যিহিষ্কেল 34
1তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰ সন্তাপৰ পাত্ৰ! মেৰ-ছাগ ৰখীয়াবোৰে জানো মেৰ-ছাগবোৰক প্ৰতিপালন কৰিব নালাগে?
3তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে পিন্ধা কাপোৰ কৰি লোৱা! তোমালোকে হৃষ্টপুষ্ট মেৰ-ছাগবোৰ বধ কৰা! কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা।
4তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, আৰু কোনোজন যদি ৰোগত আক্রান্ত হৈ আছে তেওঁকো সুস্থ নকৰিলা। যিসকল ভাগি পৰিছে, তেওঁলোকক তুমি একত্রিত নকৰিলা, নাইবা জাতিচ্যুত লোকক পুনৰাই ঘূৰাই নানিল বা হেৰোৱাজনক নিবিচাৰিলা। বৰং বল আৰু উপদ্ৰৱেৰে তোমালোকে তেওঁলোকৰ ওপৰত ৰাজত্ব চলালা।
5তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
6মোৰ মেৰ-ছাগবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ মেৰ-ছাগবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”
7এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ বাক্য শুনা:
8প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো মেৰ-ছাগ ৰখীয়াবোৰে মোৰ মেৰ-ছাগবোৰ নিবিচৰাত আৰু মোৰ মেৰ-ছাগবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ মেৰ-ছাগবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
9এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ ঘোষণা শুনা:
10“প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই মেৰ-ছাগ ৰখীয়াবোৰৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ মেৰ-ছাগবোৰ আদায় কৰিম। আৰু তেওঁলোকক মেৰ-ছাগ ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; মেৰ-ছাগ ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ মেৰ-ছাগবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা মেৰ-ছাগবোৰক উদ্ধাৰ কৰিম।”
11কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ মেৰ-ছাগবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম।
12নিজ মেৰ-ছাগবোৰৰ মাজত থকা দিনা মেৰ-ছাগ ৰখীয়াই ছিন্ন-ভিন্ন হোৱা নিজৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিওৱাৰ দৰে, মই মোৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিয়াম; আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা, সেইবোৰ ছিন্ন-ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম।
13তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।
14মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম; আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰ তেওঁলোকৰ চৰণীয়া ঠাই হ’ব। তেওঁলোকে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব।
15ময়েই মোৰ মেৰ-ছাগবোৰক চৰাম আৰু মই নিজেই সেইবোৰক শয়ন কৰাম।” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।
16“মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!
17আৰু তোমালোক, হে মোৰ মেৰ-ছাগৰ জাক,” প্ৰভু যিহোৱাই এই কথা কৈছে “চোৱা! তোমালোকৰ বিষয়ে হ’লে, মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম, মতা মেৰ-ছাগ আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম!
18এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা?
19কিন্তু এতিয়া মোৰ মেৰ-ছাগবোৰৰ ৰখীয়াৰ দ্বাৰাই চালিত, মোৰ মেৰ-ছাগবোৰে হ’লে, তোমালোকে তোমালোকৰ ভৰিৰে গচকা ঘাঁহহে খাবলৈ পায়, আৰু তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়।”
20এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ মেৰ-ছাগবোৰৰ মাজত বিচাৰ কৰিম,
21তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা!
22এই কাৰণে মই মোৰ মেৰ-ছাগৰ জাকক ৰক্ষা কৰিম; তেওঁলোক আৰু লুটদ্ৰব্য নহ’ব। আৰু মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম!
23আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
24কাৰণ মই, যিহোৱাই, মোৰ লোকসকলৰ ঈশ্বৰ হ’ম, আৰু মোৰ দাস তেওঁলোকৰ মাজত অধিপতি হ’ব! ইয়াক মই, যিহোৱাই ঘোষণা কৰিলোঁ!
25আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব।
26আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।
27আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম।
28আৰু তেওঁলোক জাতিবোৰৰ লুটদ্ৰব্য আৰু নহ’ব, বা বনৰীয়া জন্তুবোৰে তেওঁলোকক গ্ৰাস নকৰিব; কিন্তু তেওঁলোকে নিৰাপদে বাস কৰিব, আৰু তেওঁলোকে শংকিত নহ’ব।
29মই গৌৰৱৰ অৰ্থে তেওঁলোকৰ বাবে এটি পুলি উৎপন্ন কৰিম; তেওঁলোক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবোৰে দিয়া লাজ তেওঁলোকে আৰু ভোগ নকৰিব।
30তেতিয়া তেওঁলোকে জানিব যে যিহোৱা তেওঁলোকৰ ঈশ্বৰ, মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোক ইস্ৰায়েলৰ বংশ, মোৰ প্ৰজা!” প্ৰভু যিহোৱাই ইয়াকে ঘোষণা কৰিছে।
31আৰু প্ৰভু যিহোৱাই কৈছে, কাৰণ তোমালোক মোৰ মেৰ-ছাগ, মোৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ, আৰু মোৰ প্রজা হোৱা! মই তোমালোকৰ ঈশ্বৰ হ’ম!” এয়েই প্রভু যিহোৱাৰ ঘোষণা’।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath