যিহিষ্কেল 13
1পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2“হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰোঁতা ইস্ৰায়েলৰ ভাববাদীসকলৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা আৰু নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰোঁতা সকলক কোৱা, ‘তোমালোকে যিহোৱাৰ বাক্য শুনা!
3প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজ নিজ আত্মাৰ আৰু নোপোৱা দৰ্শনৰ অনুগামী হোৱা মুৰ্খ ভাববাদীবোৰৰ সন্তাপ হ’ব!
4হে ইস্ৰায়েল, তোমাৰ ভাববাদীসকল উচ্ছন্ন ঠাইৰ শিয়ালৰ নিচিনা।
5যিহোৱাৰ যুদ্ধৰ দিনা থিৰে থাকিবলৈ, তোমালোকে দেৱালৰ ভঙা বাটত উঠা নাই বা ইস্ৰায়েলৰ বংশৰ চাৰিওফালে দেৱাল নিৰ্ম্মাণ কৰা নাই;
6যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।
7তোমালোকে জানো অনৰ্থক দৰ্শন পোৱা নাই? আৰু মিছা মঙ্গলৰ কথা জানো কোৱা নাই? “তথাপি মই নোকোৱাকৈয়ে যিহোৱাই কৈছে বুলি তোমালোকে কোৱা?”
8এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে অনৰ্থক বাক্য কৈছা আৰু মিছা দৰ্শন পাইছা; চোৱা, মই তোমালোকৰ বিপক্ষ - এই কাৰণে, প্ৰভু যিহোৱাই এইদৰে কৈছে।
9“মোৰ হাত অনৰ্থক দৰ্শন পোৱা, আৰু মিছা মঙ্গল চোৱা ভাববাদীসকলৰ বিপক্ষ হ’ব। তেওঁলোক মোৰ প্ৰজাসকলৰ সভাত নাথাকিব বা ইস্ৰায়েল-বংশৰ নামৰ তালিকাত তেওঁলোকৰ নাম লিখা নহ’ব; তেওঁলোক কোনোমতে ইস্ৰায়েল দেশত সোমাব নোৱাৰিব। কাৰণ মই যে প্ৰভু যিহোৱা, এই বিষয়ে তোমালোকে জানিবা!
10শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে।
11এই হেতুকে চূণেৰে লিপি থকা লোকসকলক তুমি কোৱা: ‘এইবোৰ পৰিব; প্লাবন কৰোঁতা মহাবৃষ্টি আহিব; এইবোৰ পৰিবলৈ মই বৃষ্টিৰ মহাশিল আৰু ভাঙিবলৈ মহা বতাহ পঠিয়াম।
12চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, “তোমালোকে যিবোৰত চূণ দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে’?”
13এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই মোৰ ক্ৰোধত মহা বতাহেৰে তাক ভাঙিম, প্লাবন কৰোঁতা মহাবৃষ্টি মোৰ কোপত আহিব, আৰু মোৰ ক্ৰোধত নষ্ট কৰিবলৈ মহাশিলাবৃষ্টি হ’ব!
14এইদৰে, তোমালোকে চূণেৰে লিপা দেৱাল মই ভাঙিম, আৰু ইয়াৰ ভিত্তিমূল ওলাই পৰাকৈ মই তাক মাটিৰে সমান কৰিম। গতিকে সেয়ে পৰিব আৰু তোমালোকে তাৰ মাজত বিনষ্ট হ’বা। তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!
15মোৰ ক্ৰোধেৰে দেৱালৰ ওপৰত আৰু চূণেৰে লিপাবোৰ নিৰ্মূল কৰিম, মই এইদৰে সিদ্ধ কৰিম আৰু মই তোমালোকক ক’ম, সেই দেৱাল আৰু নাই, আৰু তাক লিপাবোৰো,
16অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা আৰু শান্তি নথকাতো তাৰ বাবে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই!” ইয়াক প্ৰভু যিহোৱাই কৈছে।’
17আৰু হে মনুষ্য সন্তান, তোমাৰ জাতিৰ যি জীয়াৰীবোৰে নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰে, তেওঁলোকৰ অহিতে তুমি মুখ কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
18এইদৰে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: লোকৰ প্ৰাণ মৃগয়া কৰিবলৈ, আটাইবোৰ কিলাকুটিত গাঁৰু সিয়াই দিওঁতা আৰু ওখ অনুসাৰে প্ৰত্যেকৰ মূৰৰ কাৰণে ওৰণি তৈয়াৰ কৰোঁতা মহিলাসকলৰ সন্তাপ হ’ব; তোমালোকে মোৰ প্ৰজাসকলৰ প্ৰাণ মৃগয়া কৰি তোমালোকৰ কাৰণে প্ৰাণবোৰ জীয়াই ৰাখিবা নে?
19মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাসকলৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাসকলৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাসকলৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ কাৰণে মোৰ প্ৰজাসকলৰ মাজত মোক অপবিত্ৰ কৰিলা।
20এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, যি গাঁৰুবোৰে পক্ষী-চিকাৰৰ দৰেই তোমালোকে প্ৰাণবোৰ মৃগয়া কৰা, তোমালোকৰ সেই গাঁৰুবোৰৰ মই বিপক্ষ আৰু মই তোমালোকৰ বাহুৰ পৰা সেইবোৰ ছিঙি পেলাম আৰু পক্ষী-চিকাৰৰ দৰেই তোমালোকে মৃগয়া কৰা প্ৰাণবোৰ এৰি দিম।
21মই তোমালোকৰ ওৰণিও ফালিম আৰু তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম, মৃগয়া কৰিবলৈ তোমালোকৰ হাতত তেওঁলোক আৰু নাথাকিব; তাতে মই যে, যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
22মই দুখ নিদিয়া ধাৰ্মিকসকলৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ কাৰণে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে,
23তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা’!”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath