খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

ইজ্ৰা 3

1সপ্তম মাহৰ পাছত, ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নগৰলৈ উভতি আহিল। তেওঁলোকে যেতিয়া এজন মানুহৰ দৰে হৈ যিৰূচালেমত একগোট হৈছিল, তেতিয়া ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নিজৰ নগৰলৈ উভতি আহিছিল।

2যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ পুৰোহিত ভাইসকল, আৰু চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু তেওঁৰ ভাইসকল থিয় হ’ল, আৰু ঈশ্বৰৰ লোক মোচিৰ বিধান পুস্তকত লিখা আজ্ঞা অনুসাৰে হোম-বলি উৎসৰ্গৰ অৰ্থে ইস্ৰায়েলৰ ঈশ্বৰৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।

3দেশৰ লোকসকলৰ কাৰণে আতঙ্কিত হৈ তেওঁলোকে যজ্ঞবেদী তাৰ নিজৰ স্থানত স্থাপন কৰিলে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিছিল।

4লিখা অনুসাৰে তেওঁলোকে পঁজা-পৰ্ব্বও পালন কৰিছিল, আৰু প্রতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম-বলি উৎসৰ্গ কৰিছিল।

5এইদৰে তেওঁলোকে প্রতিদিনে, আৰু প্রতিমাহে এবাৰ হোম-বলি, নিৰূপিত সকলো পৰ্ব্ব, আৰু ইচ্ছাকৃত দানৰ সৈতে যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিছিল।

6সপ্তম মাহৰ প্ৰথম দিনৰে পৰা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিছিল। কিন্তু তেতিয়াও যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপিত হোৱা নাছিল।

7সেয়ে তেওঁলোকে শিলৰ কাম কৰা লোকসকলক আৰু কাৰিকৰ সকলক ৰূপ দিলে; আৰু পাৰস্যৰ ৰজা কোৰচৰ পৰা লোৱা অনুমতি অনুসাৰে লিবানোনৰ পৰা যাফোৰ সাগৰৰ তীৰলৈ এৰচ কাঠ আনিবৰ বাবে চীদোনীয়া আৰু তূৰীয়াসকলক আহাৰ, পেয় দ্ৰব্য, আৰু তেল দিলে।

8দ্বিতীয় বছৰৰ দ্বিতীয় মাহত তেওঁলোক যিৰূচালেমত থকা ঈশ্বৰৰ গৃহলৈ অহাৰ পাছত, জৰুব্বাবিল, যোচাদকৰ পুত্ৰ যেচুৱা, অৱশিষ্ট পুৰোহিতসকল আৰু লেবীয়াসকল আৰু যিসকল বন্দী অৱস্থাৰ পৰা মুকলি হৈ যিৰূচালেমলৈ আহিছিল, তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। যিহোৱাৰ গৃহৰ কাৰ্যৰ তত্বাৱধান কৰিবলৈ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবীয়াসকলক নিযুক্ত কৰিলে।

9যেচুৱা আৰু তেওঁৰ পুত্র আৰু ভায়েক-ককায়েকসকল, কদ্মীয়েল আৰু তেওঁৰ পুত্রসকল, যিহূদাৰ বংশধৰসকলে ঈশ্বৰৰ গৃহত কাম কৰা লোকসকলৰ তত্বাৱধান কৰিছিল। তেওঁলোকৰ সৈতে হেনাদদৰ বংশধৰসকল আৰু তেওঁলোকৰ বংশধৰসকল, আৰু তেওঁলোকৰ লগৰ লেবীয়াসকলো আছিল।

10গৃহ নিৰ্ম্মাণ কৰোঁতা সকলে যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। ইস্ৰায়েলৰ ৰজা দায়ূদে আজ্ঞা কৰাৰ অনুসাৰে যিহোৱাৰ প্ৰশংসা কৰিবৰ অৰ্থে পুৰোহিতসকলে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰিলে, আৰু হাতত তুৰী-বাদ্য ল’লে, আচফৰ পুত্র, আৰু লেবীয়াসকলে হাতত তাল লৈ থিয় হ’ল।

11তেওঁলোকে যিহোৱাৰ উদ্দেশে গীত গায় ধন্যবাদ আৰু প্ৰশংসা-স্তুতি কৰি ক’লে, “তেওঁ মঙ্গলময়! ইস্ৰায়েললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দেখি তেওঁলোকে আনন্দেৰে উচ্চধ্বনি কৰি যিহোৱাৰ প্ৰশংসা কৰিলে।

12কিন্তু যিসকলে প্রথমবাৰৰ বাবে গৃহৰ ভিত্তিমূল স্থাপন কৰা নিজ চকুৰে দেখিলে, তেনে বহু পুৰোহিত, লেবীয়া, সন্মানীয় লোক, আৰু বৃদ্ধ লোকে চিঞৰি চিঞৰি কান্দিলে। আনহাতে অনেক লোক আনন্দত উত্তেজিত হ’ল আৰু উচ্চ-স্বৰে জয়-ধ্বনি কৰিলে।

13তাৰ ফলত, কান্দোনৰ শব্দৰ কাৰণে লোকসকলে আনন্দ আৰু জয়-ধ্বনিৰ শব্দৰ মাজৰ পাৰ্থক্য বুজি নাপালে। কাৰণ লোকসকলে মহা-আনন্দত কান্দিছিল আৰু শব্দবোৰ বহু দূৰৈৰ পৰা শুনা গৈছিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath