খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিহিষ্কেল 44

1তেতিয়া সেই মানুহে ধৰ্মধামৰ পূৱফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে টানকৈ বন্ধ কৰি থোৱা আছিল।

2পাছত যিহোৱাই মোক ক’লে, “এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব আৰু এইপিনে কোনো লোক নোসোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইফালেই প্ৰৱেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব।

3অধিপতিজনৰ বিষয়ে হ’লে, কেৱল তেওঁহে যিহোৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই বাহিৰ ওলাব।”

4তাৰ পাছত তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ!

5পাছে যিহোৱাই মোক ক’লে, “হে মনুষ্য সন্তান, যিহোৱাৰ গৃহটিৰ সকলো নিয়ম প্ৰণালী আৰু তাৰ আটাই ব্যৱস্থাৰ বিষয়ে মই তোমাক যি যি ক’ম, তুমি সেই সকলোলৈ মনোযোগ কৰা, চকুদিয়া, কাণ দিয়া আৰু ধৰ্মধামৰ বাহিৰলৈ যোৱা প্ৰত্যেক বাটলৈ আৰু গৃহটিৰ প্ৰৱেশস্থানলৈ ভালকৈ মন দি চোৱা।

6আৰু তুমি বিদ্ৰোহী ইস্ৰায়েল বংশক ক’বা, প্ৰভু যিহোৱাই এই কথা কৈছে:

7হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ কাৰণে মোৰ ধৰ্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়সকলক মোৰ ধৰ্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।

8আৰি তোমালোকে মোৰ পবিত্ৰ বস্তুবিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই; কিন্তু তোমালোকে মোৰ ধৰ্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা।

9প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা বিজাতীয়সকলৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্মধামত নোসোমাব।

10কিন্তু ইস্ৰায়েল বিপথে যোৱা সময়ত, যি লেবীয়াসকলে নিজ নিজ মুৰ্ত্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবীয়াসকলে নিজ নিজ অপৰাধৰ ভাৰ বব।

11তেওঁলোকে গৃহটিৰ দুৱাৰ ৰখীয়া আৰু গৃহটি পৰিচৰ্যা কৰি মোৰ ধৰ্মধামত পৰিচাৰক হ’ব; তেওঁলোকেই হোম-বলি আৰু প্ৰজাসকলৰ অৰ্থে দিয়া বলি কাটিব আৰু প্ৰজাসকলৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকেই তেওঁলোকৰ আগত থিয় হ’ব।

12তেওঁলোকে প্ৰজাসকলৰ মুৰ্ত্তিবোৰৰ আগত তেওঁলোকৰ পৰিচৰ্যা কৰি ইস্ৰায়েল-বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল; এই হেতুকে প্ৰভু যিহোৱাই কৈছে, মই তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ, যে, তেওঁলোকে নিজ নিজ অপৰাধৰ ভাৰ বব।

13আৰু তেওঁলোকে মোৰ ওচৰত পুৰোহিত কৰ্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু তেওঁলোকৰ লাজৰ আৰু তেওঁলোকে কৰা ঘিণলগীয়া কাৰ্যৰ ভাৰ বব।

14গৃহটিৰ সকলো সেৱকীয়া কাৰ্যত আৰু তাত কৰিব লগা আটাই কৰ্মত মই তেওঁলোকক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।

15কিন্তু ইস্ৰায়েলৰ সন্তান সকল মোৰ পৰা বিপথে যোৱা কালত, মোৰ ধৰ্মধামৰ ৰক্ষণীয় ৰক্ষা কৰা চাদোকৰ সন্তান লেবীয়া পুৰোহিতসকলে হ’লে, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ গুৰিলৈ আহিব; আৰু প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে তেল আৰু তেজ মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ মোৰ আগত থিয় হ’ব।

16‘তেওঁলোকে মোৰ ধৰ্মধামত সোমাব, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ মেজৰ ওচৰলৈ আহিব আৰু মোৰ ৰক্ষণীয় ৰক্ষা কৰিব।

17আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাইদি সোমালে, তেওঁলোকে শণ সূতাৰ বস্ত্ৰ পিন্ধিব; আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাত আৰু গৃহত পৰিচৰ্যা কৰোঁতে তেওঁলোকৰ গাত নোমৰ কাপোৰ নাথাকিব।

18তেওঁলোকৰ মুৰত শণ সূতাৰ পাগুৰি, আৰু কঁকালত শণ সূতাৰ জাঙিয়া থাকিব; ঘাম উলিওৱা কোনো কাপোৰ তেওঁলোকে কঁকালত নাবান্ধিব।

19যেতিয়া তেওঁলোকে বাহিৰ চোতালখনলৈ, তেওঁলোকৰ গুৰিলৈ বাহিৰ চোতালখনলৈকে ওলাই যাব, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ সোলোকাই পবিত্ৰ কোঁঠালিবোৰত থব আৰু তেওঁলোকৰ বস্ত্ৰেৰে তেওঁলোকক পবিত্ৰ নকৰিবৰ কাৰণে আন বস্ত্ৰ পিন্ধিব।

20তেওঁলোকে মূৰ নুখুৰাব, বা চুলি দীঘল হ’বলৈ নিদিব, কেৱল মূৰৰ চুলি কাটিব।

21ভিতৰ-চোতালখনত সোমোৱা সময়ত কোনো পুৰোহিতে দ্ৰাক্ষাৰস পান নকৰিব।

22তেওঁলোকে বিধৱা, বা পৰিত্যক্ত স্ত্রীক বিয়া নকৰিব, কিন্তু ইস্ৰায়েল বংশৰ ঔৰসত জন্মা কুমাৰীক, বিধৱা হ’লেও, পুৰোহিতৰ বিধৱাক বিয়া কৰিব।

23আৰু তেওঁলোকে মোৰ প্ৰজাসকলক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব।

24আৰু কোনো বিবাদ হ’লে, তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব; আৰু মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।

25আৰু তেওঁলোকৰ কোনেও নিজকে অশুচি কৰিবলৈ মৰা মানুহৰ ওচৰলৈ নাযাব, কিন্তু, বায়েক, মাক, পুতেক, জীয়েক আৰু ভায়েকৰ কি স্বামী নোহোৱা ভনীয়েকৰ কাৰণে নিজকে অশুচি কৰিব পাৰে।

26কোনো পুৰোহিত শুচি হোৱাৰ পাছত তাৰ কাৰণে সাত দিন নিৰূপণ কৰা হ’ব।

27প্ৰভু যিহোৱাই কৈছে, ‘ধৰ্মধামত পৰিচৰ্যা কৰিবলৈ, ধৰ্মধামত ভিতৰ-চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব।’

28‘আৰু পুৰোহিতসকলে এক আধিপত্য পাব; ময়েই তেওঁলোকৰ সেই আধিপত্য; আৰু তেওঁলোকে তেওঁলোকক ইস্ৰায়েলৰ মাজত কোনো আধিপত্য নিদিব; ময়েই তেওঁলোকৰ আধিপত্য।

29ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি, আৰু দোষাৰ্থক বলি তেওঁলোকেই খাব; আৰু ইস্ৰায়েলৰ প্ৰত্যেক বৰ্জিত বস্তু তেওঁলোকৰেই হ’ব;

30আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ ভাগ আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতসকলৰেই হ’ব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ কাৰণে তুমি তোমাৰ খৰচিয়া শস্যৰ আগ ভাগ পুৰোহিতক দিবা।

31আৰু চৰাই হওঁক কি পশু হওঁক, নিজে মৰা বা জন্তুৱে ছিৰা একোকেই পুৰোহিতসকলে নাখাব।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath