যিহিষ্কেল 7
1যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2“তোমালোক, হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই ইস্ৰায়েল দেশক এই কথা কৈছে: এতিয়া ইস্ৰয়েল আহিল! দেশৰ চাৰি সীমালৈ অন্ত আহিল!
3এতিয়া তোমালৈ অন্ত উপস্থিত হ’ল, কিয়নো মই তোমাৰ ওপৰলৈ মোৰ ক্ৰোধ পঠিয়াম আৰু মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম; তাৰ পাছত তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।
4কিয়নো মই তোমালৈ কৰুণাময় দৃষ্টিপাত নকৰোঁ আৰু তোমাক দয়াও নকৰিম; কিন্তু তোমাৰ আচৰণৰ ফলৰ কাৰণে মই তোমাক শাস্তি দিম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্যৰ ফল তোমাৰ মাজত থাকিব, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
5প্ৰভু যিহোৱাই এই কথা কৈছে: অমঙ্গল! কেৱল অমঙ্গলৰ পাছত অমঙ্গল! চোৱা, সেয়ে আহি পালেহি!
6অন্ত নিশ্চয়কৈ উপস্থিত হ’ব; সেয়ে তোমাৰ অহিতে জাগি উঠিছে! চোৱা, সেয়ে আহি পালেহি।
7তোমালোকৰ যি সকলে দেশত নিবাস কৰি আছে, তোমাৰ বিনাশ তোমালৈ আহি আছে। সেই সময় উপস্থিত হ’ল; বিনাশৰ দিন ওচৰ চাপি আহিছে আৰু পৰ্ব্বতবোৰৰ ওপৰত কেতিয়াও আনন্দ-ধ্বনিৰ দিন নহ’ব, কোলাহলৰহে দিন হ’ব!
8এতিয়া মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু তোমাৰ অহিতে মোৰ কোপ তোমাৰ ওপৰত সম্পূৰ্ণ কৰিম, মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম আৰু তোমাৰ সকলো ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।
9মই কৃপাদৃষ্টি নকৰিম আৰু দয়াও নকৰিম। তোমালোকে যিদৰে কৰিলা, মইয়ো তোমালোকলৈ সেইদৰেই কৰিম; আৰু তোমালোকৰ ঘিণলগীয়া কাৰ্যৰ ফল তোমালোকৰ মাজত থাকিব, তেতিয়া মই যে তোমালোকৰ প্ৰহাৰ কৰোঁতা যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
10আৰু চোৱা! সেই দিন আহি পালেহি। বিনাশ ওলাই আহিল। তোমালোকৰ দণ্ডডালিত অহঙ্কাৰৰ কলি ধৰিলে।
11দৌৰাত্ম্য দুষ্টতাৰ দণ্ড হৈ উঠিল- তেওঁলোকৰ এজনো আৰু তেওঁলোকৰ মাজৰ কোনেও বা তেওঁলোকৰ ধন-সম্পত্তি আৰু তেওঁলোকৰ কোনো প্ৰাধান্যতাৰ অৱশিষ্ট নাথাকিব।
12সেই সময় উপস্থিত হৈ আহি আছে; সেই দিন ওচৰ চাপিছে, কিনোতাই আনন্দ নকৰক, বা বেচোঁতাই বেজাৰ নকৰক; যিহেতু মোৰ ক্ৰোধ সকলো লোকৰ ওপৰত উপস্থিত হ’ব!
13কিয়নো বেচোঁতাসকলে জীয়াই থকা সেই সময়লৈকে তেওঁলোকে বেচা তেওঁলোকৰ সেই সম্পৰ্কীয় সম্পত্তি কেতিয়াও পুনৰায় দেখিবলৈ নাপাব, কিয়নো নিজ নিজ জীৱনৰ পাপ আচৰণত তেওঁলোকৰ কোনেও জীৱন ধাৰণ কৰিব নোৱাৰিব।
14তেওঁলোকে শিঙা বজাই সকলোকে যুগুত কৰিলে, কিন্তু যুদ্ধলৈ যাবৰ বাবে কোনো এজনো নাই; কিয়নো মোৰ ক্ৰোধ তাৰ (ইস্রায়েল) সকলো লোকৰ ওপৰত আছে।
15তৰোৱাল দেশৰ বাহিৰত আৰু মহামাৰী আৰু আকাল দেশৰ ভিতৰত আছে। যি সকল লোক পথাৰত আছে, তেওঁলোকক তৰোৱালেৰে বধ হ’ব আৰু যি সকল লোক নগৰৰ ভিতৰত আছে, তেওঁলোকক আকাল আৰু মহামাৰীয়ে গ্ৰাস কৰিব।
16কিন্তু তেওঁলোকৰ মাজৰ পৰা কিছুমান জীৱিত লোক সাৰি যাব আৰু তেওঁলোকে গৈ পৰ্ব্বতত থাকিব। তেওঁলোকৰ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে উপত্যকাত থকা কপৌৰ দৰে শোক কৰিব।
17সকলোৰে হাত দুৰ্ব্বল হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব,
18তেওঁলোকে চট কাপোৰ পিন্ধিব আৰু মহাত্ৰাস তেওঁলোকৰ আৱৰণস্বৰূপ হ’ব; প্রতিজনৰ মুখমণ্ডল লজ্জিত হ’ব আৰু তেওঁলোকৰ সকলো মূৰ টকলা কৰা হ’ব।
19তেওঁলোকৰ নিজ নিজ ৰূপ বাটত পেলাই দিব আৰু তেওঁলোকৰ সোণ অশুচি বস্তু যেন হ’ব। তেওঁলোকৰ সোণ আৰু ৰূপ যিহোৱাৰ ক্ৰোধৰ দিনা সেইবোৰে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিব। তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰা নহ’ব, আৰু তেওঁলোকৰ উদৰ পূৰ কৰা নহ’ব, কিয়নো তেওঁলোকৰ অপৰাধবোৰেই তেওঁলোকৰ বিঘিনি হৈ পৰিছে।
20তেওঁৰ সুন্দৰ ভূষনৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁলোকে তাত তেওঁলোকৰ ঘিণলগীয়া দেৱতাৰ মূৰ্ত্তি আৰু তেওঁলোকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে, এই কাৰণে মই সেইবোৰ তেওঁলোকলৈ অশুচি বস্তু যেন কৰিলোঁ।
21আৰু মই সেইবোৰ বস্তু বিদেশীসকলৰ হাতত লুটদ্ৰব্য হিচবে, পৃথিৱীৰ দুষ্টবোৰৰ হাতত শোধাই দিম; তেতিয়া তেওঁলোকে তাক অপবিত্ৰ কৰিব।
22যেতিয়া তেওঁলোকে মোৰ গুপ্তস্থান অশুচি কৰিব, তেতিয়া তেওঁলোকৰ পৰা মই বিমুখ হ’ম; ডকাইতবোৰে তাত সোমাই তাক অপবিত্ৰ কৰিব।
23তুমি এডাল শিকলি গঢ়োৱা, কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ হৈ আছে আৰু নগৰ অত্যাচাৰেৰে সম্পূৰ্ণকৈ ভৰি আছে।
24এই কাৰণে মই জাতি সমূহৰ মাজৰ অতি দুষ্টবোৰক আনিম আৰু তেওঁলোকে তেওঁলোকৰ ঘৰবোৰ অধিকাৰ কৰি ল’ব আৰু মই বলৱানসকলৰ গৰ্ব্ব খৰ্ব্ব কৰিম; কিয়নো তেওঁলোকৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰা হ’ব!
25ভয় আহিব! তেওঁলোকে শান্তি বিচাৰিব, কিন্তু নাপাব!
26আপদৰ ওপৰি আপদ হ’ব, আৰু জনৰৱৰ উপৰি জনৰৱ হ’ব! সেই কালত তেওঁলোকে ভাববাদীৰ দৰ্শন বিচাৰিব, কিন্তু পুৰোহিত আৰু পৰিচাৰকসকলৰ পৰা ব্যৱস্থাৰ পৰা মন্ত্ৰণা লোপ পাব।
27ৰজাই শোক কৰিব আৰু ৰাজকুমাৰে শোকৰ বস্ত্ৰ পৰিধান কৰিব আৰু দেশৰ প্ৰজাসকলৰ হাত ভয়ত কঁপিব; মই তেওঁলোকৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তেওঁলোকৰ বিচাৰ কৰিম! আৰু যেতিয়ালৈকে তেওঁলোকে জানিব পাৰিব যে, মইয়ে তেওঁলোকৰ ঈশ্বৰ যিহোৱা; তেতিয়ালৈকে মই তেওঁলোকক নিজ মানবিশিষ্ট বিচাৰ কৰিম।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath