যিহিষ্কেল 4
1হে মনুষ্য সন্তান, তুমি এটা ইটা লোৱা আৰু নিজৰ সন্মুখত ৰাখা। তাৰ পাছত সেই ইটাটোৰ ওপৰত যিৰূচালেম নগৰৰ নক্সা আঁকা।
2আৰু তাক অৱৰোধ কৰা, তাৰ বিপৰীতে কোঁঠ সাজা, তাৰ বিপৰীতে হাদাম বান্ধা, তাৰ বিপৰীতে চাৰিওফালে ছাউনি পাতা আৰু তাৰ বিপৰীতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা।
3আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা। আৰু তালৈ কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ কাৰণে এয়ে চিন হ’ব।
4তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁলোকৰ অপৰাধ ববা।
5কিয়নো মই তেওঁলোকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ কাৰণে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ তিনিশ নব্বৈ দিন কৰিলোঁ; এইদৰে তুমি ইস্ৰায়েল বংশৰ অপৰাধ ববা।
6যেতিয়া তুমি এইদৰে এই দিনবোৰ সম্পূৰ্ণ কৰিবা, তাৰ পাছত দ্বিতীয় বাৰৰ বাবে আকৌ সোঁকাষে শুবা আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ কাৰণে এক এক দিন কৰিলোঁ।
7তুমি বাহু উদং কৰি যিৰূচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিবা।
8কাৰণ চোৱা! মই ৰছীৰে তোমাক বান্ধিম; তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিবা।
9আৰু তুমি নিজৰ বাবে ঘেঁহু, যৱ, মাহ, মচুৰ বজৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা।
10ভোজনৰ আহাৰ তুমি ভোজন কৰিবা আৰু প্ৰতিদিনে বিশ চেকল জোখৰ আহাৰ খাবা। তুমি সময়ে সময়ে ইয়াক ভোজন কৰিবা।
11আৰু তুমি পানী জোখ কৰি লৈ এক হীনৰ ছয় ভাগৰ এভাগ পানী পান কৰিবা।
12আৰু তুমি যৱৰ পিঠাৰ দৰে তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁলোকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা।
13যিহোৱাই পুনৰ ক’লে, “যি জাতিবোৰৰ মাজলৈ মই এই ইস্ৰায়েল সন্তান সকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।”
14তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।”
15তেতিয়া তেওঁ মোক ক’লে, “মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।
16ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে,
17তেওঁলোকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath