আদিপুস্তক 45
1তেতিয়া যোচেফে তেওঁৰ কর্মচাৰীসকলৰ সন্মুখত নিজকে নিয়ন্ত্রণত ৰাখিব নোৱাৰিলে। তেওঁ চিঞঁৰি ক’লে, “মোৰ আগৰ পৰা সকলো গুছি যাওঁক।” সেয়ে ভায়েক-ককায়েকসকলৰ ওচৰত যোচেফে যেতিয়া নিজৰ পৰিচয় দিছিল, তেতিয়া তেওঁৰ কাষত কোনো দাস থিয় হৈ থকা নাছিল।
2তাৰ পাছত তেওঁ চিঞঁৰি চিঞঁৰি ইমানকৈ কান্দিব ধৰিলে যে, মিচৰীয়সকলে তেওঁৰ কান্দোন শুনা পালে আৰু ফৰৌণৰ ঘৰত থকা লোকসকলেও শুনা পালে।
3যোচেফে ককায়েকসকলক ক’লে, “মই যোচেফ! মোৰ পিতৃ কি এতিয়াও জীয়াই আছে?” এই কথা শুনি তেওঁৰ ককায়েকসকলে একো উত্তৰ দিব নোৱাৰিলে; কাৰণ যোচেফৰ উপস্থিতিত তেওঁলোক হতবুদ্ধি হ’ল।
4তেতিয়া যোচেফে তেওঁৰ ভায়েক-ককায়েকসকলক ক’লে, “তোমালোকে অনুগ্রহ কৰি মোৰ ওচৰ চাপি আহাঁ।” তাতে তেওঁলোকে ওচৰ চাপি অহাত তেওঁ ক’লে, “মই যোচেফ, তোমালোকৰ সেই ভাই, যি জনক তোমালোকে মিচৰ দেশলৈ বিক্রী কৰি দিছিলা।
5কিন্তু তোমালোকে মোক ইয়াত বিক্রী কৰি দিছিলা বুলি এতিয়া বেজাৰ নকৰিবা নাইবা নিজৰ ওপৰত খং নকৰিবা। কিন্তু প্ৰাণ ৰক্ষা কৰিবৰ কাৰণেহে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক ইয়ালৈ পঠিয়ালে।
6কাৰণ, এই দুবছৰ ধৰি দেশত আকাল হৈছে; এইদৰে আৰু পাঁচ বছৰ কাল চলিব; কোনো খেতি কৰা নহ’ব আৰু শস্য দোৱাও নহ’ব।
7পৃথিবীত অৱশেষ স্বৰূপে তোমালোকৰ বংশক জীৱিত ৰাখিবৰ কাৰণে আৰু ধ্বংসৰ পৰা উদ্ধাৰ কৰি তোমালোকৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক পঠাই দিলে।
8গতিকে, তোমালোকে মোক ইয়ালৈ পঠোৱা নাই, ঈশ্বৰেহে পঠালে; তেওঁ মোক ফৰৌণৰ এজন পিতৃৰ স্থানত ৰাখিলে আৰু তেওঁৰ গোটেই পৰিয়ালৰ অধিপতি কৰিলে। ইয়াৰোপৰি তেওঁ মোক গোটেই মিচৰ দেশৰ ওপৰত শাসনকৰ্ত্তা পাতিলে।”
9এতিয়া তোমালোকে অতি শীঘ্রেই পিতাৰ ওচৰলৈ গৈ তেওঁক কোৱাগৈ যে, “আপোনাৰ পুত্র যোচেফে এই কথা কৈছে, ‘ঈশ্বৰে মোক সমুদায় মিচৰ দেশৰ অধিপতি কৰিলে; আপুনি এতিয়া পলম নকৰি মোৰ ওচৰলৈ নামি আহঁক।
10আপুনি আহি গোচন এলেকাত বাস কৰিব; তাতে আপুনি আৰু আপোনাৰ ল’ৰা-ছোৱালী, আপোনাৰ নাতি-নাতিনী, আপোনাৰ পশু আৰু মেৰ-ছাগৰ জাককে আদি কৰি যি সকলো আপোনাৰ আছে, সেই সকলোবোৰ লৈ মোৰ কাষত থাকিব।
11আপোনাৰ, আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ আন লোক সকলৰ যাতে কোনো অভাৱ নহয়, সেইবাবে মই সেই ঠাইতে আপোনালোকৰ বাবে যোগানৰ ব্যৱস্থা কৰিম। কিয়নো আকাল শেষ হ’বলৈ এতিয়াও পাঁচ বছৰ আছে।’
12মই যে নিজ মুখেৰে তোমালোকক এইবোৰ কৈছোঁ, ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাইছা আৰু মোৰ ভাই বিন্যামীনৰ চকুৱেও দেখিছে।
13মিচৰ দেশত থকা মোৰ ক্ষমতাৰ বিষয়ে আৰু যি সকলোবোৰ দেখিছা, সেইবোৰৰ বিষয়ে মোৰ পিতাৰ ওচৰত গৈ জনাবা। এতিয়া সোনকাল কৰা আৰু পিতাক ইয়ালৈ লৈ আনাগৈ।”
14তেতিয়া তেওঁ তেওঁৰ ভায়েক বিন্যামীনৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে আৰু বিন্যামীনেও তেওঁৰ ডিঙিত ধৰি কান্দিলে।
15পাছত যোচেফে তেওঁৰ সকলো ভায়েক-ককায়েকক চুমা খালে আৰু তেওঁলোকৰো ডিঙিত ধৰি কান্দিলে; তাৰ পাছতহে তেওঁৰ ককায়েকসকলে তেওঁৰ লগত কথা পাতিলে।
16যোচেফৰ ভায়েক-ককায়েকসকল অহাৰ বাতৰি যেতিয়া ফৰৌণৰ ঘৰৰ লোকসকলে শুনিবলৈ পালে, তেতিয়া ফৰৌণ আৰু তেওঁৰ কর্মচাৰীসকল অতিশয় আনন্দিত হ’ল।
17ফৰৌণে যোচেফক ক’লে, “তোমাৰ ভাই-ককাইসকলক ক’বা, ‘তেওঁলোকে যেন এনেদৰে কৰে: তেওঁলোকৰ গাধবোৰত শস্যৰ বোজা লৈ তেওঁলোক কনান দেশলৈ উলটি যাওঁক
18আৰু তেওঁলোকৰ পিতৃৰ সৈতে সপৰিবাৰক লৈ তেওঁলোক মোৰ ওচৰলৈ আহক।’ ইয়াকো ক’বা যে, ‘মিচৰ দেশৰ উত্তম উত্তম বস্তু মই তেওঁলোকক দিম আৰু দেশৰ ভাল খাদ্য তেওঁলোকে ভোগ কৰিবলৈ পাব।’
19এতিয়া তোমাক মই আদেশ দিছো, ‘তুমি তোমাৰ ভাই-ককাইসকলক ক’বা: ‘তোমালোকৰ ল’ৰা-ছোৱালী, ভার্য্যাসকলৰ কাৰণে মিচৰ দেশৰ পৰা কিছুমান পশুৱে টনা গাড়ী লৈ যোৱা আৰু তোমালোকৰ পিতৃক লৈ ঘূৰি আহাঁ।
20তোমালোকে তোমালোকৰ বস্তুবোৰক লৈ চিন্তা নকৰিবা, কাৰণ সমগ্র মিচৰ দেশৰ উত্তম উত্তম বস্তুবোৰতো তোমালোকৰেই’।”
21পাছত ইস্ৰায়েলৰ পুত্ৰসকলে তেনেকৈয়ে কৰিলে; ফৰৌণৰ আদেশ অনুসাৰে যোচেফে তেওঁলোকৰ কাৰণে গাড়ী আৰু পথত যোৱাৰ বাবে প্ৰয়োজনীয় বস্তুবোৰো দিলে।
22তেওঁ তেওঁলোকৰ প্রত্যেককে এযোৰকৈ পোছাক দিলে; কিন্তু বিন্যামীনক হ’লে তেওঁ তিনিশ চেকল ৰূপৰ মুদ্ৰা আৰু পাঁচ যোৰ পোছাক দিলে।
23তাৰ পাছত তেওঁৰ পিতৃৰ কাৰণে তেওঁ এইখিনি বস্তু পঠালে: দহটা গাধ আৰু দহজনী গাধী। এই দহটা গাধৰ পিঠিত মিচৰ দেশৰ উত্তম উত্তম বস্তুবোৰ বোজাই কৰা আছিল আৰু গাধীবোৰৰ পিঠিত আছিল পিতৃৰ বাটৰ বাবে শস্য, পিঠা অাৰু আন আন খোৱা বস্তু সমূহ।
24এইদৰে ব্যৱস্থা কৰি তেওঁ নিজৰ ভায়েক-ককায়েকসকলক পঠাই দিলে। বিদায়ৰ সময়ত তেওঁ তেওঁলোকক ক’লে, “সাৱধান, বাটত তোমালোকে কাজিয়া-পেচাল নকৰিবা।”
25পাছত তেওঁলোকে মিচৰ দেশৰ পৰা গৈ কনান দেশত থকা তেওঁলোকৰ পিতৃ যাকোবৰ ওচৰলৈ গ’ল।
26তেওঁলোকে তেওঁক ক’লে, “যোচেফ এতিয়াও জীয়াই আছে, আৰু সিয়েই গোটেই মিচৰ দেশৰ শাসনকৰ্তা।” যাকোবে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিল; কিয়নো পুত্রসকলৰ কথাষাৰ তেওঁৰ বিশ্বাসেই হোৱা নাছিল।
27পাছত যোচেফে তেওঁলোকক যি যি কৈছিল, সেইবোৰ শুনি আৰু তেওঁক লৈ যোৱাৰ কাৰণে যোচেফে যি গাড়ী পঠাইছিল, তাকে দেখি তেওঁলোকৰ পিতৃ যাকোবৰ মন জাগি উঠিল।
28তেওঁ ক’লে, “মোৰ পুত্ৰ যোচেফ যে এতিয়াও জীয়াই আছে, সেয়াই যথেষ্ট; মৃত্যুৰ আগতে মই গৈ তাক চাম।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath