খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

আদিপুস্তক 31

1পাছত যাকোবে শুনিলে, লাবনৰ পুতেকহঁতে এই কথা কৈ ফুৰিছে যে “যাকোবে আমাৰ পিতৃৰ সকলোবোৰ লৈছে আৰু আমাৰ পিতৃৰ সম্পদৰ পৰাহে সি ইমান ঐশ্বৰ্য্যশালী হৈছে।”

2যাকোবেও লক্ষ্য কৰিলে যে তেওঁৰ প্রতি লাবনৰ আগৰ সেই মনোভাৱ সলনি হৈছে।

3তেতিয়া যিহোৱাই যাকোবক ক’লে, “তুমি তোমাৰ পূর্বপুৰুষসকলৰ দেশলৈ, নিজৰ আত্মীয়সকলৰ ওচৰলৈ উভটি যোৱা; মই তোমাৰ সঙ্গী হ’ম।”

4তেতিয়া যাকোবে মানুহ পঠাই পথাৰত থকা নিজৰ জাকবোৰৰ ওচৰলৈ ৰাহেল আৰু লেয়াক মাতি আনিলে।

5যাকোবে তেওঁলোকক ক’লে, “মই লক্ষ্য কৰিছোঁ মোৰ প্রতি তোমালোকৰ পিতৃৰ মনোভাৱ সলনি হৈছে, কিন্তু মোৰ পিতৃৰ ঈশ্বৰ হ’লে মোৰ সংগে সংগে আছে।

6তোমালোকেতো জানাই যে মই মোৰ সকলো শক্তিৰে তোমালোকৰ পিতৃৰ সেৱা কার্য কৰিলোঁ।

7তথাপিও তোমালোকৰ পিতৃয়ে মোক প্রতাৰনা কৰিলে আৰু মোৰ বেচ দহ বাৰকৈ সলনি কৰিলে। যিয়েই নহওঁক, ঈশ্বৰে মোৰ কোনো ক্ষতি কৰিবলৈ তেওঁক নিদিলে।

8যেতিয়া তেওঁ কৈছিল, ‘ফুটুকা-ফুটুকী পশুবোৰ তোমাৰ বেচ হ’ব’, তেতিয়া জাকৰ সকলো পশুৱেই ফুটুকা-ফুটুকী পোৱালি জগালে; আকৌ, তেওঁ যেতিয়া কৈছিল, আঁচ থকা পশুবোৰ তোমাৰ বেচ হ’ব, তেতিয়া জাকৰ সকলো পশুৱেই আঁচ থকা পোৱালি জগালে।

9এইদৰেই ঈশ্বৰে তোমালোকৰ পিতৃৰ পশুবোৰ নি মোক দিলে।

10এবাৰ পশুবোৰ গাভিনী হোৱাৰ সময়ত মই এটা সপোন দেখিছিলোঁ। জাকৰ মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেই সকলোবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী।

11তেতিয়া সপোনতে ঈশ্বৰৰ দূতে মোক মাতিলে, ‘হে যাকোব।’ মই ক’লোঁ, ‘কওঁক, মই ইয়াতে আছোঁ।’

12ঈশ্বৰে ক’লে, সৌৱা, চকু তুলি চোৱা, মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেইবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী; কিয়নো লাবনে তোমালৈ যি যি কৰিছে, সেই সকলোকে মই দেখিছোঁ।

13ময়েই বৈৎএলৰ সেই ঈশ্বৰ, যি ঠাইত তুমি স্তম্ভৰ ওপৰত তেল ঢালি মোৰ ওচৰত সঙ্কল্প কৰি প্ৰতিজ্ঞা কৰিছিলা। এতিয়া এই ঠাই এৰি তোমাৰ জন্মস্থানলৈ উলটি যোৱা।”

14তাতে ৰাহেল আৰু লেয়াই তেওঁক ক’লে, “পিতৃৰ ঘৰত আমাৰ জানো কিবা ভাগ বা অধিকাৰ আছে?

15তেওঁ আমাক বিদেশীনীৰূপে গণ্য হোৱা নাই নে? কিয়নো তেওঁ আমাক বেচিলে আৰু বেচি পোৱা ধনকো তেওঁ গ্ৰাস কৰিলে।

16কাৰণ ঈশ্বৰে আমাৰ পিতৃৰ পৰা যি সকলো সম্পত্তি নিলে, সেই সকলোবোৰ এতিয়া নিশ্চয়ে আমাৰ আৰু আমাৰ সন্তান সকলৰ; গতিকে ঈশ্বৰে আপোনাক যি দৰে কৈছে আপুনি এতিয়া সেইদৰেই কৰক।”

17তেতিয়া যাকোবে উঠি, তেওঁৰ সন্তান আৰু ভার্য্যা দুগৰাকীক উটত উঠালে।

18তেওঁ পদ্দন-অৰামত উপাৰ্জিত নিজৰ পশুধনবোৰকে আদি কৰি সকলো সম্পত্তি লৈ যাত্রা আৰম্ভ কৰিলে। তেওঁ কনান দেশলৈ নিজৰ পিতৃ ইচহাকৰ ওচৰলৈ ৰাওনা হ’ল।

19সেই সময়ত লাবনে তেওঁৰ মেৰ-ছাগবোৰৰ নোম কাটিবৰ কাৰণে গৈছিল আৰু সেই সুযোগতে ৰাহেলে তেওঁৰ বাপেকৰ গৃহ-দেৱতাবোৰ চুৰ কৰি নিলে।

20যাকোবেও তেওঁৰ যোৱাৰ কথা অৰামীয়া লাবনক নজনাই তেওঁৰ প্রতি ছলনা কৰিলে।

21এইদৰে যাকোবে নিজৰ সকলো বয়-বস্তু লৈ পলাই গ’ল। তেওঁ সোনকালেই নদী পাৰ হৈ গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলৰ ফালে আগবাঢ়ি গ’ল।

22পাছত তৃতীয় দিনা লাবনে জানিব পাৰিলে যে যাকোব পলাই গ’ল।

23তেওঁ নিজৰ আত্মীয়স্বজনক লগত লৈ যাকোবৰ পাছে পাছে খেদি গৈ সাত দিনৰ পথ গ’ল আৰু গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁক লগ পালে।

24কিন্তু ঈশ্বৰে নিশা সপোনত অৰামীয়া লাবনৰ ওচৰলৈ আহি ক’লে, “সাৱধান, তুমি যাকোবক ভাল-বেয়া একোকে নক’বা।”

25যাকোবৰ তম্বু পাহাৰৰ ওপৰত তৰা আছিল আৰু তাতেই লাবনে গৈ যাকোবক লগ ধৰিলে। লাবন আৰু তেওঁৰ আত্মীয়স্বজনসকলেও গিলিয়দৰ পাহাৰীয়া অঞ্চলত তম্বু তৰিলে।

26পাছত লাবনে যাকোবক ক’লে, “তুমি এইয়া কি কৰিলা? কিয় মোক ঠগালা আৰু মোৰ ছোৱালীবোৰক যুদ্ধৰ বন্দীৰ দৰে লৈ আহিলা?

27কিয় চালাকি কৰি মোক নোকোৱাকৈ মনে মনে পলাই আহিলা? মোক কোৱা হ’লে আনন্দেৰে মই খঞ্জৰী আৰু বীণা-বাদ্যেৰে গান কৰি কৰি তোমালোকক বিদায় দিলোঁহেঁতেন?

28তুমি মোক মোৰ ছোৱালী আৰু নাতি-নাতিনীবোৰক বিদায় বেলাত চুমা খাবলৈকো নিদিলা। তুমি অজ্ঞানৰ দৰে কৰ্ম কৰিলা।

29তোমালোকৰ ক্ষতি কৰিবৰ ক্ষমতা মোৰ আছে, কিন্তু যোৱা ৰাতি তোমাৰ পিতৃৰ ঈশ্বৰে মোক এই কথা ক’লে, ‘সাৱধান, যাকোবক তুমি ভাল কি বেয়া একোকে নক’বা।’

30এতিয়া তুমি তোমাৰ পিতৃৰ ঘৰলৈ যাবলৈ ইচ্ছা কৰাৰ কাৰণে তুমি ওলাই গৈছা; কিন্তু মোৰ দেৱ-দেৱীবোৰক কিয় চুৰ কৰি আনিলা?”

31তাতে যাকোবে উত্তৰত লাবনক ক’লে, “মোৰ ভয় লাগিছিল; কিয়নো মই ভাবিছিলোঁ যে আপুনি আপোনাৰ ছোৱালীক মোৰ পৰা বলেৰে কাঢ়ি ল’ব আৰু সেইবাবে মই গোপনে পলাই আহিলোঁ।

32কিন্তু আপোনাৰ দেৱ-দেৱীবোৰক যেয়ে চুৰ কৰি আনিছে, সি জীয়াই নেথাকিব; আমাৰ বস্তুবোৰৰ মাজত যদি আপোনাৰ কিবা বস্তু আছে, তেন্তে আমাৰ উভয়ৰ আত্মীয়-স্বজনৰ সন্মুখতে তাক বিচাৰি লওঁক।” কিয়নো সেই দেৱ-দেৱীৰ মূর্তিবোৰ যে ৰাহেলে চুৰ কৰি আনিছিল, তাক যাকোবে জনা নাছিল।

33তেতিয়া লাবনে এটা এটাকৈ যাকোব, লেয়া আৰু দুজনী দাসীৰ তম্বুত সোমাল, কিন্তু তাত তেওঁ সেইবোৰ নাপালে; তেওঁ লেয়াৰ তম্বুৰ পৰা ওলাই ৰাহেলৰ তম্বুত সোমালগৈ।

34কিন্তু ৰাহেলে সেই মূর্তিবোৰ নি উটৰ গাদিৰ ভিতৰত সুমুৱাই থৈছিল আৰু তেওঁ নিজে সেই গাদিৰ ওপৰত বহি আছিল। লাবনে তম্বুৰ সকলো ঠাইতে তন্নতন্নকৈ বিচাৰিলে, কিন্তু তাতো সেইবোৰ নাপালে।

35ৰাহেলে বাপেকক ক’লে, “মই আপোনাৰ আগত উঠি থিয় হ’ব নোৱাৰাৰ কাৰণে মোৰ প্ৰভু ক্রোধিত নহব। কিয়নো মোৰ মাহেকীয়া হৈছে।” সেয়ে লাবনে বিচাৰিলতো সেই মূর্তিবোৰ নাপালে।

36তেতিয়া যাকোবৰ খং উঠিল আৰু লাবনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে। যাকোবে লাবনক ক’লে, “মোৰ অপৰাধেই বা কি আৰু মইনো কি পাপ কৰিলোঁ যে, আপুনি প্ৰজ্বলিত হৈ মোৰ পাছত খেদি আহিছে?

37মোৰ সকলো বস্তু তন্নতন্নকৈ খেপিয়াই চাই আপোনাৰ ঘৰৰ কি বস্তু পালে? যদিহে পালে, তাক ইয়াত, আমাৰ উভয়ৰ আত্মীয়স্বজনৰ আগত ৰাখক যাতে তেওঁলোকে আমাৰ দুয়ো পক্ষৰে মাজত বিচাৰ কৰিব পাৰে।

38মই আপোনাৰ লগত বিশ বছৰ ধৰি আছিলোঁ। এই কালছোৱাত আপোনাৰ কোনো মাইকী মেৰ-ছাগ বা ছাগলীৰ গর্ভফল বিনষ্ট হোৱা নাছিল নাইবা আপোনাৰ জাকৰ কোনো এটা মতা মেৰ-ছাগো মই মাৰি খোৱা নাছিলো।

39এনেকি বন্য জন্তুৱে মৰা কোনো পশুও মই আপোনাৰ ওচৰলৈ অনা নাছিলো; সেই ক্ষতি মই নিজেই বহন কৰিছিলোঁ; কিন্তু কোনো পশু চুৰ হ’লে - সেইয়া দিনতেই হওঁক বা ৰাতিয়েই হওঁক, আপুনি তাৰ ক্ষতিপূৰণ মোৰ পৰা আদায় কৰিছিল।

40মই দিনৰ গৰমত পুৰিছিলো আৰু ৰাতিৰ ঠাণ্ডাত কঁপিছিলো, মোৰ চকুত টোপনি নাছিল; তাত মোৰ অৱস্থা এয়ে আছিল।

41এই যি বিশ বছৰ মই আপোনাৰ ঘৰত আছিলোঁ, তাৰ চৌদ্ধ বছৰ মই আপোনাৰ দুজনী ছোৱালীৰ কাৰণে আপোনাৰ সেৱা কৰিছিলোঁ আৰু ছয় বছৰ কটালোঁ আপোনাৰ পশুজাকৰ পাছত। তাৰ মাজতে আপুনি মোৰ বেচ দহবাৰ সলনি কৰিলে।

42মোৰ পিতৃ ঈশ্বৰ, যিজন অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ভয়ৰ পাত্র, তেওঁ মোৰ সঙ্গী নোহোৱা হলে, আপুনি নিশ্চয়ে মোক আজি শুদা-হাতেই বিদায় দিলেহেঁতেন। ঈশ্বৰে মোৰ দুখ আৰু কঠোৰ পৰিশ্ৰমলৈ দৃষ্টি কৰিলে। সেইবাবেই যোৱা ৰাতি তেওঁ আপোনাক ধমকি দিলে।”

43এই কথাত লাবনে যাকোবক উত্তৰ দি ক’লে, “ছোৱালীকেইজনী মোৰেই ছোৱালী, সন্তানবোৰ মোৰ নাতি-নাতিনী আৰু এই পশুৰ জাকবোৰো মোৰ পশুৰ জাক। তুমি যি সকলো দেখিছা, সেই সকলোবোৰ মোৰেই। তথাপিও মই আজি মোৰ এই ছোৱালী বা সিহঁতৰ সন্তানবোৰলৈ কি কৰিব পাৰোঁ?

44সেয়ে এতিয়া আহাঁ, আমি দুজনে এটি চুক্তি কৰোঁহক যি তোমাৰ আৰু মোৰ মাজত সাক্ষী হৈ থাকিব।”

45তেতিয়া যাকোবে এটা শিল আনি তাক স্তম্ভস্বৰূপে স্থাপন কৰিলে।

46যাকোবে তেওঁৰ আত্মীয়সকলক ক’লে “আপোনালোকে শিলবোৰ গোটাওক।” তেতিয়া তেওঁলোকে শিলবোৰ আনি এটা স্তূপ বনালে আৰু সকলোৱে সেই স্তূপৰ কাষতে ভোজনপান কৰিলে।

47লাবনে সেই স্তূপৰ নাম যিগৰ-চাহদুথা ৰাখিলে; কিন্তু যাকোবে হ’লে, তাৰ নাম গলেদ ৰাখিলে।

48তেতিয়া লাবনে ক’লে, “এই স্তূপেই আজি তোমাৰে মোৰে মাজত সাক্ষী হৈছে।” এই হেতুকে এই স্তূপৰ নাম গলেদ ৰখা হ’ল।

49তাৰ উপৰি ইয়াৰ নাম মিস্পাও ৰখা হ’ল, কিয়নো লাবনে ক’লে, “আমি ইজনে সিজনে চকুৰ আঁতৰা-আঁতৰি হ’লে, যিহোৱাই তোমাৰ আৰু মোৰ মাজত পৰ দি থাকক।

50তুমি যদি মোৰ ছোৱালী দুজনীক বেয়া ব্যৱহাৰ কৰা নাইবা মোৰ ছোৱালীবোৰ থকাতো আন মহিলাক গ্রহণ কৰা, তেতিয়া যদিও আমাৰ ওচৰত কোনো মানুহ নাথাকিব, কিন্তু মনত ৰাখিবা ঈশ্বৰ তোমাৰ আৰু মোৰ মাজত সাক্ষী হৈ থাকিব।”

51লাবনে যাকোবক আৰু ক’লে, “এই স্তূপটোলৈ চোৱা আৰু এই যি স্তম্ভটো মই তোমাৰ আৰু মোৰ মাজত স্থাপন কৰিলোঁ, তাৰ ফালেও চোৱা;

52এই স্তূপ আৰু স্তম্ভ দুয়োটাই এই কথাৰ সাক্ষী হৈ থাকিল যে, এই স্তূপ পাৰ হৈ মই তোমাৰ অপকাৰ কৰিবলৈ নাযাওঁ আৰু তুমিও এই স্তূপ আৰু স্তম্ভ পাৰ হৈ মোৰ অপকাৰ কৰিবলৈ নাহিবা।

53তেনে কৰিলে অব্ৰাহামৰ ঈশ্বৰ আৰু নাহোৰ ও তেওঁলোকৰ পিতৃৰো ঈশ্বৰে যেন আমাৰ বিচাৰ কৰে।” তেতিয়া যাকোবে তেওঁৰ পিতৃ ইচহাকে ভয় ৰখা ঈশ্বৰৰ নামেৰে শপত খালে।

54তাৰ পাছত যাকোবে সেই পৰ্ব্বতত পশুবলি উৎসর্গ কৰিলে আৰু তেওঁৰ আত্মীয়সকলক ভোজন কৰিবলৈ মাতিলে; তাতে তেওঁলোকে ভোজন কৰি সেই পৰ্ব্বততে ৰাতিটো কটালে।

55পাছদিনা পুৱাতে উঠি লাবনে তেওঁৰ জীয়েক আৰু নাতি-নাতিনীক চুমা খাই আশীৰ্ব্বাদ কৰিলে। তাৰ পাছত লাবনে প্ৰস্থান কৰি নিজৰ ঘৰলৈ উভটি গ’ল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath