খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিহিষ্কেল 18

1যিহোৱাৰ বাক্য আকৌ মোৰ ওচৰলৈ আহিল আৰু ক’লে,

2“ইস্ৰায়েল দেশৰ যোজনা যে তোমালোকে দিয়া, তাৰ অৰ্থ কি? আৰু এইবুলি কোৱা, ‘বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খাই কিন্তু তেওঁলোকৰ পুত্রসকলৰ দাঁত টেঙায়?’

3মোৰ জীৱনৰ শপত”- প্ৰভু যিহোৱাই এই কথা কৈছে, “ইস্ৰায়েলত এই যোজনা দিবলৈ তোমালোকে আৰু কেতিয়াও সুযোগ নাপাবা।

4চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!

5কোনো মানুহ যদি ধাৰ্মিক হয় আৰু যি উচিত আৰু ন্যায় তাকহে সম্পন্ন কৰে,

6আৰু যদি পৰ্ব্বতবোৰৰ পবিত্র স্থান বোৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমাবোৰলৈ চকু নোতোলে- বা নিজ ওচৰ চুবুৰীয়াৰ স্ত্রীক অশুচি কৰা নাই বা কোনো স্ত্রীৰ অশুচি হোৱা সময়ত তাইৰ ওচৰলৈ যোৱা নাই -

7আৰু কাকো অন্যায় কৰা নাই কিন্তু তাৰ সলনি তেওঁৰ ধৰুৱাক তেওঁৰ বন্ধক ঘূৰোৱাই দিছে - কাৰো বস্তু বলেৰে কাঢ়ি লোৱা নাই, কিন্তু তাৰ সলনি ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে;

8তেওঁ যদি সুতলৈ ধাৰ নিদিয়ে বা তাক বঢ়াই নিদিয়ে - বা অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰি, মোৰ বিধি বোৰত চ’লে,

9আৰু যথাৰ্থ কাৰ্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্মিক; তেওঁহে অৱশ্যে জীব!” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।

10কিন্তু যদি তেওঁৰ এজন উগ্র পুতেক আছে আৰু সি যদি ৰক্তপাত কৰা আদি তেনে কোনো কাৰ্যবোৰ কৰে -

11আৰু যদিও তেওঁৰ পিতৃয়ে সেইবোৰৰ কোনো কৰ্ত্তব্যৰ কৰ্ম নকৰে - কিন্তু যদি তেওঁৰ পুতেকে পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰত ভোজন কৰে আৰু নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীক অশুচি কৰে -

12সি যদি দুখী-দৰিদ্ৰক অন্যায় কৰে, বা যদি বলেৰে কাঢ়ি লয় বা বন্ধক ঘূৰোৱাই নিদিয়ে, প্রতিমাবোৰলৈ চকু তোলে বা ঘিণলগীয়া কাৰ্য কৰে;

13সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।

14কিন্তু চোৱা! যদি তাৰ এজন পুত্র জন্মে, তেওঁৰ পিতৃয়ে কৰা সকলো পাপ দেখিছে আৰু সি ঈশ্ৱৰলৈ ভয় ৰাখি তেনে কাৰ্যবোৰ নকৰে -

15সি পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰৰ ওপৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমা বোৰলৈ চকু নোতোলে আৰু যদি সি চুবুৰীয়াৰ স্ত্রীক অশুচি নকৰে;

16বা কাকো অন্যায় নকৰে, বন্ধকৰ কাৰণে একো নলয়, বা বলেৰে বস্তু কাঢ়ি নলয়, কিন্তু ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে -

17সি যদি দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোঁচায়, সুত বা অনুচিত লাভ নলয়; মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে আৰু মোৰ বিধিবোৰত চ’লে, তেন্তে সেই পুত্রই নিজৰ পিতৃৰ পাপবোৰৰ কাৰণে নমৰিব। তেওঁ অৱশ্যে জীয়াই থাকিব!

18তেওঁৰ পিতৃৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত, যি ভাল নহয়, সেইবোৰ কৰাৰ বাবে - চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব।

19তথাপি তোমালোকে কোৱা, “পুত্রই কিয় পিতৃৰ অপৰাধৰ ভাৰ নবয়?” কিয়নো সেই পুত্রই উচিত আৰু ন্যায় কাৰ্য কৰে আৰু মোৰ সকলো বিধি পালন কৰে। সি সেই সকলোবোৰৰ মতে কৰ্ম কৰে। তেতিয়া তেওঁ নিশ্চয়ে জীয়াই থাকিব!

20যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।

21কিন্তু যদি দুষ্টজনে নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে আৰু উচিত আৰু ন্যায় সকলো কাৰ্যবোৰ কৰে, তেন্তে তেওঁ নমৰি অৱশ্যে জীয়াই থাকিব,।

22তেওঁ কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব। তেওঁ নিজ ধাৰ্মিকতাৰ বাবেহে জীয়াই থাকিব।

23প্ৰভু যিহোৱাই ঘোষণা কৰিছে - “দুষ্টজনৰ মৃত্যুত জানো মই অতিকৈ সন্তোষ পাওঁ” - যিহেতু তেওঁলোকে নিজ কু-পথৰ পৰা ঘূৰি আহি জীয়াই থাকিব পাৰিলেহেঁতেন?

24কিন্তু যদি ধাৰ্মিকজনে তেওঁৰ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু দুষ্ট লোকসকলে কৰা আটাই ঘিণলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম-কৰ্মবোৰৰ একোকেই সোঁৱৰণ কৰা নাযাব। সেই কাৰণে তেওঁ কৰা অপৰাধতেই আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।

25তথাপি তোমালোকে কোৱা, ‘প্ৰভুৰ পথ সৎ নহয়!’ শুনা, হে ইস্ৰায়েল বংশ! মোৰ পথবোৰ সৎ নহয়নে? তোমালোকৰ পথবোৰহে জানো সৎ নহয়?

26ধাৰ্মিক লোকজনে যদি নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু সেই বাবে তেওঁৰ মৃত্যু হয়, তেতিয়া তেওঁ কৰা অপৰাধতেই তেওঁৰ মৃত্যু হ’ব।

27কিন্তু যেতিয়া দুষ্ট লোকজনে যদি তেওঁ কৰা দুষ্কৰ্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেন্তে তেওঁ নিজ প্ৰাণ জীয়াই ৰাখিব!

28তেওঁ বিবেচনা কৰি তেওঁ কৰা আটাই দুষ্কৰ্মৰ পৰা ঘূৰি অহাত, তেওঁ জীয়াই থাকিব; তেওঁৰ মৃত্যু নহ’ব!

29তথাপি ইস্ৰায়েল বংশই কয়, ‘প্ৰভুৰ পথ সৎ নহয়!’ হে ইস্ৰায়েল বংশ, মোৰ পথ কিয় সৎ নহয়? তোমালোকৰ পথহে জানো অসৎ নহয়?

30এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।

31যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধবোৰ তোমালোকৰ পৰা দূৰ কৰা আৰু তোমালোকৰ নিজৰ কাৰণে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?

32কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ” - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। “এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath