আদিপুস্তক 44
1যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক আদেশ দি ক’লে, “এই লোকসকলে যিমান শস্য লৈ যাব পাৰে, তেওঁলোকৰ বস্তাবোৰ সিমানকৈ পূৰ কৰি দিয়া আৰু প্ৰতিজন লোকৰ ধন তেওঁলোকৰ বস্তাৰ মুখত থ’বা।
2মোৰ ৰূপৰ পিয়লাটো সবাটোকৈ সৰুটোৰ শস্য ভৰোৱা বস্তাৰ মুখত থ’বা; শস্য কিনাৰ বাবে অনা তাৰ ধনখিনিও থ’বা।” তেতিয়া ঘৰগিৰী জনে যোচেফে কোৱাৰ দৰেই কৰিলে।
3পাছদিনা অতি পুৱাতেই লোকসকলক তেওঁলোকৰ গাধবোৰৰ সৈতে বিদায় দিলে।
4তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা?
5সেইটো পিয়লাতে মোৰ প্ৰভুৱে পান কৰে আৰু মঙ্গল চোৱাৰ কাৰণেও ব্যৱহাৰ কৰে? তোমালোকে এই কৰ্ম কৰি অতি অন্যায় কৰিছা’।”
6এইদৰে সেই ঘৰগিৰীয়েও গৈ বাটত তেওঁলোকক লগ ধৰিলে আৰু এইবোৰ কথা ক’লে।
7কিন্তু তেওঁলোকে তেওঁক ক’লে, “মহাশয়, আপুনি কিয় এনেবোৰ কথা কৈছে? আপোনাৰ দাসবোৰৰ পৰা এনে ধৰণৰ কৰ্ম কৰা দূৰ হওক।
8চাওক, যোৱাবাৰ আমাৰ বস্তাৰ মুখত যি ধন পাইছিলোঁ, সেয়া আমি কনান দেশৰ পৰা পুনৰ আপোনালৈ ওভটাই আনিলো; তেন্তে আপোনাৰ প্ৰভুৰ ঘৰৰ পৰা আমি ৰূপ বা সোণ কেনেকৈ চুৰ কৰি আনিব পাৰোঁ?
9যদি সেই পিয়লা আপোনাৰ এই দাসবোৰৰ কোনোবা এজনৰ ওচৰত পোৱা যায়, তেন্তে তাৰ মৃত্যু হওঁক আৰু আমিও প্ৰভুৰ দাস হৈ থাকিম।”
10তেতিয়া ঘৰগিৰীজনে ক’লে, “ঠিক আছে, আপোনালোকৰ কথাৰ দৰেই হওক; কিন্তু যিজনৰ ওচৰত সেই পিয়লা পোৱা যাব, কেৱল তেৱেঁ মোৰ দাস হ’ব; আন সকলো নিৰ্দ্দোষী হ’ব।”
11তেতিয়া তেওঁলোকে বেগতে নিজৰ বস্তা মাটিত নমাই খুলিলে।
12ঘৰগিৰীয়ে ডাঙৰজনৰ পৰা আৰম্ভ কৰি শেষত সৰুজনলৈকে বিচাৰোতে বিন্যামীনৰ বস্তাৰ ভিতৰত সেই পিয়লা পোৱা গ’ল।
13তেতিয়া তেওঁলোকে নিজৰ কাপোৰ ফালিলে। নিজৰ গাধত বোজাবোৰ দি পুনৰ নগৰলৈ উভটি গ’ল।
14যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েকসকল যেতিয়া যোচেফৰ ঘৰ আহি পালে, যোচেফ তেতিয়াও তাতে আছিল। তেওঁলোকে তেওঁৰ সন্মুখলৈ গৈ মাটিত উবুৰি হৈ পৰিল।
15তেতিয়া যোচেফে তেওঁলোকক ক’লে, “তোমালোকেনো এইটো কি কাম কৰিলা? তোমালোকে নাজানা নে যে মোৰ নিচিনা এজন লোকে মঙ্গল চোৱাৰ অভ্যাস কৰিব পাৰে?”
16যিহূদাই ক’লে, “মোৰ প্ৰভুকনো আমি কি ক’ম? উত্তৰেইবা কি দিম? কেনেদৰেইবা আমি নিজক নিৰ্দ্দোষী বুলি প্রমাণ কৰিম? আপোনাৰ দাসবোৰৰ অপৰাধ ঈশ্বৰেই প্ৰকাশ কৰি দিলে; যাৰ হাতত সেই পিয়লাটো পোৱা গৈছে, চাওঁক, সি আৰু আমি সকলোৱেই মোৰ প্ৰভুৰ দাস হলোঁ।”
17তাতে যোচেফে ক’লে, “এনে কৰ্ম কৰা মোৰ পৰা দূৰ হওঁক; যাৰ হাতত পিয়লাটো পোৱা গৈছে, তেওঁহে মোৰ দাস হ’ব; কিন্তু আন সকলোৱে শান্তিৰে তোমালোকৰ পিতৃৰ কাষলৈ ঘূৰি যোৱা।”
18তেতিয়া যিহূদাই তেওঁৰ ওচৰলৈ আগুৱাই গৈ ক’লে, “হে মোৰ মালিক, ফৰৌণ যেনে আপুনিও তেনে। দয়া কৰি মোৰ প্ৰভুৰ কাণত আপোনাৰ এই দাসক এষাৰ কথা জনাবলৈ অনুমতি দিয়ক। আপোনাৰ এই দাসৰ ওপৰত আপোনাৰ ক্ৰোধ প্রজ্বলিত নহওঁক।
19মোৰ প্ৰভুৱে তেওঁৰ এই দাসবোৰক সুধিছিল, ‘তোমালোকৰ পিতৃ আৰু কোনো ভাই আছে নে?’
20তাতে আমি প্ৰভুক কৈছিলোঁ, ‘আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁৰ বুঢ়া কালৰ এজন সৰু ল’ৰাও আছে; তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাবে সি এতিয়া অকলেই আছে; সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে।
21পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’
22তেতিয়া আমি প্ৰভুক কৈছিলোঁ, ‘ল’ৰাটিয়ে তাৰ পিতাকক এৰি আহিব নোৱাৰে; কিয়নো যদি আহে, তেন্তে তাৰ পিতাৰ মৃত্যু হ’ব।’
23কিন্তু আপুনি আপোনাৰ দাসবোৰক কৈছিল, ‘তোমালোকৰ সৰু ভাইক লগত লৈ নাহিলে, তোমালোকে পুনৰ মোৰ মুখ দেখা নাপাবা।’
24সেয়ে মোৰ প্ৰভুৰ সকলো কথা আমি আপোনাৰ দাস, মোৰ পিতাক কৈছিলোঁ।
25পাছত আমাৰ পিতায়ে কৈছিল, ‘তোমালোকে পুনৰ গৈ আমাৰ বাবে কিছু শস্য কিনি আনাগৈ।’
26তেতিয়া আমি ক’লোঁ, ‘আমাৰ সৰু ভাই যদি আমাৰ লগত যায়, তেতিয়াহে আমি যাম। নহ’লে আমি যাব নোৱাৰো। কিয়নো আমাৰ সৰু ভাই যদি আমাৰ লগত নাথাকে, তেন্তে সেই পুৰুষৰ মুখকে আমি দেখিবলৈ নাপাম।’
27তেতিয়া আপোনাৰ দাস অর্থাৎ মোৰ পিতায়ে আমাক ক’লে, ‘তোমালোকেতো জানাই যে মোৰ ভাৰ্যাই মোলৈ দুটি পুত্ৰ প্ৰসৱ কৰিছিল।
28তাৰে এটি মোৰ পৰা ওলাই গ’ল আৰু মই কলোঁ, ‘নিশ্চয় কোনো জন্তুৱে তাক ডোখৰ ডোখৰ কৰি ছিৰাছিৰ কৰিলে; তাৰ পাছৰ পৰাই মই তাক পুনৰ দেখা নাপালোঁ;
29এতিয়া যদি তোমালোকে ইয়াকো মোৰ ওচৰৰ পৰা লৈ যোৱা আৰু তাৰ যদি কোনো ক্ষতি হয়, তেন্তে এই পকা চুলিৰে সৈতে শোকতে মোক তোমালোকে চিয়োললৈ পঠাবা।’
30গতিকে, এতিয়া মই আপোনাৰ দাসৰ কাষলৈ অর্থাৎ মোৰ পিতাৰ কাষলৈ যদি ল’ৰাটো অবিহনে উভটি যাওঁ আৰু যিহেতু ল’ৰাটোৰ লগত তেওঁৰ প্রাণ একেলগে বন্ধা আছে,
31সেয়ে ল’ৰাটোক আমাৰ লগত নেদেখিলে, তেওঁৰ নিশ্চয়ে মৃত্যু হ’ব। তাতে আপোনাৰ এই দাসবোৰে আপোনাৰ দাস অর্থাৎ আমাৰ পিতাইক তেওঁৰ পকা চুলিৰে সৈতে শোকতে চিয়োললৈ পঠাব;
32মই, এই আপোনাৰ দাসে মোৰ পিতাৰ ওচৰত এই ল’ৰাৰ কাৰণে জামিন হৈ কৈছিলোঁ, ‘মই যদি তাক আপোনাৰ ওচৰলৈ নানো, তেন্তে পিতা মই চিৰকাললৈকে আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
33সেয়ে মোৰ প্ৰভু, দয়া কৰি সেই ল’ৰাৰ পৰিবর্তে মোকে আপোনাৰ দাসৰ দৰে ৰাখক আৰু ল’ৰা জনক তাৰ ককায়েকসকলৰ সৈতে ঘূৰি যাবলৈ দিয়ক।
34কিয়নো, ল’ৰা জনক লগত নিনিয়াকৈ মই কেনেকৈ পিতাৰ ওচৰলৈ উলটি যাম? মোৰ পিতালৈ যি আপদ ঘটিব, তাক মই চাব নোৱাৰিম।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath