খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিহিষ্কেল 11

1তেতিয়া সেই আত্মাই মোক ওপৰলৈ তুলি নিলে, আৰু যিহোৱাৰ গৃহৰ পূব দিশত পূবমুৱাকৈ থকা প্রৱেশ পথৰ ওচৰলৈ আনিলে। আৰু চোৱা! সেই প্রৱেশ পথৰ দুৱাৰমুখত পঁচিশজন পুৰুষ আছিল। তেতিয়া মই লোকসকলৰ চলাওঁতা অজ্জুৰৰ পুত্ৰ যাজনিয়া আৰু বনায়াৰ পুত্ৰ পেলাটিয়াক তেওঁলোকৰ মাজত, এই দুজনক তেওঁলোকৰ মাজত দেখিলোঁ।

2ঈশ্ৱৰে মোক ক’লে, “হে মনুষ্য সন্তান, এইসকল লোকেই এই নগৰখনত অতিশয় অনৈতিক আচৰণ কৰোঁতা আৰু কু-মন্ত্ৰণা দিওঁতা।

3তেওঁলোকে কৈ থাকে যে, ‘ঘৰবোৰ সাজিবৰ সময় ওচৰ চপা নাই; এই নগৰখন কেৰাহী আৰু আমি মাংস-স্বৰূপ।’

4এই হেতুকে হে মনুষ্য সন্তান, তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!”

5তেতিয়া যিহোৱাৰ আত্মা মোৰ ওপৰত স্থিতি হ’ল আৰু তেওঁ মোক ক’লে, “তুমি কোৱা, ‘যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল-বংশ, তোমালোকে যিবোৰ কথা কৈ আছা, তোমালোকৰ মনত উদয় হোৱা সেই কথাবোৰৰ বিষয়ে মই জানো।

6তোমালোকে এই নগৰত হত হোৱা লোকসকলৰ সংখ্যা বৃদ্ধি কৰিলা আৰু ইয়াৰ বাট-পথবোৰ তেওঁলোকেৰে পৰিপূৰ্ণ কৰিলা।

7এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে যি সকলক বধ কৰিলা আৰু যিৰূচালেমৰ মাজত যিসকলৰ মৃতদেহবোৰ পেলাই থ’লা, তেওঁলোকক মাংস আৰু নগৰ খনক কেৰাহী যেন কৰিলা; কিন্তু তোমালোকক এই নগৰখনৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হ’ব।

8তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এই কাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম’।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।

9“মই তোমালোকক নগৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু বিদেশীসকলৰ হাতত সমৰ্পণ কৰিম, কিয়নো মই তোমালোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা সিদ্ধ কৰিম।

10তোমালোক তৰোৱালত পতিত হ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!

11এই নগৰখন তোমালোকৰ কেৰাহীস্বৰূপ নহ’ব, বা তোমালোক তাৰ মাজত থকা মাংসস্বৰূপ নহ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম।

12তেতিয়া তোমালোকে জানিবা যে, মইয়ে যিহোৱা। মোৰ আজ্ঞা তোমালোকে লঙ্ঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই। বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰে তোমালোকে কাৰ্য কৰি আছা।”

13আৰু এইদৰে মই ভাববাণী প্ৰচাৰ কৰি থকাৰ সময়ত, বনায়াৰ পুত্র পেলাটিয়াৰ মৃত্যু হ’ল। মই মূৰ দোৱাই উবুৰি পৰি চিঞৰি বৰ মাতেৰে কলোঁ, “হায় হায়, প্ৰভু যিহোৱা! আপুনি ইস্ৰায়েলৰ অৱশিষ্ট থকা সকলকো সম্পূৰ্ণৰূপে বিনষ্ট কৰিব নে?”

14যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহি মোক ক’লে,

15“হে মনুষ্য সন্তান, তোমাৰ ভাইসকল! তোমাৰ পৰিয়াল, তোমাৰ বংশৰ লোকসকল আৰু ইস্ৰায়েলৰ গোটেই বংশ! তোমালোকৰ এই সকলোকে যিৰূচালেমত থকা সকলো নিবাসীসকলে কয়, ‘তেওঁলোক যিহোৱাৰ পৰা বহু আঁতৰত আছে! অধিকাৰস্বৰূপে এই দেশ আমাকহে দিয়া হৈছিল!’

16এই হেতুকে তুমি ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: যদিও মই তেওঁলোকক জাতি সমূহৰ মাজৰ পৰা দূৰ কৰিলোঁ আৰু যদিও মই দেশবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন কৰিলোঁ, তথাপি তেওঁলোক যি যি দেশলৈ গৈছিল, সেই ঠাইবোৰত মই অলপকাল তেওঁলোকৰ ধৰ্মধাম হৈ আছিলোঁ।’

17এই হেতুকে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মই জাতি সমূহৰ মাজৰ পৰা তোমালোকক সংগ্রহ কৰিম আৰু ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাই আনিম আৰু মই তোমালোকক ইস্ৰায়েলৰ দেশখন দিম।

18তেতিয়া তেওঁলোকে সেই ঠাইলৈ যাব আৰু তাৰ পৰা আটাই জঘন্য আৰু ঘৃণনীয় বস্তুবোৰ দূৰ কৰিব।

19যেতিয়া তেওঁলোক মোৰ ওচৰ চাপিব, তেওঁলোকক মই এখন নতুন অন্তৰ দিম আৰু তেওঁলোকত এক নতুন আত্মা স্থিতি কৰিম; মই তেওঁলোকৰ অন্তৰ আৰু তেওঁলোকৰ শৰীৰৰ পৰা শিলৰূপ হৃদয় গুচাই তেওঁলোকক মাংসৰূপ হৃদয় দিম,

20তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন-প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।

21কিন্তু তেওঁলোকৰ যিসকলে গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ পাছত চ’লে, মই তেওঁলোকৰ নিজ নিজ মূৰত তেওঁলোকৰ সেই কাৰ্যৰ প্রতিফল আনিম। এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”

22তেতিয়া কৰূব কেইজনে তেওঁলোকৰ নিজ নিজ ডেউকাবোৰ দাঙি তুলিলে আৰু তেওঁলোকৰ সৈতে কাষে কাষে চক্ৰকেইটাও আছিল আৰু তেওঁলোকৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।

23আৰু যিহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গ’ল আৰু নগৰৰ পূৱফালে থকা পৰ্ব্বতখনৰ ওপৰত ৰ’ল।

24আৰু সেই আত্মাই মোক তুলিলৈ দৰ্শনক্ৰমে ঈশ্বৰৰ আত্মাৰ দ্ৱাৰাই কলদীয়া দেশলৈ দেশান্তৰিত লোকসকলৰ ওচৰলৈ লৈ আহিল। তেতিয়া মই দেখা সেই দৰ্শন মোৰ পৰা ওপৰলৈ উঠি গ’ল।

25তেতিয়া যিহোৱাই মোক দেখুউৱা সকলোৰে বিষয় মই দেশান্তৰিত লোকসকলক কলোঁ।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath