যিহিষ্কেল 14
1ইস্ৰায়েলৰ পৰিচাৰকসকলৰ কেইজনমান মোৰ ওচৰলৈ আহি মোৰ আগত বহিল।
2তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
3“হে মনুষ্য সন্তান, এই লোকসকলে তেওঁলোকৰ প্রতিমাবোৰক নিজ নিজ হৃদয়ত ঠাই দিছে আৰু নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে। সেই বিষয়ে মই জানো তেওঁলোকক পৰামৰ্শ দিম?
4সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ যি কোনো লোকে নিজ প্রতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব - সেই অহা লোকজনৰ বাহুল্য প্রতিমাবোৰৰ অনুসাৰে, মই যিহোৱাই, নিজেই তেওঁক উত্তৰ দিম।
5মই এইদৰে কৰিম যাতে ইস্ৰায়েলৰ গোটেই বংশ তেওঁলোকৰ হৃদয় মোলৈ পুনৰায় ঘূৰাই আনিব পাৰিম, কিয়নো তেওঁলোকৰ প্রতিমাবোৰে তেওঁলোকক মোৰ পৰা আঁতৰ কৰি ৰাখিছে!’
6এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মন পালটোৱা আৰু তোমালোকৰ প্রতিমাবোৰৰ পৰা ঘূৰি আহাঁ! আৰু তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যবোৰলৈ পিঠি দিয়া!
7কিয়নো ইস্ৰায়েল বংশৰ মাজত আৰু ইস্ৰায়েলত প্ৰবাস কৰা বিদেশীবোৰৰ মাজত যি কোনোৱে মোৰ পৰা নিজকে পৃথকে ৰাখিব, যিজনে নিজৰ প্রতিমাবোৰক হৃদয়ত ঠাই দিব আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু যিজনে মোক বিচাৰি ভাববাদী এজনৰ ওচৰলৈ আহিব - মই যিহোৱাই নিজেই তেওঁক উত্তৰ দিম!
8তাৰ বাবে মই সেই মানুহজনৰ বিৰুদ্ধে বিমুখে থাকিম আৰু তেওঁক এটা চিন আৰু দৃষ্টান্তৰ বিষয় কৰিম, কিয়নো তেওঁক মই মোৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
9যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই, যিহোৱাই, সেই ভাববাদীজনক ভ্ৰান্ত কৰিম; আৰু মই তেওঁৰ বিৰুদ্ধে হাত মেলি, মোৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম।
10এইদৰে তেওঁলোকে নিজ নিজ অপৰাধৰ দণ্ড ভুগিব। সেই ভাববাদীজনৰ ওচৰলৈ পৰামৰ্শ ল’বলৈ যোৱা লোকজনৰ অপৰাধ দুয়োৰে সমান হ’ব।
11ইয়াৰ অভিপ্ৰায় এই, যেন ইস্ৰায়েল-বংশই মোৰ পৰা বিপথে নাযায়; আৰু তেওঁলোকৰ অপৰাধবোৰৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰে, কিন্তু তেওঁলোক যেন মোৰ প্ৰজা হয় আৰু মই তেওঁলোকৰ ঈশ্বৰ হওঁ, ইয়াক প্ৰভু যিহোৱাই কৈছে।
12তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
13“হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠিয়াই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ;
14তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।
15বা যদি সেই দেশৰ সকলো ফালে হিংস্র জন্তু পঠিয়াই দিওঁ আৰু সেইবোৰে তাক সন্তানহীন কৰে আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ উচ্ছন্ন হয়,
16তেন্তে সেই একে তিনিজনলোক তাত থাকিলেও, মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব, কিন্তু দেশ হ’লে উচ্ছন্ন হ’ব।
17বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনো আৰু কওঁ ‘হে তৰোৱাল, দেশৰ মাজেদি যা আৰু তাৰ পৰা লোক সমূহ আৰু পশু সকলোকে উচ্ছন্ন কৰ’ -
18তেতিয়া সেই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব।
19বা যদি মই সেই দেশৰ বিৰুদ্ধে এক মহামাৰী পঠিয়াওঁ আৰু তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ তাৰ ওপৰত মোৰ ক্ৰোধ বৰষাই তেজ বোৱাওঁ,
20তেতিয়া যদিওবা নোহ, দানিয়েল আৰু ইয়োব সেই ঠাইত থাকিলে হয় - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে নিজৰ পো’সকলক বা আনকি নিজৰ জী’সকলক উদ্ধাৰ কৰিব নোৱাৰিব; কেৱল তেওঁলোকৰ নিজ প্ৰাণহে ধাৰ্মিকতাৰ দ্বাৰাই ৰক্ষা পাব।”
21কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “মই নিশ্চয়কৈ নিকৃষ্টৰভাৱে মানুহ আৰু পশুক যিৰূচালেমৰ বিৰুদ্ধে সকলোকে উচ্ছন্ন কৰিবলৈ মোৰ এই চাৰিওটা মহা-আপদ অর্থাৎ তৰোৱাল, আকাল, হিংস্র জন্তু আৰু মহামাৰী পঠিয়াম।
22তথাপি চোৱা! তাৰ মাজত ৰক্ষা পোৱা লোকসকল তেওঁলোকৰ পুত্রসকল আৰু জীয়েকসকলৰ লগত বাহিৰলৈ ওলাই যাব। চোৱা! তেওঁলোক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ কাৰ্য দেখিবলৈ পাবা; তেতিয়া যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে আৰু তাৰ বিৰুদ্ধে মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা।
23তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য দেখিলে, তেওঁলোকে তোমালোকক শান্তনা দিব; তেতিয়া তোমালোকে জানিবা যে, মই তাৰ বিৰুদ্ধে কৰা একোকে বিনা কাৰণে কৰা নাই!” এয়ে প্ৰভু যিহোৱাৰ বাক্য।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath