আদিপুস্তক 19
1সেইদিনা সন্ধিয়া দুজন দূত চদোম নগৰলৈ আহিল। লোট তেতিয়া চদোম নগৰৰ প্রৱেশ দুৱাৰত বহি আছিল। তেওঁলোকক দেখা পাই লোটে উঠি সাক্ষাৎ কৰিবলৈ গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
2তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।”
3কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমীৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে।
4কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল’ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি।
5তেওঁলোকে লোটক মাতি ক’লে, “আজি ৰাতি যি কেইজন লোক তোমাৰ ইয়াত সোমাল, তেওঁলোক ক’ত আছে? তেওঁলোকক আমাৰ ওচৰলৈ উলিয়াই আনা; আমি সিহঁতৰ পৰিচয় লওঁ।”
6তেতিয়া লোটে দুৱাৰৰ বাহিৰত ওলাই গৈ দুৱাৰখন জপাই ক’লে,
7“হে ভাইসকল, মই বিনয় কৰিছোঁ, আপোনালোকে এনে কু-আচৰণ নকৰিব;
8চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।”
9তেতিয়া তেওঁলোকে ক’লে, “যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!” তেওঁলোকে আকৌ ক’লে, “এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ’বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।” এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ’ল।
10তেতিয়া সেই দুজন পুৰুষে হাত মেলি লোটক ঘৰৰ ভিতৰলৈ টানি নিলে আৰু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে;
11তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।
12তাৰ পাছত সেই লোক দুজনে লোটক সুধিলে, “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নেকি? তোমাৰ জোঁৱাই, পো, জী বা কোনো আত্মীয়-স্বজন আদি কৰি যিসকল লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিয়াই লৈ যোৱা।
13কিয়নো আমি এই নগৰ ধ্বংস কৰিবৰ কাৰণে যুগুত হৈছোঁ। যিহোৱাৰ আগত এই ঠাইৰ লোকসকলৰ বিৰুদ্ধে ভীষণ হৈ চৈ হৈছে আৰু সেইবাবে তেওঁ তাক ধ্বংস কৰিবলৈ আমাক পঠাইছে।”
14তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে।
15তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ’ব।”
16লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। কিন্তু যিহোৱাৰ দয়া তেওঁৰ ওপৰত থকা কাৰণে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ ভার্য্যাক আৰু দুজনী জীয়েককো হাতত ধৰি টানি নগৰৰ বাহিৰলৈ উলিয়াই আনিলে।
17সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”
18তেতিয়া লোটে তেওঁলোকক ক’লে, “নহয়, হে মোৰ প্ৰভু, তেনে নকব!
19চাওঁক, আপোনালোকৰ দৃষ্টিত আপোনালোকৰ এই দাসে অনুগ্ৰহ পাইছো আৰু মোৰ জীৱন ৰক্ষা কৰাত আপোনালোকে মোলৈ দয়াও দেখুৱালে; কিন্তু মই পাহাৰটোলৈ পলাই যাব নোৱাৰোঁ; কিয়নো মই গৈ পোৱাৰ আগেয়ে হয়তো সেই বিপদ আহি পৰিব আৰু মই মৰিম।
20চাওঁক, পলাই যাবলৈ হ’লে যথেষ্ট কাষতে সেইখন সৰু চহৰ আছে। প্রাণ ৰক্ষাৰ বাবে মোক তালৈকে পলাই যাবলৈ দিয়ক। ই জানো সৰু নহয়? তাতেই মোৰ প্ৰাণ ৰক্ষা পৰিব।”
21তেতিয়া দূতে ক’লে, “বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলোঁ। যি চহৰখনৰ কথা তুমি ক’লা, তাক মই ধ্বংস নকৰোঁ;
22কিন্তু সোনকাল কৰা! বেগাই সেই ঠাইলৈকে পলোৱা; কিয়নো তুমি সেই ঠাই নোপোৱালৈকে, মই একো কৰিব নোৱাৰোঁ।” সেয়ে সেই চহৰখনৰ নাম হ’ল চোৱৰ ।
23লোটে যেতিয়া চোৱৰ গৈ পালে তেতিয়া সূৰ্য উদয় হৈছিল।
24তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে।
25তেওঁ সেই নগৰকেইখন, গোটেই সমথল, নগৰৰ সকলো লোক আৰু ভূমিত গজা সকলো বস্তুকে বিনষ্ট কৰিলে।
26কিন্তু পাছত গৈ থকা লোটৰ ভার্য্যাই পাছফালে উভটি চালে, তাতে তেওঁ লোণৰ এটা স্তম্ভ হৈ গ’ল।
27অব্ৰাহামে অতি পুৱাতে উঠি যি ঠাইত পূৰ্বতে যিহোৱাৰ সন্মুখত থিয় হৈছিল, সেই ঠাইলৈ গ’ল।
28তেওঁ তলৰ ফালে চদোম, ঘমোৰা আৰু গোটেই সমতল ভূমিলৈ চাই দেখিলে যে অগ্নিকুণ্ডৰ ধুঁৱাৰ দৰে সেই সকলো ঠাইৰ পৰা ধুঁৱা উঠিছে।
29যেতিয়া ঈশ্বৰে সমথলৰ নগৰবোৰ বিনষ্ট কৰিলে, তেতিয়া ঈশ্বৰে অব্ৰাহামক সোঁৱৰণ কৰিলে; তেওঁ লোটে য’ত বাস কৰিছিল, সেই নগৰবোৰৰ ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই পঠালে।
30পাছত লোটৰ চোৱৰত থাকিবলৈ সাহস নহ’ল আৰু সেয়ে তেওঁ জীয়েক দুজনীক লগত লৈ চোৱৰৰ পৰা ওলাই পাহাৰত বাস কৰিবলৈ উঠি গ’ল; তাত তেওঁ জীয়েক দুজনীৰে সৈতে এটা গুহাত বাস কৰিলে।
31পাছত ডাঙৰ জীয়েকে সৰু জনীক ক’লে, “আমাৰ পিতৃ বৃদ্ধ হৈ গৈছে। এই এলেকাত এনে কোনো পুৰুষ নাই যেয়ে পৃথিৱীৰ নিয়ম অনুসাৰে আমাৰ লগত সম্বন্ধ কৰিব পাৰে।
32আহাঁ, আমি আমাৰ পিতৃক দ্ৰাক্ষাৰস পান কৰাই তেওঁৰ লগত শয়ন কৰোঁহক। তাতে আমি আমাৰ পিতৃৰ বংশ ৰক্ষা কৰিব পাৰিম।”
33সেই কথা অনুসাৰে সেইদিনা ৰাতি তেওঁলোকে বাপেকক দ্ৰাক্ষাৰস পান কৰাই মতলীয়া কৰিলে। তাৰ পাছত ডাঙৰজনীয়ে সোমাই গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া তাই শুলে আৰু কেতিয়ানো উঠি গ’ল লোটে গমকে নাপালে।
34পাছদিনা ডাঙৰজনীয়ে সৰু জনীক ক’লে, “শুনা, যোৱাকালি ৰাতি মই পিতৃৰ লগত শয়ন কৰিলোঁ; আহাঁ আজি ৰাতিও আমি পিতৃক দ্ৰাক্ষাৰস পান কৰাওঁ আৰু তুমি সোমাই গৈ তেওঁৰ লগত শয়ন কৰিবা। তাতে পিতৃৰ পৰা আমি আমাৰ বংশ ৰক্ষা কৰিব পাৰিম।”
35এইদৰে সেইদিনা ৰাতিও তেওঁলোকে নিজৰ বাপেকক দ্ৰাক্ষাৰস পান কৰালে আৰু সৰু জীয়েকে গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া যে তেওঁৰ ওচৰত শুলে আৰু কেতিয়ানো উঠি গ’ল, তাক লোটে গম নাপালে।
36এইদৰে লোটৰ দুয়ো জনী জীয়েক নিজ বাপেকৰ দ্বাৰা গৰ্ভৱতী হ’ল।
37পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ।
38পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ’ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath