খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিহিষ্কেল 36

1এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘হে ইস্রায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে যিহোৱাৰ বাক্য শুনা!

2প্ৰভু যিহোৱাই এই কথা কৈছে: শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, “ভাল হৈছে”, আৰু “পুৰাতন উচ্চস্থানবোৰ আমাৰ অধিকাৰ হ’ল’।”

3এই হেতুকে ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: জাতিবোৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ কাৰণে, তেওঁলোকে তোমালোকক ধ্বংস কৰিলে আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে; আৰু তোমালোক গপীহঁতৰ গপৰ ও লোকসকলে চৰ্চ্চি ফুৰাৰ বিষয় থ’লো।

4এই কাৰণে, হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা: চাৰিওফালে থকা জাতিবোৰৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন, ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভু যিহোৱাই এইদৰে কৈছে -

5সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু যিহোৱাই এইদৰে কৈছে: লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবোৰৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ বাবে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, তেওঁলোকৰ অহিতে মোৰ অন্তৰ্জ্বালাৰ অগ্নিত মই কৈছোঁ।

6এতেকে তুমি ইস্ৰায়েলৰ দেশৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰি পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! জাতিবোৰে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জ্বালাত আৰু মোৰ ক্ৰোধত মই কৈছোঁ।

7এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব।

8কিন্তু হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে হ’লে, তোমালোকৰ ডালবোৰ বঢ়াবা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ কাৰণে তোমালোকে ফল উৎপন্ন কৰিবা, কিয়নো তেওঁলোকৰ অহা সময় ওচৰ চাপিছে।

9কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।

10আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইকে বঢ়াম। আটাইকে! তেতিয়া আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।

11আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবোৰ বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু তেতিয়া মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তেতিয়াহে মই যে যিহোৱা, তাক তোমালোকে জানিবা।

12এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ’বা, আৰু তুমি তেওঁলোকক পুনৰায় সন্তানহীন নকৰিবা।

13প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি মনুষ্য গ্ৰাসকাৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীন-কাৰিণী” বুলি তেওঁলোকে তোমালোকক কয়;

14এই হেতুকে প্ৰভু যিহোৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা।

15আৰু জাতিবোৰে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকসকলৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুটি নুখুৱাবা, ইয়াক প্ৰভু যিহোৱাই কৈছে।

16তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

17“হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা স্ত্রীৰ অশৌচৰ দৰে আছিল।

18এই হেতুকে, তেওঁলোকে দেশত ৰক্তপাত কৰাৰ কাৰণে, আৰু তেওঁলোকৰ মুৰ্ত্তিৰে তাক অশুচি কৰাৰ কাৰণে, মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষালোঁ।

19আৰু মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্নভিন্ন কৰিলোঁ, তেওঁলোক দেশবোৰৰ মাজত গোট গোট হ’ল; তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ।

20তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।

21কিন্তু ইস্ৰায়েল-বংশ যোৱা জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণে মোৰ দয়া জন্মিল।

22এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল বংশ, মই তোমালোকৰ কাৰণে কাৰ্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবোৰৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম।

23আৰু জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা জাতিবোৰ মাজত অপবিত্ৰীকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম; আৰু প্ৰভু যিহোৱাই কৈছে, যেতিয়া মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই যে যিহোৱা, ইয়াকে জাতিবোৰে জানিব।

24কিয়নো মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক লৈ, আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ লৈ যাম।

25তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।

26মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম।

27আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা।

28আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত তোমালোকে বাস কৰিবা; আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।

29মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহুধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম।

30তোমালোকে জাতিবোৰৰ মাজত দুৰ্ভিক্ষৰ দুৰ্ণাম আৰু নাপাবৰ কাৰণে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম।

31তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্যৰ কাৰণে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।

32প্ৰভু যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য নকৰোঁ, ‘ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ কাৰণে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।’

33প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুণৰায় নিৰ্ম্মাণ কৰা হ’ব।

34আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ তোমালোকে চহাবা।

35আৰু তেতিয়া তেওঁলোকে ক’ব, “এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।”

36তেতিয়া মই যিহোৱায়েই যে ভগা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলোঁ, আৰু ধ্বংস কৰা ঠাই বাৰী কৰিলোঁ, ইয়াকে তোমালোকৰ চাৰিওফালে অৱশিষ্ট থকা জাতিবোৰে তেতিয়া জানিব। মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।’

37প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।

38পবিত্ৰ মেৰ-ছাগৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ মেৰ-ছাগৰ জাকৰেই দৰেই ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath