আদিপুস্তক 27
1ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।”
2তেতিয়া ইচহাকে ক’লে, “চোৱা, মই বৃদ্ধ হৈছোঁ আৰু কোন দিনা যে মৰিম, তাকো নাজানো।
3সেয়ে, তোমাৰ অস্ত্ৰ-শস্ত্ৰ, তীৰ-ধনু লৈ চিকাৰলৈ যোৱা আৰু মোৰ বাবে পহু মাৰি আনাগৈ।
4মৃত্যুৰ আগতে মই তোমাক আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে মই ভাল পোৱা সু-স্বাদু আহাৰ মোলৈ যুগুত কৰি আনা।”
5তাৰ পাছত এচৌৱে পহু মাৰি আনিবৰ বাবে চিকাৰলৈ গ’ল। ইচহাকে যেতিয়া এইবোৰ কথা তেওঁৰ পুত্ৰ এচৌক কৈছিল, তেতিয়া ৰিবেকাই শুনি আছিল।
6ৰিবেকাই তেওঁৰ প্রিয়পুত্ৰ যাকোবক ক’লে, “চোৱা, তোমাৰ পিতৃয়ে তোমাৰ ককায়েৰা এচৌক এইবুলি কোৱা মই শুনা পালোঁ;
7‘মোৰ মৃত্যুৰ আগতে, তোমাক যিহোৱাৰ উপস্থিতিত আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে তুমি পহু মাৰি আনি মোৰ বাবে সু-স্বাদু আহাৰ যুগুত কৰা।’
8সেয়ে বোপা, এতিয়া মই যি কথা কওঁ, তাক মানি তুমি সেইদৰে কৰা।
9তুমি পশুৰ জাকলৈ গৈ, তাৰ পৰা দুটা উত্তম ছাগলী পোৱালি মোৰ ওচৰলৈ লৈ আনা; তাৰে মই তোমাৰ পিতৃয়ে যেনেকৈ ভাল পায়, তেনেদৰেই সু-স্বাদু আহাৰ তেওঁৰ কাৰণে ৰান্ধি দিম।
10মৃত্যুৰ পূর্বেই তোমাক আশীৰ্ব্বাদ কৰিবৰ কাৰণে, সেই আহাৰ তুমি পিতৃক খোৱাবলৈ তেওঁৰ কাষলৈ লৈ যাবা।”
11তেতিয়া যাকোবে তেওঁৰ মাক ৰিবেকাক ক’লে, “মোৰ ককাই এচৌ এজন নোমাল মানুহ; কিন্তু মই হ’লে এজন মসৃণ ছালৰ মানুহ।
12কিজানি মোৰ পিতৃয়ে মোক চুই চাব আৰু তেওঁৰ আগত মই এজন প্ৰবঞ্চক হ’ম; তাতে মই নিজলৈ আশীৰ্ব্বাদ নানি এক অভিশাপহে আনিম।”
13তাতে মাকে তেওঁক ক’লে, “মোৰ বোপা, সেই শাও মোৰ ওপৰতে পৰক; তুমি কেৱল মোৰ কথা মানি ছাগলী আনাগৈ।”
14তেতিয়া যাকোবে গৈ ছাগলী পোৱালিবোৰ আনি মাকক দিলেহি আৰু মাকে তেওঁৰ পিতৃয়ে ভাল পোৱাকৈ সু-স্বাদু আহাৰ যুগুত কৰিলে।
15তাৰ পাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে।
16যাকোবৰ হাত আৰু ডিঙিৰ মসৃণ অংশত সেই ছাগলী পোৱালি দুটাৰ ছালবোৰ লগাই দিলে
17সেই সু-স্বাদু আহাৰ আৰু পিঠা নিজে যুগুত কৰা তেওঁৰ পুত্ৰ যাকোবৰ হাতত দিলে।
18যাকোবে পিতৃৰ ওচৰলৈ গৈ মাত দিলে, “হে মোৰ পিতৃ।” ইচহাকে ক’লে, “মই ইয়াতে আছোঁ; বোপা, তুমিনো কোন?”
19যাকোবে পিতৃক ক’লে, “মই আপোনাৰ বৰ পুত্র এচৌ; আপুনি মোক কোৱাৰ দৰে মই কৰিলোঁ; এতিয়া উঠি বহক আৰু মাংস ভোজন কৰক যাতে আপুনি মোক আশীৰ্ব্বাদ কৰিব পাৰে।”
20তেতিয়া ইচহাকে নিজ পুত্ৰক সুধিলে, “বোপা, তুমি কেনেকৈ তাক ইমান সোনকালে পালা?” তেওঁ ক’লে, “কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱায়েই তাক মোলৈ আনিলে।”
21ইচহাকে যাকোবক পুনৰ ক’লে, “মোৰ ওচৰলৈ চাপি আহাঁ বোপা; তুমি সঁচায়েই মোৰ পুত্ৰ এচৌ হোৱানে নোহোৱা, তাক জানিবলৈ মই তোমাক যেন চুই চাব পাৰোঁ।”
22তাতে যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ চাপি গ’ল; তেতিয়া ইচহাকে তেওঁক চুই চাই ক’লে, “মাত-কথা যাকোবৰ, কিন্তু হাত হ’লে এচৌৰ।”
23ইচহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে।
24তেওঁ ক’লে, “তুমি সচাঁকৈয়ে মোৰ পুত্ৰ এচৌ হোৱানে?” যাকোবে ক’লে, “হয়, মইয়ে হওঁ।”
25তেতিয়া ইচহাকে ক’লে, “মোৰ ওচৰলৈ আহাৰখিনি আনা; তুমি চিকাৰ কৰি অনা মাংস খাই মই তোমাক আশীৰ্ব্বাদ কৰোঁ।” তাতে যাকোবে আহাৰখিনি আনি দিলে আৰু ইচহাকে তাক ভোজন কৰিলে। তাৰ পাছত যাকোবে দ্ৰাক্ষাৰসো আনি দিয়াত, তেওঁ তাকো পান কৰিলে।
26তাৰ পাছত তেওঁৰ পিতৃ ইচহাকে তেওঁক ক’লে, “বোপা, ওচৰলৈ আহি তুমি মোক চুমা খোৱাহি।”
27যাকোবে ওচৰলৈ গৈ ইচহাকক চুমা খালে আৰু ইচহাকে তেওঁৰ গাৰ কাপোৰৰ গোন্ধ পাই তেওঁক আশীৰ্ব্বাদ কৰি ক’লে, “চোৱা, মোৰ পুত্ৰৰ গোন্ধ যিহোৱাই আশীৰ্ব্বাদ কৰা এক ক্ষেত্ৰৰ দৰে এই গোন্ধ।
28ঈশ্বৰে যেন তোমাক আকাশৰ নিয়ৰৰ এক অংশ দিয়ে, পৃথিৱীৰ উৰ্ব্বৰতাৰ এক অংশ দিয়ে, আৰু প্রচুৰ শস্য আৰু নতুন দ্ৰাক্ষাৰস দিয়ে।
29লোক সকলে তোমাৰ সেৱা কৰক আৰু জাতিবোৰে তোমাৰ আগত প্ৰণিপাত কৰক। তোমাৰ ভাইসকলৰ ওপৰত তুমি প্ৰভুত্ব কৰা, আৰু তোমাৰ মাতৃৰ সন্তান সকলে তোমাক প্ৰণিপাত কৰক। যিসকলে তোমাক শাও দিব, তেওঁলোক অভিশপ্ত হওঁক; যিসকলে তোমাক আশীৰ্ব্বাদ কৰিব, তেওঁলোক আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।”
30ইচহাকে যাকোবক আশীৰ্ব্বাদ দি শেষ কৰিলে আৰু যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই, তেওঁৰ ককায়েক এচৌ চিকাৰৰ পৰা ঘূৰি আহি পালেহি।
31তেৱোঁ সুস্বাদু আহাৰ ৰান্ধি বাপেকৰ ওচৰলৈ আনি ক’লে, “হে পিতৃ, উঠক আৰু আপোনাৰ পুত্রই চিকাৰ কৰি অনা মাংস ভোজন কৰি মোক আশীৰ্ব্বাদ কৰক।”
32তেতিয়া তেওঁৰ পিতৃ ইচহাকে তেওঁক সুধিলে, “তুমি কোন?” এচৌৱে ক’লে, “মই আপোনাৰ বৰপুত্ৰ এচৌ।”
33এই কথা শুনি ইচহাকৰ শৰীৰত কঁপনি উঠিল। তেওঁ সুধিলে, “তেন্তে যিটোৱে মোৰ ওচৰলৈ চিকাৰৰ মঙহ আনিছিল, সি কোন? তুমি অহাৰ আগেয়েই মই সেই সকলোকে খালোঁ আৰু তাক আশীৰ্ব্বাদো কৰিলোঁ; সেই আশীর্বাদৰ ফলও অৱশ্যেই সিয়ে পাব।”
34বাপেকৰ এই কথা শুনি এচৌ শোকত ভাগি পৰিল আৰু হুৰাওৰাৱে কান্দি কান্দি বাপেকক ক’লে, “পিতৃ, মোক, মোকো আশীৰ্ব্বাদ কৰক।”
35তেওঁ ক’লে, “তোমাৰ ভায়েৰাই আহি ছল কৰি তুমি পাবলগীয়া আশীৰ্ব্বাদ লৈ গ’ল।”
36তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?”
37তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলোঁ; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?”
38তেতিয়া এচৌৱে আকৌ বাপেকক কাকুতি-মিনতি কৰি ক’লে, “হে পিতৃ, মোৰ কাৰণে আপোনাৰ ওচৰত এটাও আশীর্বাদ নাইনে? হে মোৰ পিতৃ, আপুনি মোক, মোকো আশীৰ্ব্বাদ কৰক।” এইদৰে কৈ এচৌৱে বৰকৈ কান্দিব ধৰিলে।
39পাছে তেওঁৰ বাপেক ইচহাকে উত্তৰ দি ক’লে, “চোৱা, যি ঠাইত তুমি বাস কৰিবা সেই ভূমি উর্বৰ নহ’ব; তাত আকাশৰ পৰা নিয়ৰ নপৰিব।
40তুমি নিজৰ তৰোৱালৰ দ্বাৰাই জীবা, তুমি তোমাৰ ভাইৰ সেৱা কৰিবা; কিন্তু যেতিয়া তুমি বিদ্রোহী হৈ উঠিবা, তেতিয়া তুমি তোমাৰ ডিঙিৰ পৰা তাৰ যুৱলি জোকাৰি পেলাবা।”
41পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।”
42বৰপুতেক এচৌৰ এই সকলো কথা ৰিবেকাই জানিব পাৰিলে আৰু সেয়ে তেওঁ মানুহ পঠাই সৰু পুতেক যাকোবক মতাই আনি ক’লে, “শুনা, তোমাৰ ককায়েৰা এচৌৱে তোমাক বধ কৰাৰ মন্ত্রণাৰে নিজকে নিজে শান্ত্বনা দিছে।
43সেইবাবে বোপা, তুমি মোৰ কথা শুনা। এতিয়া তুমি হাৰণত থকা মোৰ ককাই লাবনৰ ওচৰলৈকে পলাই যোৱা।
44তোমাৰ ককাইৰ খং মাৰ নেযায় মানে তুমি তেওঁৰ লগতে কিছুদিন থাকাগৈ।
45তোমাৰ প্রতি তোমাৰ ককায়েৰাৰ খং মাৰ নোযোৱা পর্যন্ত আৰু তুমি তেওঁলৈ যি কৰিলা তাক তেওঁ পাহৰি নোযোৱালৈকে তুমি তেওঁৰ লগত কিছুদিন থাকা; পাছত মানুহ পঠাই মই তোমাক তাৰ পৰা ঘূৰাই আনিম; কিয় মই একেদিনাই তোমালোক দুয়োকো হেৰুৱাম?”
46পাছত ৰিবেকাই ইচহাকক ক’লে, “এই হিত্তীয়া ছোৱালীবোৰৰ কাৰণে মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে। তাৰ উপৰি যাকোবেও যদি এই দেশৰে কোনো হিত্তীয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ?”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath