যিহিষ্কেল 32
1তেতিয়া আমাৰ নিৰ্বাসনৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”
3প্ৰভু যিহোৱাই এই কথা কৈছে: গতিকে মই অনেক লোক সকলে সৈতে, তোমাৰ ওপৰত মোৰ জাল পেলাম, আৰু তেওঁলোকে তোমাক মোৰ জালেৰে আনিব!
4পাছত মই তোমাক বামত এৰি দিম! মই তোমাক পথাৰত পেলাই দিম আৰু আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰিবলৈ দিম; আৰু গোটেই পৃথিৱীৰ ভোকত থকা জন্তুবোৰে তোমাক ভক্ষন কৰি সিহঁতৰ হেপাহ পলোৱাব।
5মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম আৰু তোমাৰ দীঘল শৱেৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম!
6তেতিয়া মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ তেজ বাকি দিম, আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ’ব!
7আৰু তেতিয়া মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম; মই এডোখৰ মেঘেৰে সূৰ্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব।
8আকাশ-মণ্ডলৰ উজ্জ্বল দীপ্তিবোৰ মই তোমাৰ ওপৰত অন্ধকাৰময় কৰিম, আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
9“যেতিয়া মই জাতিবোৰৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই দেশসমূহৰ লোকৰ হৃদয়ত বেজাৰ দিম।
10এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”
11কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাৰ বিৰুদ্ধে আক্ৰমণ কৰিব।
12ৰণুৱাসকলৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোক সমূহক নিপাত কৰিম; প্রত্যেক ৰণুৱাই জাতি সমূহৰ ভয়ানক লোক! এই ৰণুৱাসকলে মিচৰৰ গৰ্ব্বৰ বস্তু লুট কৰিব, আৰু তাৰ আটাই লোক সমূহক নষ্ট কৰিব।
13মই অনেক জল সমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম; আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নলৰিব!
14তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
15“যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
16এয়ে কৰিবলগীয়া তেওঁলোকৰ বিলাপ! জাতিবোৰৰ জীয়াৰীসকলে ইয়াৰে বিলাপ কৰিব, তেওঁলোকে গোটেই মিচৰত বিলাপ কৰিব। তেওঁলোকে আটাই দাসবোৰৰ বাবে বিলাপ কৰিব!” এয়েই প্ৰভু যিহোৱাৰ ঘোষণা!
17পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
18“হে মনুষ্য সন্তান, তুমি মিচৰৰ দাসকলৰ বিষয়ে ক্রন্দন কৰা, আৰু তেওঁলোকক তললৈ পেলাই দিয়া - তাক আৰু বিখ্যাত জাতি সমূহৰ জীয়াৰীসকলে গাতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অৰ্দ্ধভাগলৈ পেলাই দিয়া!
19তুমি সকলোতকৈ সুন্দৰী নে? নামি যোৱা অচুন্নৎসকলৰ লগত শয়ন কৰা!
20তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকলৰ মাজত পতিত হ’ব! মিচৰক তৰোৱালত শোধাই দিয়া হৈছে; তাইৰ শত্রুসকলে তাইক আৰু তাইৰ দাসবোৰক টানি লৈ যাব!
21পৰাক্ৰমী বীৰসকলে চিয়োলত তাইৰ আৰু তাইৰ সহায়কাৰীসকলক কথা ক’ব: তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎসকল তললৈ নামি গৈ পৰি আছে!’
22অচূৰ আৰু তাৰ আটাই লোক সমূহ তাত আছে; তাইৰ মৈদামবোৰ তাইৰ চাৰিওফালে আছে; তেওঁলোক আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।
23তেওঁলোকৰ মৈদামবোৰ গাতৰ অন্তভাগত কৰা হ’ল আৰু তাৰ লোক সমূহ তাৰ মৈদামৰ চাৰিওফালে আছে। আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল আৰু তেওঁলোকৰ মৈদামবোৰ চাৰিওফালে আছে, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল!
24এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
25হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে!
26মেচেক তুবল, আৰু তাৰ আটাই দাসবোৰ তাত আছে! তাৰ চাৰিওফালে তেওঁলোকৰ মৈদামবোৰ আছে! তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল।
27যি বীৰসকল অচুন্নৎ অৱস্থাৰে পতিত হ’ল, যিসকলে নিজ নিজ যুদ্ধৰ অস্ত্ৰেৰে সৈতে চিয়োললৈ নামি গ’ল, যিসকলৰ তৰোৱাল তেওঁলোকৰ মূৰৰ তলত থোৱা হ’ল, আৰু জীৱিতসকলৰ দেশত বীৰসকলৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিসকলৰ হাড়বোৰত তেওঁলোকৰ অপৰাধ লাগি আছে, সেই বীৰসকলৰ লগত, তেওঁলোক নুশুব।
28গতিকে তুমি মিচৰ, তুমিও অচুন্নৎসকলৰ মাজত ভগ্ন হ’বা! আৰু তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে শয়ন কৰিবা।
29ইদোম, তাইৰ ৰজাসকল, আৰু তাইৰ আটাই প্ৰধান লোক তাত আছে; তেওঁলোক পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে তেওঁলোকক ৰখা হৈছে; তেওঁলোক অচুন্নৎসকলৰ সৈতে, গাতলৈ নামি যোৱাসকলৰ লগত শুব।
30হত হোৱাসকলেৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে! তেওঁলোকে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো তেওঁলোকে লাজ পাইছে, আৰু তেওঁলোকে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎ অৱস্থাৰেই পৰি আছে, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
31ফৰৌণে তেওঁলোকক দেখি নিজৰ আটাই লোক সকলৰ বাবে শান্ত্বনা পাব।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
32“কিয়নো মই জীৱিতসকলৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভু যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎসকলৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোক সমূহক ৰখা হ’ব। এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath