খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিহিষ্কেল 1

1ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা , মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ।

2পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা, যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ সময়ত,

3কলদীয়াসকলৰ দেশত, কবাৰ নদীৰ পাৰত, বুজীৰ পুত্ৰ পুৰোহিত যিহিষ্কেলৰ ওচৰলৈ যিহোৱাৰ বাক্য পৰাক্ৰমেৰে আহিল আৰু সেই ঠাইত যিহোৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ’ল।

4তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল।

5তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ’ল। তেওঁলোকৰ আকৃতি এনেকুৱা: তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল।

6কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল।

7তেওঁলোকৰ ভৰি পোন, কিন্তু তেওঁলোকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা আছিল; যি চিকুণ কৰা পিতলৰ দৰে জিলিকিছিল।

8তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিওজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল:

9তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনো ফালে নুঘূৰিছিল; তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল।

10তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল।

11তেওঁলোকৰ মুখ সেইদৰেই আছিল আৰু তেওঁলোকৰ ডেউকাৰ ওপৰ অংশ পৃথকে বহল হৈ গৈছিল, এইদৰে প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰৰ লগত লগ লাগি থাকে আৰু দুখন দুখন ডেউকাই তেওঁলোকৰ শৰীৰটো ঢাকি ৰাখে।

12তেওঁলোক প্ৰতিজনে পোনে পোনে ওলাই গৈছিল, এইদৰে যি ফালে আত্মাই তেওঁলোকক যাবলৈ আদেশ দিয়ে, তেওঁলোক সেই ফালেই নুঘূৰাকৈ গুচি যায়।

13সেই জীৱিত প্ৰাণী কেইজনৰ ৰূপ জ্বলি থকা জুইৰ আঙঠা আৰু এঙাৰবোৰৰ নিচিনা; উজ্জ্বল অগ্নিও তেওঁলোকৰ মাজত ঘূৰি ফুৰিছিল আৰু তাত অত্যন্ত বজ্রপাত পৰিছিল।

14সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰ আৰু তললৈ অহা-যোৱা কৰে, সেই জীৱিত প্ৰাণী কেইজনৰ গমন বিজুলীৰ চমকৰ দৰে দেখা যায়।

15মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁলোকৰ চাৰিখন মুখৰ প্ৰতিখনৰ বাবে তেওঁলোকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ।

16সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা আৰু সেইবোৰ বৈদূৰ্য্য মণিৰে কৰা যেন দেখা যায়; সেই চাৰিওটা একে প্ৰকাৰৰ। সেইবোৰৰ আভা আৰু সেইবোৰৰ গঠন দেখিলে চক্রৰ মাজত থকা চক্র যেন দেখা যায়।

17যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে।

18চকাৰ আঙঠিবোৰ ওখ আৰু ভয়ঙ্কৰ; আৰু সেইবোৰ আঙঠিবোৰৰ চাৰিওফালে চকুৰে ভৰা।

19যেতিয়া প্ৰাণী কেইজন যায়, তেতিয়া চক্র কেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু যেতিয়া প্ৰাণী কেইজনে মাটিৰ পৰা ওপৰলৈ উঠে, তেতিয়া চক্ৰ কেইটাও ওপৰলৈ উঠে।

20আত্মা ই য’লৈকে যাব খোজে, ত’লৈকে তেওঁলোকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁলোকৰ ওচৰতে ওপৰলৈ উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।

21তেওঁলোক গ’লে, সেইবোৰো যায়; তেওঁলোক ৰৈ গ’লে, সেইবোৰো ৰয়; আৰু তেওঁলোক মাটিৰ পৰা দাং খালে, চক্ৰ কেইটাও তেওঁলোকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।

22আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিক বৰণৰ, তেওঁলোকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল।

23চন্দ্ৰতাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।

24তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্য-সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ; তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়।

25তেওঁলোকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়; তেওঁলোক ৰৈ থকা সময়ত, তেওঁলোকে নিজ নিজ ডেউকা চপায়।

26তেওঁলোকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ এখন সিংহাসনৰ আকৃতিৰ দৰে এটা বস্তু আছিল; সেই বস্তুটোৰ ওপৰৰ ওখত এজন মানুহৰ আকৃতিৰ নিচিনা এটা মূৰ্তি আছিল।

27আৰু তেওঁৰ কঁকালত যেন বস্তুটোৰ পৰা ওপৰলৈ, মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ দৰে জুইৰ আকৃতি যেন দেখিলোঁ; আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তললৈ জুইৰ আকৃতি যেন দেখিলোঁ আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল।

28বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱৰ দৰে পদাৰ্থটোৰ ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath