ইজ্ৰা 2
1যি লোক সকলক ৰজা নবূখদনেচৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ যিৰূচালেম আৰু যিহূদালৈ উভতি আহিল।
2তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মৰ্দখয়, বিলচন, মিস্পৰ, বিগবয়, ৰহূম, আৰু বানা, এওঁলোকৰ লগত আহিল।
3পৰিয়োচৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ এশ বাসত্তৰ জন।
4চফটিয়াৰ বংশধৰসকলৰ সংখ্যা: তিনিশ বাসত্তৰ জন।
5আৰহৰ বংশধৰসকলৰ সংখ্যা: সাত শ পঁয়সত্তৰ জন,
6যেচুৱা আৰু যোৱাবৰ দ্বাৰাই পহৎ-মোৱাবৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ আঠ শ বাৰজন।
7এলমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
8জত্তুৰ বংশধৰসকলৰ সংখ্যা: নশ পঞ্চল্লিশ জন।
9জক্কয়ৰ বংশধৰসকলৰ সংখ্যা: সাত শ ষাঠি জন।
10বাণীৰ বংশধৰসকলৰ সংখ্যা ছশ বিয়াল্লিশ জন।
11বেবয়ৰ বংশধৰসকলৰ সংখ্যা ছশ তেইশ জন।
12অজগদৰ বংশধৰসকলৰ সংখ্যা এক হাজাৰ দুশ বাইশ জন।
13অদোনীকামৰ বংশধৰসকলৰ সংখ্যা: ছশ ছয়ষষ্ঠি জন।
14বিগবয়ৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ ছাপন্ন জন।
15আদীনৰ বংশধৰসকলৰ সংখ্যা: চাৰিশ চৌৱন্ন জন।
16হিষ্কিয়াৰ বংশধৰসকলৰ পৰা অহা আটেৰৰ লোকসকলৰ সংখ্যা: আঠানব্বৈ জন।
17বেচয়ৰ বংশধৰসকলৰ সংখ্যা: তিনিশ তেইশ জন।
18যোৰাৰ বংশধৰসকলৰ সংখ্যা: এশ বাৰ জন।
19হাচুমৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
20গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন।
21বৈৎলেহেমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন।
22নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।
23অনাথোতৰ লোকসকলৰ সংখ্যা: এশ আঠাইশ জন।
24অজমাবতৰ লোকসকলৰ সংখ্যা: বিয়াল্লিশ জন।
25কিৰিয়ৎ-আৰীম, কফীৰা, আৰু বেৰোতৰ লোকসকলৰ সংখ্যা: সাতশ তিয়ল্লিশ জন।
26ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা: ছশ একৈশ জন।
27মিকমচৰ লোকসকলৰ সংখ্যা: এশ বাইশ জন।
28বৈৎএল আৰু অয়ৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
29নবোৰ লোকসকলৰ সংখ্যা: বাৱন্ন জন।
30মগবীচৰ লোকসকলৰ সংখ্যা: এশ ছাপন্ন জন।
31অন্য এজন এলমৰ লোকসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
32হাৰীমৰ লোকসকলৰ সংখ্যা: তিনিশ বিশ জন।
33লোদ, হাদীদ, আৰু ওনোৰ লোকসকলৰ সংখ্যা: সাতশ পঁচিশ জন।
34যিৰীহোৰ লোকসকলৰ সংখ্যা: তিনিশ পঞ্চল্লিশ জন।
35চনাৱাৰ লোকসকলৰ সংখ্যা: তিনি হাজাৰ ছশ ত্ৰিশ জন।
36পুৰোহিতসকল; যেচুৱাৰ ঘৰৰ পৰা অহা যিদয়াৰ বংশধৰসকলৰ সংখ্যা: নশ ত্ৰেসত্তৰ জন।
37ইম্মেৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ বাৱন্ন জন।
38পচহুৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ সাতচল্লিশ জন।
39হাৰীমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ সোঁতৰ জন।
40লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মীয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন।
41মন্দিৰৰ গায়কসকল: আচফৰ বংশধৰসকলৰ সংখ্যা: এশ আঠাইশ জন।
42দুৱৰীসকলৰ বংশধৰসকলৰ: চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, আৰু চোবয় বংশধৰসকলৰ সংখ্যা: সৰ্ব্বমুঠ এশ উনচল্লিশ জন।
43যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ,
44কেৰোচ, চীয়হা, পাদোন,
45লবানা, হগাবা, অক্কুব,
46হাগব, চলম্য়, আৰু হাননৰ, বংশধৰসকল।
47গিদ্দেল, গহৰ, ৰায়া,
48ৰচীন, নকোদা, গজ্জম,
49উজ্জা, পাচেহ, বেচয়,
50অস্না, মিয়ূনীম, আৰু নফূচীমৰ, বংশধৰসকল।
51বকবুক, হকুফা, হৰ্হূৰ,
52বস্লোত, মহীদা, হৰ্চা,
53বৰ্কোচ, চীচৰা, তেমহ,
54নচীহ, আৰু হটীফাৰ বংশধৰসকল।
55চলোমনৰ দাসবোৰৰ বংশধৰসকল: চোটয়, হচ্ছোপেৰৎ, পৰূদা,
56যালা, দৰ্কোণ, গিদ্দেল,
57চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আৰু আমী। এওঁলোকৰ বংশধৰ।
58চলোমনৰ দাসবোৰৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক সৰ্ব্বমুঠ তিনিশ বিৰানব্বৈ জন আছিল।
59যিসকল তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দন, আৰু ইম্মেৰ এৰি আহিছিল, কিন্তু তেওঁলোক যিৰূচালেমত থকা পূৰ্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ’ল:
60দলায়াৰ টোবিয়াৰ আৰু নকোদাৰ বংশধৰসকলৰ সংখ্যা: ছশ বাৱন্ন জন।
61পুৰোহিতসকলৰ বংশধৰসকল: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয় (যিজনে গিলিয়দৰ বৰ্জ্জিল্লয়ৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে, আৰু তেওঁলোকৰ নামেৰে তেওঁৰ নামাকৰণ হ’ল)
62তেওঁলোকে বংশাৱলীৰ পত্রত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়ে তেওঁলোকক কলুষিত বুলি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
63তেওঁলোকক অধিপতিয়ে কৈছিল, যেতিয়ালৈকে ঊৰীম আৰু তুম্মিমৰ সৈতে এজন পুৰোহিতে অনুমোদন নকৰে তেতিয়ালৈকে তোমালোকে কিছুমান উৎসৰ্গিত পবিত্র বস্তু নাখাবা।
64সৰ্ব্বমুঠ গোটেই দলটোৰ সংখ্যা: বিয়াল্লিশ হাজাৰ তিনিশ ষাঠীজন আছিল;
65তেওঁলোকৰ দাস-দাসী সকলক (তেওঁলোক সাত হাজাৰ তিনিশ সাতত্ৰিশ জন) আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক-গায়িকা সকলক (দুশ জন) অন্তৰ্ভুক্ত কৰা হোবা নাছিল।
66তেওঁলোকৰ সাতশ চয়ত্ৰিশ টা ঘোঁৰা, দুশ পঞ্চল্লিশটা খছৰ,
67চাৰিশ পঁয়ত্ৰিশ টা উট, আৰু ছয় হাজাৰ সাতশ বিশ টা গাধ আছিল।
68যেতিয়া তেওঁলোকে যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ গৈছিল, তেতিয়া যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে সন্মানীয় ব্যক্তিসকলে ইচ্ছাকৃত উপহাৰ দান কৰিছিল।
69তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত এষষ্ঠি হাজাৰ সোণৰ মূদ্রা পাঁচ হাজাৰ ৰূপৰ মিনা আৰু পুৰোহিতে পিন্ধা এশখন বস্ত্ৰ দিলে।
70পুৰোহিতসকল, লেবীয়াসকল, লোকসকল, মন্দিৰৰ গায়কসকল আৰু দুৱৰীসকল, আৰু যিসকলক নিজৰ নগৰৰ মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক নিজৰ নগৰবোৰত বাস কৰিছিল। ইস্ৰায়েলৰ সকলো লোক নিজৰ নগৰবোৰত আছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath