আদিপুস্তক 15
1এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।”
2অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”
3অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।”
4তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল; তেওঁ ক’লে, “নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ’ব। কিন্তু তোমাৰ ঔৰসত জন্মা জনহে তোমাৰ উত্তৰাধিকাৰী হ’ব।”
5তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”
6তেতিয়া অব্রামে যিহোৱাত বিশ্বাস কৰিলে আৰু যিহোৱাই অব্রামৰ বিশ্বাসক তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণ্য কৰিলে।
7পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।”
8তেতিয়া তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মই কেনেকৈ জানিম যে এই দেশখন মোৰ অধিকাৰত আহিব?”
9তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা মেৰ-ছাগ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।”
10অব্রামে সেই সকলোকে আনি সেইবোৰক দুফালকৈ কাটি প্রতিডোখৰ টুকুৰা তাৰ অন্য টুকুৰাৰ বিপৰীতে সজাই ৰাখিলে; কিন্তু চৰাইবোৰ হ’লে তেওঁ দুফাল নকৰিলে।
11পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে।
12পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।
13তেতিয়া তেওঁ অব্ৰামক ক’লে, “তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্রবাসী হৈ দাস হ’ব আৰু চাৰিশ বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব।
14তেওঁলোকে যি জাতিৰ বন্দীকাম কৰিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম আৰু পাছত তেওঁলোকে অধিক সম্পত্তিৰে সৈতে বাহিৰ হৈ আহিব।
15কিন্তু তুমি শান্তিৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ যাবা; অতি বৃদ্ধ অৱস্থাত তোমাক মৈদাম দিয়া হ’ব।
16তোমাৰ চতুৰ্থ প্রজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব; কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমোৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই।”
17বেলি মাৰ গৈ যেতিয়া আন্ধাৰ হ’ল তেতিয়া জুইৰ এক ধোঁৱাময় চুলা আৰু এক জ্বলন্ত মশাল দেখা গ’ল। সেইবোৰ সেই মঙহৰ টুকুৰাবোৰৰ মাজেদি পাৰ হৈ গ’ল।
18সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদী ৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।
19তাৰ মাজত থাকিব কেনীয়া, কনিজ্জীয়া, কদমোনীয়া,
20হিত্তীয়া, পৰিজ্জীয়া, ৰফায়ীয়া,
21ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবুচীয়া।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath