খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিহিষ্কেল 5

1“আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছত এখন তৰ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা।

2নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।

3কিন্তু তুমি অলপ সংখ্যক চুলি ল’বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা।

4তাৰ পাছত তাৰে অধিক চুলি ল’বা আৰু জুইৰ মাজত পেলাই দিবা; আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।

5প্ৰভু যিহোৱাই এই কথা কৈছে: “এয়ে যিৰূচালেম; মই ইয়াক জাতিবোৰৰ মাজত স্থাপন কৰিলোঁ আৰু ইয়াৰ চাৰিওফালে আন জাতি সমূহ আছে।

6কিন্তু ই মোৰ শাসন-প্রণালীবোৰৰ বিৰুদ্ধে জাতি সমূহতকৈয়ো অধিক দুষ্কৰ্ম কৰিলে আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ’ল, সেইবোৰত তেওঁলোক নচলিল।

7এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা।

8এই কাৰণে” প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।

9যিহক মই কেতিয়াও কৰা নাই আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্যবোৰৰ কাৰণে তাকেই তোমাৰ মাজত কৰিম।

10এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম!

11এই হেতুকে প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্যেৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম।

12তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।

13এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।

14ইয়াৰ বাহিৰে, আটাই পথিকসকলৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবোৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম।

15তাতে, মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলোঁ। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্রূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ।

16“মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম।

17মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ!”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath