খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিহিষ্কেল 10

1তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।

2আৰু যিহোৱাই শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচঁৰিত কৰি পেলোৱা।” তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোতেই তাত সোমাল।

3সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল আৰু ভিতৰ চোতালখন মেঘেৰে পৰিপূৰ্ণ হৈ আছিল।

4তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল।

5আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।

6“তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাইৰ পৰা জুই লোৱা” এইবুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিয়াত, তেওঁ সোমাই গৈ এটা চক্ৰৰ কাষত থিয় হ’ল।

7তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল।

8আৰু কৰূব কেইজনৰ গাত, তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।

9পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।

10আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে আকৃতিৰ, এনে লাগে যেন চক্ৰৰ মাজতহে চক্ৰ আছে।

11যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।

12আৰু তেওঁলোকৰ গোটেই গা আৰু তেওঁলোকৰ পিঠি, হাত, ডেউকা আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁলোক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা।

13সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ।

14প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।

15পাছত কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবোৰ।

16কৰূব কেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে।

17তেওঁলোক ৰ’লে, সেইবোৰো ৰয় আৰু তেওঁলোক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁলোকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।

18পাছত যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল।

19কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ’ল। তেওঁলোক যিহোৱাৰ গৃহৰ পূব দিশৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা তেওঁলোকৰ ওপৰত আছিল।

20তেতিয়া মই ইস্ৰায়েলৰ ঈশ্বৰৰ তলত থকা কবাৰ নদীত দেখা দৰ্শনৰ পশুবোৰৰ কথা স্মৰণ কৰিলোঁ; আৰু বুজিব পাতিলোঁ যে, সেইবোৰ কৰূব আছিল।

21প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল।

22তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি, একে বস্তু; তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath