খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিহিষ্কেল 46

1প্ৰভু যিহোৱাই এই কথা কৈছে: ‘পূৱফালে মুখ কৰা ভিতৰ চোতালখনৰ বাট-চৰাটো কাম কৰা ছয় দিন বন্ধ থাকিব; কিন্তু বিশ্ৰাম দিনত আৰু ন-জোনৰ দিনা খোলা হ’ব।

2আৰু অধিপতিজন বাহিৰৰ পৰা বাট-চৰাৰ বাৰাণ্ডাৰ বাটেদি সোমাই বাট-চৰাটোৰ দুৱাৰৰ খুটাৰ ওচৰত থিয় হ’ব আৰু পুৰোহিতসকলে তেওঁৰ হোম-বলি ও মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব আৰু তেওঁ দুৱাৰডলিত প্ৰণিপাত কৰিব, পাছত ওলাই যাব; কিন্তু বাট-চৰাটো গধূলি নোহোৱালৈকে বন্ধ কৰা নাযাব।

3আৰু দেশৰ প্ৰজাসকলে বিশ্ৰাম দিনত আৰু ন-জোনত যিহোৱাৰ আগত সেই বাট-চৰাটোৰ প্ৰৱেশস্থানত প্ৰণিপাত কৰিব।

4আৰু যিহোৱাৰ উদ্দেশ্যে অধিপতিজনে উৎসৰ্গ কৰিব লগীয়া হোম বলি এই; বিশ্ৰামবাৰে ছটা নিৰ্ঘূণী মেৰ-ছাগ পোৱালি আৰু এটা নিৰ্ঘূণী মতা মেৰ-ছাগ হ’ব।

5মতা মেৰ-ছাগটোৰ লগত দিয়া ভক্ষ্য নৈবেদ্য এক ঐফা হ’ব আৰু মেৰ-ছাগ পোৱালিবোৰৰ লগত দিয়া ভক্ষ্য নৈবেদ্য তেওঁৰ শক্তি অনুসাৰে হ’ব আৰু এক এক ঐফাৰ লগত এক এক হীন তেল হ’ব।

6আৰু ন-জোনৰ দিনা এটা নিৰ্ঘূণী ডেকা ভতৰা হ’ব; আৰু ছটা মেৰ-ছাগ পোৱালি আৰু এটা মতা মেৰ-ছাগ হ’ব, এইবোৰো নিৰ্ঘূণী হ’ব।

7আৰু ভতৰাটোৰ লগত এক ঐফা, মতা মেৰ-ছাগটোৰ লগত এক ঐফা, মেৰ-ছাগ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি তেওঁ ভক্ষ্য নৈবেদ্য যুগুত কৰিব।

8যেতিয়া অধিপতিজন সোমাব, তেতিয়া তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই ওলাই যাব।

9কিন্তু যেতিয়া দেশৰ প্ৰজাসকল নিৰূপিত উৎসৱত যিহোৱাৰ আগলৈ আহিব, তেতিয়া যি জনে প্ৰণিপাত কৰিবলৈ উত্তৰ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ দক্ষিণ বাট-চৰাটোৰ বাটেদি ওলাই যাব আৰু যি জনে দক্ষিণ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি ওলাই যাব; তেওঁ সোমোৱা বাট-চৰাটোৰ বাটেদি ওলাই নাযাব, কিন্তু পোনে পোনে ওলাই যাব।

10আৰু তেওঁলোক সোমোৱা সময়ত অধিপতিজন তেওঁলোকৰ মাজত হৈ সোমাব; আৰু ওলোৱা সময়ত তেওঁলোক সকলোৱে একেলগে ওলাব।

11পৰ্ব্বতবোৰ আৰু নিৰূপিত সময়ত ভক্ষ্য নৈবেদ্য এটা এটা ভতৰাৰ লগত এক এক ঐফা, এটা এটা মতা মেৰৰ লগত এক এক ঐফা, মেৰ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হীম তেল হ’ব।

12আৰু যেতিয়া অধিপতিজনে ইচ্ছামতে দিয়া উপহাৰ উৎসৰ্গ কৰিব, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোমবলি বা মঙ্গলাৰ্থক বলি ইচ্ছামতে দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব, তেতিয়া পূৱফালে মুখ কৰা বাটচৰাটো তেওঁৰ কাৰণে খোলা হ’ব আৰু তেওঁ বিশ্ৰামবাৰে কৰা দৰে নিজৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; পাছে তেওঁ বাহিৰলৈ যাব আৰু তেওঁ ওলাই যোৱাৰ পাছত বাট-চৰাটো বন্ধ কৰা হ’ব।

13আৰু তুমি দিনে দিনে যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ কাৰণে এটা এটা এবছৰীয়া নিৰ্ঘূণী মেৰ পোৱালি উৎসৰ্গ কৰিবা; প্ৰতি ৰাতিপুৱা তুমি তাক উৎসৰ্গ কৰিবা।

14আৰু তুমি ঐফাৰ ছয় ভাগৰ এভাগ আৰু মিহি আটাগুড়ি ভেজাবলৈ হীনৰ তিনিভাগৰ এভাগ তেল দি প্ৰতি ৰাতিপুৱা তাৰ লগত এক এক ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা; সেয়ে চিৰস্থায়ী নিয়ম অনুসাৰে নিত্যে নিত্যে যিহোৱাৰ উদ্দেশ্যে দিব লগীয়া ভক্ষ্য নৈবেদ্য।

15এইদৰে তেওঁলোকে প্ৰতি ৰাতিপুৱা নিত্য হোমবলিৰ অৰ্থে, মেৰ পোৱালি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব।’

16প্ৰভু যিহোৱাই এই কথা কৈছে: ‘যদি অধিপতিজনে তেওঁৰ পুত্ৰসকলৰ কোনো এজনক কিবা বস্তু দান কৰে, তেন্তে সেই বস্তুত সেইজনৰ স্বত্ব থাকিব, সেয়ে তেওঁৰ পুত্ৰসকলৰ হ’ব; পুত্ৰ-পৌত্ৰাদিক্ৰমে তাত তেওঁলোকৰ স্বত্ব থাকিব।

17কিন্তু তেওঁ যদি তেওঁৰ আধিপত্যৰ পৰা তেওঁৰ বন্দীবোৰৰ কোনো বন্দীক কিবা বস্তু দান কৰে, তেন্তে সেয়ে মুক্তি ৰ বছৰলৈকে তাৰ হৈ থাকিব; তাৰ পাছত অধিপতিজনৰ পুনৰায় হ’ব। কিন্তু তেওঁৰ আধিপত্য হ’লে তেওঁৰ পুত্ৰসকলৰ হ’ব।

18ইয়াৰ উপৰিও, অধিপতিজনে প্ৰজাসকলৰ আধিপত্যৰ পৰা তেওঁলোকক খেদাবৰ কাৰণে তেওঁলোকৰ আধিপত্যৰ পৰা একো নল’ব; মোৰ প্ৰজাসকলৰ এজনো নিজ আধিপত্যৰ পৰা ছিন্ন-ভিন্ন নহ’বৰ কাৰণে তেওঁ নিজ আধিপত্যৰ পৰাই তেওঁৰ পুত্ৰসকলক আধিপত্য দিব’।”

19তাৰ পাছত তেওঁ উত্তৰফালে মুখ কৰা পুৰোহিতসকলৰ পবিত্ৰ কোঁঠালিলৈ বাট-চৰাটোৰ কাষৰ প্ৰৱেশস্থানেদি মোক নিলে, আৰু চোৱা! পশ্চিমদিশে পাছফালে এখন ঠাই আছিল।

20তেতিয়া তেওঁ মোক ক’লে, পুৰোহিতসকলে লোকসকলক পবিত্ৰ কৰিবলৈ দোষাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ কাৰণে, সেই পাপাৰ্থক ও দোষাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এয়ে।”

21তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নি চোতালখনৰ চাৰিচুকেদি ফুৰালে; আৰু চোৱা, চোতালখনৰ প্ৰত্যেক চুকত এখন এখন চোতাল আছিল।

22চোতালখনৰ চাৰিচুকত, গড়েৰে আবৃত চল্লিশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এখন এখন চোতাল আছিল; চুকৰ এই চাৰিখন চোতাল একে পৰিমাণৰ।

23সেই চাৰিখনৰ প্ৰত্যেকখনৰ চাৰিওফালে লগালগি এশাৰী এশাৰী ঘৰ আছিল; আৰু চাৰিওফালৰ সেই ঘৰবোৰৰ তলত সিজাবৰ কাৰণে চৌকা পতা আছিল।

24পাছত তেওঁ মোক ক’লে, “গৃহটিৰ পৰিচাৰকসকলে তেওঁলোকৰ বলিৰ মাংস সিজোৱা ঘৰ এইবোৰ।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath