নাতিনী আৰু তেওঁৰ বংশধৰ সকলোকে নিজৰ লগত লৈ মিচৰ দেশলৈ গ’ল।

8ইস্ৰায়েলীয়াসকল অর্থাৎ যাকোব আৰু তেওঁৰ বংশৰ যি সন্তান সকল মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই: যাকোবৰ জেষ্ঠ পুত্ৰ ৰূবেণ।

9ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।

10চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র।

11লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।

12যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল।

13ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ।

14জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল।

15জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল।

16গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী।

17আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল।

18এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ যোগেদি; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন।

19যাকোবৰ ভাৰ্যা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামীন।

20ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল।

21বিন্যামীনৰ পুত্র বেলা, বেখৰ, অচবেল, গেৰা, নামন, এহী, ৰোচ, মূপপীম, হুপপীম আৰু অৰ্দ।

22এওঁলোক ৰাহেলে জন্ম দিয়া যাকোবৰ সন্তান; এওঁলোক আছিল সৰ্ব্বমুঠ চৌদ্ধ জন।

23দানৰ পুত্র হূচীম।

24নপ্তালীৰ পুত্র যহচিয়েল, গূনী, যেচৰ, আৰু চিল্লেম।

25এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা যাকোবৰ সন্তান। এওঁলোক সৰ্ব্বমুঠ সাতজন আছিল।

26পুত্র-বোৱাৰীৰ উপৰিও যাকোবৰ লগত মিচৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁৰ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্ব্বমুঠ ছয়ষষ্ঠী জন।

27মিচৰ দেশত যোচেফৰ যি দুজন পুত্ৰ জন্মিছিল আৰু যাকোবৰ পৰিয়ালৰ যিসকল লোক মিচৰলৈ গৈছিল, তেওঁলোক সৰ্ব্বমুঠ সত্তৰ জন আছিল।

28যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে।

29যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে।

30ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলোঁ; এতিয়া মই মৰিবলৈ প্রস্তুত আছোঁ।”

31তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে।

32এই লোকসকল মেৰ-ছাগৰ ৰখীয়া; পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে মেৰ-ছাগ আৰু ছাগলী, গৰুৰ জাক আদি যি যি আছিল, সেই সকলোকে লৈ আনিছে’।

33তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব, ‘আপোনালোকে কি কাম কৰে?’

34তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath