আদিপুস্তক 38
1পাছত যিহূদাই তেওঁৰ ভায়েক ককায়েকসকলক এৰি অদুল্লমীয়া হীৰা নামৰ এজন লোকৰ লগত বাস কৰিলেগৈ।
2সেই ঠাইত যিহূদাই চুৱা নামৰ কোনো এজন কনানীয়া মানুহৰ ছোৱালীক দেখা পাই তেওঁ সেই ছোৱালীজনীক বিয়া কৰিলে আৰু তাইৰ সৈতে শয়ন কৰিলে।
3পাছত তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু ল’ৰাটিৰ নাম এৰ ৰাখিলে।
4পুনৰায় তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰি তাৰ নাম ওনন ৰাখিলে।
5তাই পুনৰ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তাৰ নাম চেলা ৰাখিলে; তাই এই পুত্র কজীবত থকাৰ সময়ত প্ৰসৱ কৰিলে।
6পাছত যিহূদাই তেওঁৰ জেষ্ঠ্য পুত্ৰ এৰৰ লগত তামাৰ নামেৰে এজনী ছোৱালীক বিয়া কৰাই দিলে।
7কিন্তু যিহূদাৰ জ্যেষ্ঠ পুত্ৰ এৰ যিহোৱাৰ দৃষ্টিত দুষ্ট হোৱাত যিহোৱাই তাক বিনষ্ট কৰিলে।
8তেতিয়া যিহূদাই ওননক ক’লে, “তুমি তোমাৰ ককায়েৰাৰ ভার্য্যাক বিয়া কৰোঁৱা। দেওৰেক হিচাবে তুমি তাইলৈ কৰিবলগীয়া কর্তব্য কৰা আৰু তোমাৰ ককায়েৰাৰ বংশ বৃদ্ধি কৰা।”
9কিন্তু ওননে জানিছিল যে, সেই বংশ তেওঁৰ নিজৰ নহ’ব। সেয়ে ককায়েকৰ হৈ বংশ ৰক্ষা নকৰাৰ উদ্দেশ্যেৰে বৌৱেকৰ লগত শয়ন কৰা কালত তেওঁ মাটিতে বীৰ্য্যপাত কৰিলে।
10তেওঁ কৰা কার্য্য যিহোৱাৰ দৃষ্টিত দুষ্টতা আছিল। সেয়ে যিহোৱাই তেওঁকো বিনষ্ট কৰিলে।
11তেতিয়া যিহূদাই নিজৰ পো-বোৱাৰী তামাৰক ক’লে, “যেতিয়ালৈকে মোৰ পুত্ৰ চেলা ডাঙৰ নহয়, তেতিয়ালৈকে তুমি তোমাৰ পিতৃৰ ঘৰত বিধৱা হিচাবে থাকাগৈ।” কিয়নো তেওঁ ভাবিছিল, “কিজানি চেলাৰো ককায়েকহঁতৰ দৰে মৃত্যু হ’ব।” তাতে তামাৰে নিজৰ পিতৃৰ ঘৰত গৈ বাস কৰিলে।
12পাছত কালক্রমে যিহূদাৰ ভার্য্যা অর্থাৎ চুৱাৰ জীয়েকৰ মৃত্যু হ’ল। যিহূদাৰ শোক প্রকাশৰ দিন শেষ হোৱাত, যিহূদা আৰু তেওঁৰ অদুল্লমীয়া বন্ধু হীৰা তিম্নালৈ যিহূদাৰ মেৰ-ছাগৰ নোম কটা লোকসকলৰ ওচৰলৈ গ’ল।
13তেতিয়া কোনোৱে তামাৰক ক’লে, “শুনা, তোমাৰ শহুৰ দেউতাই নিজৰ মেৰৰ নোম কটাবলৈ তিম্নালৈ গৈছে।”
14তাকে শুনি তামাৰে বিধৱা-বস্ত্ৰ সোলোকাই থৈ, ওৰণিৰে মুখ ঢাকি, গাত কাপোৰ মেৰিয়াই ঐনয়িমৰ দুৱাৰমুখত বহি থাকিল; ঐনয়িম তিম্নালৈ যোৱা বাটৰ ওচৰত আছিল। কিয়নো তাই মন কৰিছিল যে, চেলা ডাঙৰ হোৱাটো তেওঁৰ সৈতে তাইক বিয়া নিদিলে।
15তেতিয়া যিহূদাই তাইক দেখি বেশ্যা বুলি জানিলে; কিয়নো তাই নিজ মুখ ঢাকি ৰাখিছিল।
16তাতে তেওঁ বাটৰ দাঁতিলৈ তাইৰ ওচৰলৈ গৈ, তাইক নিজ পো-বোৱাৰীয়েক বুলি নেজানি তাইক ক’লে, “আহাঁ, মই তোমাৰ লগত শয়ন কৰোঁ।” তাতে তামাৰে ক’লে, “মোৰ লগত শয়ন কৰাৰ বাবদ আপুনি মোক কি দিব?”
17তেওঁ ক’লে, “মোৰ জাকৰ পৰা এটা ছাগলী পোৱালি পঠাই দিম।” তাতে তাই ক’লে, “তাক পঠাই নিদিয়েমানে মোৰ ইয়াত কিবা বন্ধক ৰাখি যাবনে?”
18যিহূদাই ক’লে, “কি বন্ধক ৰাখিম?” তাই ক’লে, “জৰীডালেৰে সৈতে আপোনাৰ মোহৰটো আৰু আপোনাৰ হাতত থকা লাখুটিডাল ৰাখক।” তেতিয়া তেওঁ তাইক সেইবোৰ দি তাইৰ লগত শয়ন কৰিলে; তাৰফলত তাই তেওঁৰ দ্বাৰা গৰ্ভৱতী হ’ল।
19পাছত তামাৰে উঠি গুচি গ’ল আৰু ওৰণি গুচাই নিজৰ বিধৱা-বস্ত্ৰ পিন্ধিলে।
20যিহূদাই সেই মহিলাৰ হাতৰ পৰা বন্ধক মোকোলাই নিবলৈ, তেওঁৰ বন্ধু অদুল্লমীয়াৰ হাতত নিজৰ জাকৰ পৰা ছাগলী পোৱালিটো পঠাই দিলে। কিন্তু তেওঁ আহি তাইক নেপালে।
21তেতিয়া তেওঁ সেই ঠাইৰ লোকসকলক সুধিলে, “ঐনয়িমৰ বাটৰ ওচৰত যি মন্দিৰৰ দেৱদাসী আছিল, তাই ক’ত?” তেওঁলোকে ক’লে, “ইয়াত কোনো দেৱদাসী নাই।”
22তেতিয়া তেওঁ যিহূদাৰ ওচৰলৈ উভটি গৈ ক’লে, “মই তাইক বিচাৰি নাপালোঁ। সেই ঠাইৰ মানুহেও ক’লে যে, ‘তাত কোনো দেৱদাসী নাই’।”
23যিহূদাই ক’লে, “তেন্তে সেই বন্ধকৰ বস্তুবোৰ তাইৰ লগতে থাকক, নহলে আমাক লাজত পেলাব; মইতো ছাগলী পোৱালি পঠায়েই দিছিলোঁ, কিন্তু তুমি তাইক বিচাৰি নাপালা।”
24ইয়াৰ তিনি মাহৰ পাছত যিহূদাই এই খবৰ পালে যে, “আপোনাৰ বোৱাৰী তামাৰে ব্যভিচাৰ কৰিছে; ব্যভিচাৰত তাই গৰ্ভৱতীও হ’ল।” তেতিয়া যিহূদাই ক’লে, “তাইক উলিয়াই আনি পুৰি পেলোৱা হওঁক।”
25পাছে তাইক যেতিয়া বাহিৰলৈ অনা হ’ল, তাই শহুৰেকলৈ এই বার্তা পঠালে, “মোৰ গর্ভত যিজনৰ সন্তান আছে, এইবোৰ তেওঁৰ বস্তু।” তাই আৰু ক’লে, “দয়া কৰি এই জৰীৰে সৈতে মোহৰ আৰু লাখুটি কাৰ, তাক এবাৰ পৰীক্ষা কৰি চাওঁক।”
26তেতিয়া যিহূদাই সেইবোৰ চিনি পাই ক’লে, “তাই মোৰ তুলনাত অধিক ধাৰ্মিক; কিয়নো মই তাইক মোৰ পুত্ৰ চেলাৰ সৈতে বিয়া নিদিলোঁ।” তাৰ পিছত যিহূদাই আৰু তাইৰ সৈতে পুনৰ শয়ন নকৰিলে।
27পাছত তাইৰ প্ৰসৱৰ কাল ওচৰ হোৱাত দেখা গ’ল তামাৰৰ গৰ্ভত এহাল যঁজা ল’ৰা আছে।
28জন্ম হওঁতে, এটা সন্তানে তাৰ হাতখন বাহিৰ কৰিলে; তেতিয়া ধাত্ৰীয়ে এডাল ৰঙা সূতা লৈ তাৰ সেই হাতত বান্ধি ক’লে, “এইটোৰ জন্ম প্ৰথমে হৈছে।”
29কিন্তু সি যেতিয়া নিজৰ হাতখন ভিতৰলৈ সুমুৱাই নিলে, তেতিয়াই তাৰ ভায়েক প্রথমে বাহিৰ ওলাই আহিল; তাতে ধাত্ৰীয়ে ক’লে, “তুমি কেনেকৈ ভেদ ভাঙি ওলাই আহিলা!” এই কাৰণে তেওঁৰ নাম পেৰচ ৰখা হ’ল।
30পাছত হাতত ৰঙা সূতা বন্ধা তাৰ ভায়েক বাহিৰ হ’ল আৰু তাৰ নাম জেৰহ ৰাখিলে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath