ইজ্ৰা 7
1এই সকলো হোৱাৰ পাছত, ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ সময়ত ইজ্ৰাৰ বংশধৰসকল, চৰায়া, অজৰিয়া, হিল্কিয়া,
2চল্লুম, চাদোক, অহীটুব,
3অমৰিয়া, অজৰিয়া, মৰায়োৎ,
4জৰহীয়া, উজ্জী, বুক্কী,
5অবীচুৱা, পীনহচ, ইলিয়াজৰ, তাৰ পাছত হাৰোণ প্রধান পুৰোহিত।
6ইজ্ৰা বাবিল ত্যাগ কৰিলে। ঈশ্বৰ যিহোৱাই ইস্রায়েলক দিয়া মোচিৰ বিধান-পুস্তকৰ তেওঁ এজন পাৰ্গত অধ্যাপক আছিল। তেওঁ যি বস্তুৱেই খুজিছিল ৰজাই তেওঁক দিছিল, কাৰণ ঈশ্বৰ যিহোৱা তেওঁৰ লগত আছিল।
7ইস্ৰায়েলৰ বংশধৰ সকলৰ কিছুমানক, আৰু পুৰোহিতসকল, লেবীয়াসকল, মন্দিৰৰ গায়কসকল, দুৱৰীসকল, আৰু যি সকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোকো ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্ৱৰ সপ্তম বছৰত যিৰূচালেমলৈ গৈছিল।
8ইজ্রা সেই একে বছৰৰ পঞ্চম মাহত যিৰূচালেমলৈ গৈ পালে।
9তেওঁ প্ৰথম মাহৰ, প্ৰথম দিনা বাবিল ত্যাগ কৰিছিল। তেওঁৰ ওপৰত ঈশ্বৰৰ দৃষ্টি মঙ্গলময় আছিল আৰু পঞ্চম মাহৰ প্ৰথম দিনা তেওঁ যিৰূচালেমলৈ গৈ পাইছিল।
10ইজ্ৰা যিহোৱাৰ বিধান-পুস্তকৰ আজ্ঞাবোৰ অধ্যয়ন আৰু পালন কৰিবলৈ, বিধান-প্রণালী আৰু আজ্ঞাবোৰ শিকাবলৈ নিজৰ মন স্থিৰ কৰিলে।
11ৰজা অৰ্তক্ষত্ৰ ইস্ৰায়েলৰ আজ্ঞাবোৰৰ আৰু বিধানৰ অধ্যাপক পুৰোহিত ইজ্ৰাক দিয়া আজ্ঞা এইখন:
12“স্বৰ্গৰ ঈশ্বৰৰ বিধান-পুস্তকৰ অধ্যাপক পুৰোহিত ইজ্ৰালৈ ৰজাৰো ৰজা অৰ্তক্ষত্ৰৰ নমস্কাৰ।
13মই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্য ইস্রায়েলৰ পৰা কোনো এজন লোকে, তেওঁলোকৰ পুৰোহিত ও লেবীয়াসকলৰ লগত যি জনে নিজৰ ইচ্ছাৰে যিৰূচালেমলৈ যাব খোজে, তেওঁলোকে আপোনাৰ লগত যাব পাৰে।
14ঈশ্ৱৰৰ বিধান অনুসাৰে যিহূদা আৰু যিৰূচালেমৰ বিষয়ে সম্পূৰ্ণকৈ বুজি-বিচাৰ ল’বলৈ মই, ৰজাই আৰু মোৰ সাতজন পৰামৰ্শদাতাই আপোনাক পঠালোঁ।
15তেওঁলোকে মুক্তভাৱে যিৰূচালেমত থকা ইস্রায়েলৰ ঈশ্ৱৰক, আৰু তেওঁৰ গৃহৰ বাবে দিয়া ৰূপ আৰু সোণ,
16লগতে লোক সমূহৰ যোগেদি আৰু পুৰোহিত সকলৰ দ্বাৰাই মুক্তভাৱে যিৰূচালেমৰ ঈশ্বৰৰ গৃহৰ বাবে দিয়া দান আৰু বাবিলৰ লোকসকলে দিয়া সকলো ৰূপ আৰু সোণ লগত লৈ আহিব।
17সেয়ে আপুনি ষাঁড়-গৰু, মতা মেৰ-ছাগ, আৰু মেৰ-ছাগ পোৱালিবোৰ, ভক্ষ্য ও পেয়-নৈবেদ্যৰ বাবে কিনক। যিৰূচালেমত থকা আপোনাৰ ঈশ্বৰৰ গৃহৰ যজ্ঞ-বেদিৰ ওপৰত সেই বোৰ উৎসৰ্গ কৰিব।
18অৱশিষ্ট থকা ৰূপ আৰু সোণেৰে আপুনি আৰু আপোনাৰ ভাইসকলে আপোনালোকৰ ঈশ্বৰৰ ইচ্ছা অনুসাৰে যি কৰিবলৈ ভাল দেখে তাকে কৰিব।
19আপোনাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে আপোনাক মুক্তভাৱে দিয়া বস্তুবোৰ যিৰূচালেমত ঈশ্বৰৰ সাক্ষাতে দি দিব।
20তাৰ বাহিৰে আপোনাৰ ঈশ্বৰৰ গৃহৰ কাৰণে যি প্রয়োজনীয় বাকী থাকিব, সেইবোৰ মোৰ ৰাজভঁৰালৰ পৰা খৰচ কৰি কিনি ল’ব।
21মই ৰজা অৰ্তক্ষত্ৰই নদীৰ সিপাৰে থকা সকলো কোষাধ্যক্ষক আজ্ঞা দিছোঁ যে, ‘ইজ্ৰাই তোমালোকৰ পৰা যি বস্তু খুজিব, তোমালোকে তেওঁক সম্পূৰ্ণকৈ দিবা।
22এশ কিক্কৰলৈকে ৰূপ, এশ কোৰলৈকে ঘেঁহু, এশ বটললৈকে দ্রাক্ষাৰস, আৰু এশ বটললৈকে তেল, আৰু অপৰিমিতৰূপে লোণ দিব।
23স্বৰ্গৰ ঈশ্বৰৰ আজ্ঞাৰ পৰা অহা যিকোনো বস্তু তেওঁৰ গৃহৰ অৰ্থে ভক্তিভাৱে ব্যৱহাৰ কৰিব লাগে; কাৰণ তেওঁৰ ক্রোধ মোৰ আৰু মোৰ পুত্ৰসকলৰ ৰাজ্যৰ ওপৰত আনিম?
24আমি তেওঁলোকক জনাইছোঁ যে, পুৰোহিত, লেবীয়া, বাদ্যকৰ, দুৱৰী, বা মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা লোকসকল আৰু ঈশ্বৰৰ গৃহৰ দাসবোৰৰ মাজৰ কাৰো ওপৰতেই কোনো প্রকাৰৰ কৰ-কাটল ধাৰ্য্য কৰা নহ’ব’।
25হে ইজ্ৰা, আপোনাৰ ঈশ্বৰে আপোনাক দিয়া জ্ঞানেৰে, ঈশ্বৰৰ বিধান জনা এজনক শাসনকৰ্ত্তা আৰু বিচাৰকৰ্ত্তা নিযুক্ত কৰা উচিত, কাৰণ তেতিয়া তেওঁ নদীৰ সিপাৰে থকা লোকসকলক সেৱা কৰিব পাৰিব, আৰু যি সকলে বিধান নাজানে তেওঁলোকক নিশ্চয় শিকোৱাও প্রয়োজন।
26যি কোনোৱে ঈশ্বৰৰ বিধান বা ৰজাৰ বিধান সম্পূৰ্ণকৈ পালন নকৰে, তেওঁক প্ৰাণদণ্ডৰ দ্ৱাৰাই বা দেশান্তৰ কৰাৰ দ্ৱাৰাই বা সম্পত্তি আটক কৰণৰ দ্ৱাৰাই, বা বন্দী কৰাৰ দ্ৱাৰাই শাস্তি দিয়া হওক।”
27আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে,
28আৰু তেৱেঁই ৰজাৰ, তেওঁৰ পৰামৰ্শদাতাসকলৰ, আৰু তেওঁৰ সকলো পৰাক্ৰমী কৰ্মচাৰীসকলৰ আগত মোক বিশ্ৱাসীৰূপে বিস্তৃত কৰিলে। মোৰ ঈশ্বৰ যিহোৱাৰ হাত মোৰ লগত থকা বাবে, মই বলৱান হৈছোঁ, আৰু মোৰ লগত যাবলৈ ইস্ৰায়েলৰ মাজৰ পৰা মূল লোকসকলক গোটালোঁ।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath