যিহিষ্কেল 45
1ইয়াৰ বাহিৰে, যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠি-খেলৰে দেশ ভাগ বাঁটিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা; সেয়ে দীঘলে পঁচিশ হাজাৰ হাত; আৰু বহলে বিশ হাজাৰ হাত হ’ব; সেয়ে চাৰিওঁফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ’ব।
2তাৰে পাঁচ শ হাত দীঘল আৰু পাঁচ শ হাত বহল চাৰিওঁফালে সমান এনে এডোখৰ ঠাই পবিত্ৰ স্থানৰ কাৰণে থাকিব আৰু তাৰ বাহিৰ ফালে মুকলি ঠাইৰ কাৰণে কেউপিনে পঞ্চাশ হাত থাকিব।
3আৰু তুমি সেই পৰিমিত অংশৰ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ জুখিবা আৰু তাত পবিত্ৰ ধৰ্মধাম হ’ব।
4সেয়ে দেশৰ পবিত্ৰ অংশ; সেয়ে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ অহা ধৰ্মধামৰ পৰিচাৰক পুৰোহিতসকলৰ কাৰণে হ’ব; আৰু সেয়ে তেওঁলোকৰ ঘৰৰ কাৰণে ঠাই হ’ব, আৰু ধৰ্মধামৰ কাৰণে পবিত্ৰ স্থান হ’ব।
5বিশটা কোঁঠালি হ’বলৈ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ গৃহটিৰ পৰিচাৰক লেবীয়াসকলৰ আধিপত্যৰ অৰ্থে হ’ব।
6আৰু উপহাৰ স্বৰূপে উৎসৰ্গ কৰা পবিত্ৰ অংশৰ একাষে, পাঁচহাজাৰ হাত দীঘল এডোখৰ ঠাই নগৰখনৰ আধিপত্য, তোমালোকে নিৰূপণ কৰিবা; সেয়ে ইস্ৰায়েলৰ সমুদায় বংশৰ কাৰণে হ’ব।
7পবিত্ৰ উপহাৰৰ আৰু নগৰখনৰ আধিপত্যৰ ইফালে সিফালে, পবিত্ৰ উপহাৰ আৰু নগৰখনৰ আধিপত্যৰ সন্মুখত, পশ্চিমফালৰ পশ্চিমদিশে আৰু পূৱফালৰ পূৱদিশে অধিপতিজনৰ ভাগ হ’ব; আৰু সেই ভাগ দীঘলে পশ্চিম সীমাৰ পৰা পূৱসীমালৈকে অংশবোৰৰ এক অংশৰ সমান হ’ব।
8দেশত ইস্ৰায়েলৰ মাজত সেয়ে তেওঁৰ আধিপত্যৰ অৰ্থে হ’ব; আৰু মোৰ অধিপতিসকলে মোৰ প্ৰজাসকলক আৰু অত্যাচাৰ নকৰিব, কিন্তু ইস্ৰায়েল-বংশৰ ফৈদ অনুসাৰে তেওঁলোকক দেশ দিব।
9প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে ইস্ৰায়েলৰ অধিপতিসকল, তোমালোকৰ পক্ষে যথেষ্ঠ হ’ল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভু যিহোৱাই কৈছে তোমালোকে মোৰ প্ৰজাসকলক খেদাই দিবলৈ ক্ষান্ত হোৱা।
10‘তোমালোকৰ ন্যায় পাল্লা, ন্যায় ঐফা আৰু ন্যায় বৎ হ’ব লাগে।
11বতত এক হোমৰৰ দহ ভাগৰ এভাগ আৰু ঐফাত এক হোমৰৰ দহ ভাগৰ এভাগ ধৰিবৰ কাৰণে ঐফা আৰু বৎ একে পৰিমাণৰ হ’ব; তাৰ পৰিমাণ হোমৰ অনুসাৰে হ’ব।
12আৰু চেকলত বিশ গেৰা থাকিব; তোমালোকৰ মানিত বিশ চেকল, পঁচিশ চেকল, পোন্ধৰ চেকল থাকিব।
13তোমালোকে দিব লগীয়া উপহাৰ এই। তোমালোকে এক হোমৰ ঘেঁহুধানৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ আৰু এক হোমৰ যৱৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ দিবা।
14আৰু তেলৰ, বৎ সম্পৰ্কীয় তেলৰ নিৰূপিত ভাগ এক কোৰৰ পৰা বতৰ দহ ভাগৰ এভাগ হ’ব; এক কোৰত দহ বৎ, অৰ্থাৎ এক হমৰ আছে; কিয়নো এক হোমৰত দহ বৎ থাকে।
15আৰু প্ৰভু যিহোৱাই কৈছে, লোকসকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে ইস্ৰায়েলৰ পুষ্টিকৰ ঘাঁহনিত চৰা দুশ দুশ মেৰৰ ভিতৰত জাকৰ পৰা এটা এটা মেৰ দিব লাগিব।’
16দেশৰ সকল প্ৰজাই ইস্ৰায়েলৰ অধিপতিজনক সেই উপহাৰ দিব।
17আৰু পৰ্ব্বতবোৰত ন-জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।’
18প্ৰভু যিহোৱাই এই কথা কৈছে: ‘প্ৰথম মাহৰ প্ৰথম দিনা তুমি এটা নিৰ্ঘূণী ভতৰা লৈ ধৰ্ম ধামক পাপৰ পৰা মুক্ত কৰিবা।
19পুৰোহিতে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ গৃহটিৰ দুৱাৰৰ খুটাত যজ্ঞ-বেদিৰ ওপৰ ভাগৰ চাৰি চুকত আৰু ভিতৰ-চোতালখনৰ বাট-চৰাটোৰ দুৱাৰৰ খুটাত লগাব।
20আৰু ভূল কৰা কোনো লোকৰ আৰু কোনো নিৰ্ব্বোধ মানুহৰ কাৰণেও মাহৰ সপ্তম দিনা তুমি সেই দৰে কৰিবা।
21প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা তোমালোকৰ নিস্তাৰ-পৰ্ব্ব, সাতদিনীয়া ভোজ হ’ব; সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব।
22সেই দিনা অধিপতিজনে নিজৰ কাৰণে আৰু দেশৰ আটাই প্ৰজাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে এটা ভতৰা উৎসৰ্গ কৰিব।
23আৰু তেওঁ ভোজৰ সাতদিন যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে দিনে দিনে সাতোটা সাতোটা নিৰ্ঘূণী ভতৰা আৰু সাতোটা সাতোটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব আৰু পাপাৰ্থক বলিৰ কাৰণে প্ৰতিদিনে এটা এটা ছাগ উৎসৰ্গ কৰিব।
24আৰু তেওঁ এটা এটা ভতৰাৰ এক এক ঐফা আৰু এটা এটা মতা মেৰ-ছাগৰ লগত এক এক ঐফা আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব।
25সপ্তম মাহৰ পোন্ধৰ দিনৰ দিনাও পাপাৰ্থক বলি, হোম বলি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব; তেওঁ ভোজত সাত দিনলৈকে সেইদৰে কৰিব।’
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath