খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিহিষ্কেল 27

1যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহিল, আৰু ক’লে,

2“হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা,

3আৰু তূৰক কোৱা, ‘তোমালোক যিসকল সাগৰৰ প্ৰৱেশস্থানত-নিবাস কৰা অনেক দ্বীপত থকা বাণিজ্যকাৰিণীসকলক কোৱা বোলে, প্ৰভু যিহোৱাই এই কথা কৈছে: হে তূৰ! তুমি কৈছিলা “মই পৰম সুন্দৰী’!”

4তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল; তোমাৰ নিৰ্ম্মাণকাৰীবোৰে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল।

5তেওঁলোকে চনীৰৰ পৰা অনা দেৱদাৰু কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল; তেওঁলোকে তোমাৰ কাৰণে এডাল মাস্তুল কৰিবলৈ লিবানোনৰ পৰা এৰচ কাঠ আনিছিল।

6তেওঁলোকে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; তেওঁলোকে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠবোৰ আনিছিল আৰু তাতে তেওঁলোকে তাৰ ওপৰত হাতীৰ দাঁতেদি শায়িত কৰি তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ সাজিছিল।

7তোমালৈ নিচানস্বৰূপ হ’বৰ কাৰণে, তোমাৰ নাৱৰ পালবোৰ মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰ ৰং কৰা হৈছিল! তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল।

8যি লোকসকল চীদোন আৰু অৰ্বদত বাস কৰি আছিল, তেওঁলোক তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোকসকল তোমাৰ মাজত আছিল আৰু তোমাৰ পথ প্রদৰ্শক আছিল।

9গবলৰ বিশেষ অভিজ্ঞতা থকা কাৰিকৰবোৰে তোমাৰ জাহাজবোৰক মেৰামতি কৰিছিল; তোমাৰ বাণিজ্য-দ্ৰব্য বেহা-বেপাৰ কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাৱিকবোৰ তোমাৰ মাজত আছিল!

10পাৰস্য, লুদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্ত আছিল, তেওঁলোক তোমাৰ ৰণুৱা! তেওঁলোকে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল; তেওঁলোকে তোমাক সুশোভিতা কৰিছিল!

11তোমাৰ সৈন্য-সামন্তেৰ অৰ্বদ আৰু সেলেখৰ লোকসকল তোমালোকক চাৰিওফালে তোমাৰ গড়বোৰৰ ওপৰত আছিল, আৰু গম্মদীয়া লোকসকল তোমাৰ দুৰ্গবোৰত আছিল! তেওঁলোকে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আৰি থৈছিল! তেওঁলোকে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল!

12তোমাৰ সকলো প্ৰকাৰৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ গ্রাহক আছিল: তেওঁলোকে ৰূপ, লোহা, বগীতাম আৰু সীহ আনি সেইবোৰৰ বেপাৰ কৰিছিল!

13যাবন, তুবল আৰু মেচেক- তেওঁলোক তোমাৰ বেপাৰী আছিল; তেওঁলোকে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্যৰ সৈতে বেপাৰ কৰিছিল।

14তোগৰ্মা বংশীয় লোকসকলে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খছৰ দি তোমাৰ বয়-বস্তুবোৰ লৈছিল।

15দদানৰ লোকসকলেও তোমাৰ বেপাৰী আছিল। অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল। তেওঁলোকে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অবলুচ কাঠ তোমালোকৰ লগত সলনি কৰিছিল।

16তোমাৰ হাতেৰে সজা অনেক বস্তুৰ কাৰণে অৰাম আছিল তোমাৰ বণিক; তেওঁলোকে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, ৰঙীণ বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।

17যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ লগত বেপাৰী আছিল। তেওঁলোকে মিন্নীতৰ ঘেঁহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ বয়-বস্তু লৈছিল।

18তোমাৰ হাতেৰে সজা অধিক বয়-বস্তুবোৰ আৰু তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে দম্মেচক তোমাৰ বণিক আছিল; তাৰ লোকসকলে হিল্বোনৰ দ্ৰাক্ষাৰস আৰু মেৰ-ছাগৰ বগা নোম আনিছিল।

19উজালত থকা দান আৰু যাবনে তোমাক উজ্জ্বল লোহা, ডালচেনি আৰু সুগন্ধি বচ আদি বয়-বস্তুবোৰ যোগাৰ কৰিছিল। এয়ে তোমাৰ বাণিজ্য-দ্ৰব্য হ’বলৈ ধৰিলে।

20ঘোঁৰাত উঠিবৰ কাৰণে জীন কাপোৰৰ, দদান তোমাৰ ব্যৱসায়ী আছিল।

21আৰব আৰু কেদৰৰ আটাই মূখ্য লোকসকল তোমাৰ বণিক আছিল; তেওঁলোকে তোমাক মেৰ-ছাগ পোৱালি, মতা মেৰ আৰু মতা ছাগলী যোগাৰ কৰি দিছল।

22চিবাৰ আৰু ৰয়মাৰ বেপাৰীসকলে তোমাক সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য আৰু সকলো বিধৰ বহুমূল্য পাথৰ বিক্রী কৰিবলৈ আহিছিল; তেওঁলোকে সোণৰ সলনি তোমাৰ বয়-বস্তবোৰৰ বেপাৰ কৰিছিল।

23হাৰণ, কন্নি আৰু এদনৰ সৈতে চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বণিক আছিল।

24বহুমূল্য বস্ত্ৰ, নীল বৰণীয়া আৰু কাৰচিপি বন কৰা চোলা, আৰু ৰচীৰে বন্ধা এৰচ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৰেই তোমাৰ বনিক আছিল।

25তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল! সেই কাৰণে তুমি তোমাৰ সামগ্রীবোৰেৰে পৰিপূৰ্ণ হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা!

26তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজল সমূহলৈ লৈ আহিল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধংস কৰিলে।

27তোমাৰ ধন-সম্পত্তি, বয়-বস্তু, বাণিজ্য দ্ৰব্য; তোমাৰ পথ প্রদৰ্শকসকল, নাৱিকসকল, আৰু তোমাৰ জাহাজ নিৰ্মান কৰা লোকসকল; বাণিজ্য-দ্ৰব্যবোৰৰ বণিকসকল আৰু তোমাৰ লগত উপস্থিত থকা সকলো যুদ্ধাৰু আৰু তোমাৰ সকলো কৰ্মচাৰীবোৰ - তোমাৰ বিনাশৰ দিনা এই সকলো লোক সকলে সৈতে সমুদ্ৰৰ মাজত বিনষ্ট হ’ব।

28তোমাৰ পথ দৰ্শকসকলৰ চিঞৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিব।

29আটাই বঠা বাওঁতাসকলে নিজ নিজ জাহাজৰ পৰা বামত নামি আহিব; সমুদ্ৰৰ পথ দৰ্শক আৰু সকলো সমুদ্ৰৰ প্রত্যেক জন নাৱিকে মাটিৰ ওপৰত থিয় হ’ব।

30তেতিয়া তেওঁলোকে তোমাক তেওঁলোকৰ মাত শুনোৱাব আৰু বৰ বেজাৰেৰে শোক কৰিব; তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াব। তেওঁলোকে ছাইত বাগৰি পৰিব।

31তোমাৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ মূৰ টকলা কৰিব, চট কাপোৰেৰে কঁকাল বান্ধিব। আৰু অত্যন্ত শোকেৰে মনৰ তাপত তেওঁলোকে তোমাৰ কাৰণে কান্দিব।

32তেওঁলোকে হাহাকাৰ কৰি তোমাৰ বিলাপ কৰিবলৈ ধৰিব আৰু তোমাৰ বিষয়ে এই বিলাপৰ কথা ক’ব, তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে?

33সমুদ্ৰৰ পৰা তোমাৰ বয়-বস্তুবোৰ বৈ যোৱাৰ সময়ত তুমি অনেক লোকক সন্তুষ্ট কৰিলা; তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাসকলক তুমি চহকী কৰিছিলা!

34কিন্তু যেতিয়া তোমাক সমুদ্ৰৰ দ্বাৰাই জল সমূহৰ গভীৰ ঠাইবোৰত তোমাক ভগ্ন কৰা হৈছিল, তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল বুৰ গ’ল!

35দ্বীপ নিবাসী সকলোৱে তোমাক দেখি ভয় খালে, আৰু তেওঁলোকৰ ৰজাসকলৰ নোম শিয়ৰি উঠিল! তেওঁলোকৰ মুখমণ্ডল ভয়েৰে কপিলে!

36লোকসকলৰ মাজত থকা বণিকসকলে তোমাক দেখি ইচ ইচ কৰে। তুমি ত্ৰাসৰ বিষয় থ’লো, তুমি আৰু কেতিয়াও অৱশিষ্ট নাথাকিবা।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath