যিহিষ্কেল 40
1আমি বাবিলনৰ পৰা দেশান্তৰিত হোৱাৰ পঁচিশ বছৰৰ বছৰি, বছৰৰ আৰম্ভণত, মাহৰ দশম দিনা, নগৰখন প্ৰহাৰিত হোৱাৰ চতুৰ্দ্দশ বছৰৰ সেই দিনাই যিহোৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে।
2তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইস্ৰায়েল দেশলৈ নি এখন অতিশয় ওখ পৰ্ব্বতত বহুৱালে; তাৰ ওপৰত দক্ষিণফালে এক নগৰস্বৰূপ গৃহ দেখা গৈছিল।
3তেতিয়া তেওঁ মোক তালৈ নিলে, আৰু চোৱা, হাতত এগছ শণ সূতাৰ ৰছী আৰু এডাল পৰিমান-নল লোৱা পিতলৰ আভাৰ দৰে আবা থকা এজন পুৰুষ আছিল; তেওঁ বাট-চৰাত থিয় হৈ আছিল।
4পাছে সেই পুৰুষে মোক ক’লে, “হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা আৰু মই তোমাক যি যি দেখুৱাম, সেই সকলোলৈ মন দিয়া; কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম, এই অভিপ্ৰায়েৰেহে তোমাক ইয়ালৈ অনা হ’ল; তুমি যি যি দেখিবা, সেই সকলোকে ইস্ৰায়েল বংশক জনাবা।
5আৰু চোৱা, গৃহৰ বাহিৰে চাৰিওফালে এটা গড় আছিল, আৰু পুৰুষজনৰ হাতত জুখিবৰ কাৰণে ছহাত দীঘল এডাল নল আছিল; তাৰ প্ৰত্যেক হাতৰ জোখ এক হাত চাৰি আঙুল; পাছে তেওঁ গড় জুখিলত, ডাঠে এক নল, আৰু ওখই এক নল হ’ল।
6তেতিয়া তেওঁ পূৱফালে মুখ কৰা বাট-চৰালৈ আহি তাৰ খটখটিয়েদি উঠিল আৰু তেওঁ সেই বাট-চৰাৰ দুৱাৰডলি জুখিলত, বহলে এক নল হ’ল; আৰু এক নল বহল আন দুৱাৰডলিও আছিল।
7আৰু প্ৰত্যেক প্ৰহৰী কোঁঠালি এক নল দীঘল আৰু এক নল বহল আছিল, আৰু সেই কোঁঠালিবোৰ পাঁচ হাত পাঁচ হাত অন্তৰে আছিল; আৰু গৃহৰ ফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ কাষত থকা দুৱাৰডলি এক নল আছিল।
8তেওঁ বাট-চৰাটোৰ গৃহৰ ফাললৈ থকা বাৰাণ্ডা জুখি এক নল পালে।
9পাছত তেওঁ বাট-চৰাটোৰ বাৰাণ্ডা জুখি আঠ হাত পালে আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ জুখি দুহাত দুহাত পালে আৰু বাট-চৰাটোৰ বাৰাণ্ডা গৃহৰ ফাললৈ আছিল।
10আৰু সেই পূৱফালৰ বাট-চৰাটোৰ প্ৰহৰী কোঁঠালি এফালে তিনটা আনফালে তিনটা আছিল, সেই তিনিওটা একে জোখৰ; আৰু ইফালে সিফালে থকা, পহৰী কোঁঠালি পৃথক কৰা দেৱালবোৰ একে জোখৰ।
11পাছে তেওঁ বাট-চৰাটোৰ প্ৰৱেশস্থানৰ প্ৰস্থ জুখি দহ হাত পালে আৰু বাট-চৰাটোৰ দৈৰ্ঘ্য জুখি তেৰ হাত পালে।
12আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালিৰ আগত ইফালে এশ হাতৰ সিফালে এশ হাতৰ সীমা আছিল আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালি ইফালে ছহাত সিফালে ছহাত আছিল।
13আৰু তেতিয়া তেওঁ এটা প্ৰহৰী-কোঁঠালিৰ চালৰ পৰা আন চাললৈকে বাট-চৰাটো জুখি পঁচিশ হাত বহল পালে, দুৱাৰ সন্মুখা-সন্মুখি।
14তেতিয়া তেওঁ বাৰাণ্ডাৰ জোখ থিৰ কৰি বিশ হাত পালে; বাট-চৰাটোৰ কেউফালে থকা চোতালখন বাৰাণ্ডাত লাগি আছিল।
15আৰু বাট-চৰাটোৰ প্ৰৱেশস্থানৰ সন্মুখৰ পৰা বাট-চৰাটোৰ গৃহৰ ফালে থকা বাৰাণ্ডাৰ সন্মুখলৈ পঞ্চাশ হাত।
16প্ৰহৰী–কোঁঠালিবোৰত, বাট-চৰাটোৰ ভিতৰে কেউফালে সেইবোৰ পৃথক কৰা দেৱালবোৰত, আৰু সেইদৰে খিলানবোৰত, চিলিঙি দিয়া খিড়িকি আছিল আৰু সেই খিড়িকি ভিতৰে কেউফালে আছিল আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল।
17তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নিলে আৰু চোৱা, চোতালখনৰ কেউফালে সজা অনেক কোঁঠালি আৰু শিল পাৰি দিয়া এডোখৰ ঠাই আছিল; সেই ঠাইডোখৰত ত্ৰিশটা কোঁঠালি আছিল।
18আৰু ঠাইডোখৰ বাট-চৰাকেইটাৰ কাষে কাষে আছিল; সেয়ে বহলে বাট-চৰাকেইটাৰ দীঘলৰ সমান সেয়ে শিলপাৰি দিয়া চাপৰ ঠাই।
19পাছত তেওঁ তলৰ বাট-চৰাটোৰ সন্মূখৰ পৰা ভিতৰৰ চোতালখনৰ সন্মূখলৈ, বাহিৰে প্ৰস্থ জুখি পূৱ আৰু উত্তৰ দুয়োফালে এশ এশ হাত পালে।
20পাছত তেওঁ বাহিৰ চোতালখনৰ উত্তৰ ফালে মুখ কৰা বাট-চৰাটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জুখিলে।
21তাৰ প্ৰহৰী-কোঁঠালি ইফালে তিনিটা সিফালে তিনিটা আছিল আৰু তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলনিবোৰ প্ৰথম বাট-চৰাটোৰ পৰিমান মতেই; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।
22তাৰ খিড়িকিবোৰ, তাৰ খিলনিবোৰ আৰু তাৰ খাজুৰ গছৰ আকৃতিৰ পূৱফালৰ বাট-চৰাটোৰ পৰিমান মতেই; সাতখাপ গৈ তাৰ ওপৰত উঠা যায়; তাৰ খিলনিবোৰ ভিতৰ ফালে আছিল।
23উত্তৰফালৰ বাট-চৰাটোৰ আৰু পূৱফালৰ বাট-চৰাটোৰ সন্মুখত ভিতৰ চোতালখনৰ বাট-চৰা আছিল; আৰু তেওঁ এটা বাট-চৰাৰ পৰা আন এটা বাট-চৰাটোলৈ জুখি এশ হাত পালে।
24পাছত তেওঁ মোক দক্ষিণ ফাললৈ নিলে আৰু চোৱা, দক্ষিণফালে মুখ কৰা এটা বাট-চৰা আছিল আৰু তেওঁ তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ তাৰ খিলনিবোৰ জুখি সেই পৰিমানতেই পালে।
25তাত আৰু তাৰ কেউফালে থকা খিলানবোৰত ওপৰে কোৱা খিড়িকিৰ দৰে খিড়িকি আছিল, তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।
26তাৰ ওপৰত উঠিবলৈ সাতখাপ আছিল; তাৰ খিলানবোৰ ভিতৰ ফালে আছিল আৰু তাৰ বাৰাণ্ডা ওলাই থকা সন্মুখৰ দুই ভাগত ইফালে সিফালে খাজুৰ গছৰ আকৃতি আছিল।
27আৰু দক্ষিণ পালে ভিতৰ চোতালখনৰ এটা বাট-চৰা আছিল; তেওঁ এটা বাট-চৰাৰ পৰা আনটোলৈ দক্ষিণ পালে জুখি এশ হাত পালে।
28পাছে তেওঁ মোক দক্ষিণফালৰ বাট-চৰাইদি ভিতৰ চোতালখনলৈ নিলে আৰু তেওঁ দক্ষিণৰ বাট-চৰা জুখি সেই পৰিমাণমতেই পালে;
29তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ পৰা ওলাই থকা বাৰাণ্ডাৰ দুই ভাগ, আৰু তাৰ খিলানবোৰ সেই পৰিমাণমতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকি আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।
30আৰু কেউফালে পঁচিশ হাত দীঘল আৰু পাঁচ হাত বহল খিলানবোৰ আছিল;
31তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল, আৰু তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।
32পাছত তেওঁ মোক পূৱফাললৈ ভিতৰ চোতালখনৰ মাজলৈ নিলে আৰু বাট-চৰাটো জুখি সেই পৰিমাণতেই পালে।
33তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকি আছিল; বাট-চৰাটো পঞ্চাশ হাত দীঘল আৰু পঁচিশ হাত বহল।
34তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল আৰু ইফালে সিফালে তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।
35পাছত তেওঁ মোক উত্তৰ বাট-চৰাটোলৈ নিলে আৰু তেওঁ তাক জুখি সেই পৰিমাণমতেই পালে।
36তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল আৰু কেউফালে তাত খিড়িকি আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁছিশ হাত আছিল।
37তাৰ বাৰাণ্ডা বাহিৰ চোতালৰ ফাললৈ আছিল আৰু তাৰ ইফালে সিফালে ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।
38প্ৰত্যেক বাট-চৰাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত দুৱাৰ থকা এটা এটা কোঁঠালি আছিল; তাত হোম-বলি ধোৱা হয়।
39হোম-বলি, পাপাৰ্থক-বলি আৰু দোষাৰ্থক বলি কাটিবলৈ বাট-চৰাটোৰ বাৰাণ্ডাত ইফালে দুখন সিফালে দুখন মেজ আছিল।
40আৰু উত্তৰ ফালৰ বাট-চৰাটোৰ প্ৰৱেশস্থানত খটখটিৰ ওচৰত বাহিৰে এফালে দুখন মেজ আছিল আৰু আনফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ দাঁতিত দুখন মেজ আছিল।
41এইদৰে বাট-চৰাটোৰ ভিতৰত চাৰিখন আৰু বাট-চৰাটোৰ বাহিৰত চাৰিখন মেজ আছিল; বলি কাটিবলৈ সৰ্ব্বমুঠ আঠখন মেজ আছিল।
42আৰু হোম-বলিৰ অৰ্থে ডেৰ হাত দীঘল, ডেৰ হাত বহল, আৰু এক হাত ওখ, কটাশিলৰ এনে চাৰিখন মেজ আছিল; তাত হোম-বলি আৰু আন আন বলি কটা অস্ত্ৰ ৰখা হয়।
43আৰু ভিতৰে কেউফালে চাৰি আঙুলিয়া হাঁকোটিবোৰ লগোৱা আছিল আৰু মেজ কেইখনত উৎসৰ্গ কৰি মাংস থোৱা হয়।
44আৰু ভিতৰ বাট-চৰাটোৰ বাহিৰত উত্তৰ বাট-চৰাটোৰ কাষত ভিতৰ চোতালখনত গায়ন-বায়নসকলৰ কাৰণে কেইটামান কোঁঠালি আছিল, সেইবোৰৰ মুখ দক্ষিণ ফালে; পূৱ বাট-চৰাটোৰ কাষত উত্তৰ ফালে মুখ কৰা এটা কোঁঠালি আছিল।
45আৰু তেওঁ মোক ক’লে, “দক্ষিণফালে মুখ কৰা এই কোঁঠালিটো গৃহ ৰক্ষক পুৰোহিতসকলৰ কাৰণে।
46আৰু উত্তৰ ফালে মুখ কৰা কোঁঠালিটো যজ্ঞ-বেদি ৰক্ষক পুৰোহিতসকলৰ কাৰণে; তেওঁলোক চাদোকৰ সন্তান; লেবীৰ সন্তান সকলৰ মাজৰ পৰা তেওঁলোকেই যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ তেওঁৰ গুৰিলৈ আহে।
47আৰু তেওঁ চোতালখন জুখি এশ হাত দীঘল আৰু এশ হাত বহল পালে, সেয়ে চাৰিওফালে সমান; যজ্ঞ-বেদিটো গৃহৰ আগত আছিল।
48পাছত তেওঁ মোক গৃহৰ বাৰাণ্ডালৈ নি, সেই বাৰণ্ডাৰ ওলাই থকা সন্মুখৰ প্ৰত্যেক ভাগ জুখি, ইফালে পাঁচ হাত সিফালে পাঁচ হাত পালে, আৰু প্ৰত্যেক প্ৰৱেশস্থানৰ কাষৰ ওলাই থকা ভাগৰ প্ৰস্থ ইফালে তিনি হাত আনফালে তিনি হাত পালে।
49বাৰাণ্ডাৰ দৈৰ্ঘ্য বিশ হাত আৰু প্ৰস্থ বাৰ হাত আছিল আৰু তালৈ উঠিব পৰা খটখটী আছিল; আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত এফালে এটা স্তম্ভ আৰু আনফালে এটা স্তম্ভ আছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath