যিহিষ্কেল 35
1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2“হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3আৰু তাক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে চেয়ীৰ পৰ্ব্বত, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস কৰিম আৰু বিস্ময়ৰ ঠাই কৰিম।
4মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু অৱহেলিত হ’বা; তেতিয়া মই যে যিহোৱা ইয়াক তুমি জানিবা।
5কিয়নো ইস্রায়েলৰ সন্তান সকলৰ প্রতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিলা -
6এই কাৰণে, প্ৰভু যিহোৱাই কৈছে, ‘মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। যিহেতু তুমি ৰক্তময় ঘিণ কৰা নাছিলা, ৰক্তই তোমাক অনুসৰণ কৰিব।
7এইদৰে মই চেয়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম।
8আৰু মই তাৰ হত হোৱা লোকেৰে সৈতে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম। তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকল পতিত হ’ব।
9মই তোমাক চিৰকলীয়া ধ্বংসস্থানত পৰিণত কৰিম। তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব, কিন্তু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
10তুমি কৈছা, “সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।”
11এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ‘মই তোমাৰ ক্ৰোধ অনুসাৰে, আৰু তেওঁলোকক ঘিণ কৰি তুমি দেখুউৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য কৰিম; আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই তেওঁলোকৰ মাজত নিজকে চিনাকি দিম।
12গতিকে তুমি জানিবা যে ময়েই যিহোৱা! ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই শুনিলোঁ।
13আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।
14প্ৰভু যিহোৱাই এই কথা কৈছে: গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম।
15ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath