খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যাত্ৰাপুস্তক 25

1যিহোৱাই মোচিক ক’লে,

2“মনৰ ইচ্ছাৰে প্রভাৱিত হোৱা প্রতিজন ইস্ৰায়েলী লোকৰ পৰা মোৰ অৰ্থে দান গ্রহণ কৰিবলৈ ক’বা। তুমি নিশ্চয়কৈ মোৰ অৰ্থে এই দান গ্রহণ কৰিবা।

3তুমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিব লগা দান এইবোৰ: সোণ, ৰূপ, পিতল,

4আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, ছাগলীৰ নোম,

5ৰঙা ৰং কৰা মেৰ-ছাগ পোৱালীৰ ছাল, গৰুৰ মিহি ছাল, চিটীম কাঠ,

6পবিত্র প্ৰদীপৰ বাবে তেল, অভিষেক তেলৰ বাবে মচলা, আৰু সুগন্ধি ধূপ,

7এফোদ আৰু বুকুপতাত লগাবৰ বাবে গোমেদক আৰু আন বহুমূল্য বাখৰ।

8মই তেওঁলোকৰ মাজত বাস কৰিবৰ অৰ্থে, তেওঁলোকক মোৰ বাবে এটা ধৰ্মধাম নিৰ্মাণ কৰিবলৈ কোৱা।

9সেই আবাস আৰু তাৰ সকলো বস্তুৰ যি নমুনা মই তোমাক দেখুৱাম, তোমালোকে সেই নমুনাৰ দৰেই সকলো কৰিবা।

10তেওঁলোকে চিটীম কাঠেৰে আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল আৰু ডেৰ হাত ওখকৈ এটা নিয়ম-চন্দুক সাজিব।

11তুমি সেই নিয়ম চন্দুকৰ ভিতৰে বাহিৰে শুদ্ধ সোণৰ পতা মাৰিবা; আৰু তাৰ ওপৰৰ চাৰিওফালৰ সীমা সোণেৰে তৈয়াৰ কৰিবা।

12ইয়াৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত বনাবা, আৰু নিয়ম চন্দুকৰ এফালে দুটা, আৰু আন ফালে দুটা, এইদৰে চাৰিওটা খুৰাত লগাবা।

13তুমি চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা।

14নিয়ম চন্দুক বৈ নিবৰ বাবে, সেই কানমাৰি নিয়ম-চন্দুকৰ দুয়ো ফালে থকা আঙঠিত সুমুৱাবা।

15সেই কানমাৰি নিয়ম-চন্দুকৰ আঙঠিৰ ভিতৰতে থাকিব লাগে, তাৰ পৰা উলিয়াব নালাগে।

16মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম-চন্দুকৰ ভিতৰত ৰাখিবা।

17তাৰ পাছত তুমি শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল এখন পাপাবৰণ সাজিবা।

18তুমি সোণ পিটি দুটা কৰূব সাজিবা; পাপাবৰণৰ দুই মুৰত সেই কৰূব দুটা লগাবা।

19এক মুৰত এটা কৰূব আৰু আন মুৰত আনটো কৰূব লগাবা; পাপাবৰণৰ দুই মুৰত তাৰে সৈতে একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিবা।

20কৰূব দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকিব; সেই কেইটা মুখামুখি হৈ থাকিব; আৰু কৰূব দুটাৰ দৃষ্টি পাপাবৰণৰ মাজত থাকিব।

21তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থ’বা।

22মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম।

23তুমি দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ এখন মেজ সাজিবা,

24সেই মেজত শুদ্ধ সোণৰ পতা মাৰিবা, আৰু তাৰ চাৰিওফালে সোণৰ সীমা দিবা।

25সেই মেজৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এচটা কাঠ দি ফ্রেম বনাবা, আৰু সেই ফ্রেমৰ চাৰিও ফালে সোণৰ সীমা বনাবা।

26সোণৰ চাৰিটা আঙঠি সাজি, সেই আঙঠি চাৰিটা খুৰা থকা মেজৰ চাৰি চুকত লগাবা।

27মেজ বৈ নিবলৈ কানমাৰি সুমুউৱাবলৈ ফ্রেমত আঙঠি লগাবা।

28তুমি মেজ বৈ নিবৰ বাবে, চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা।

29পেয় নৈবেদ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ কাঁহি, চামুচ, জাৰ আৰু বাটি গঢ়াবা। এই সকলোকে শুদ্ধ সোণেৰে গঢ়াবা।

30তুমি সেই মেজৰ ওপৰত মোৰ আগত সদায় দৰ্শন-পিঠা ৰাখিবা।

31তুমি শুদ্ধ পিটা সোণৰ এটা দীপাধাৰ সাজিবা। দীপাধাৰৰ সৈতে তাৰ বাটিবোৰ, তাৰ তলৰ পাতবোৰ, আৰু ফুলবোৰ একেডোখৰ সোণেৰেই বনোৱা হ’ব লাগে।

32দীপাধাৰৰ কাষৰ পৰা ছয়ডাল শাখা ওলোৱা হ’ব লাগিব। তাৰে তিনি ডাল শাখা এফালৰ পৰা, আৰু আন তিনি ডাল শাখা আন ফালৰ পৰা ওলোৱা হ’ব লাগিব।

33তাৰ এটা শাখাত বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব লাগিব। আন শাখাতো বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব। দীপাধাৰৰ পৰা ওলোৱা ছয়টা ডালতে সেই একে দৰেই হ’ব।

34দীপাধাৰৰ মাজভাগতো বাদাম ফুলৰ আকৃতিৰে চাৰিটা বাটি, কলি, আৰু ফুল থাকিব।

35সেই দীপাধাৰৰ প্রথম যোৰ শাখাত একে ডোখৰ সোণেৰে এটা কলি, আৰু আন দ্বিতীয় যোৰ শাখাতো একে ডোখৰ সোণেৰে এটা কলি থাকিব।

36সেইবোৰৰ কলি আৰু সেইবোৰৰ শাখাবোৰ একে ডোখৰ সোণেৰে হ’ব; আৰু সেই সকলোৱেই শুদ্ধ সোণ পিটি বনোৱা হ’ব।

37তুমি দীপাধাৰ আৰু ইয়াৰ সাতটা প্ৰদীপ সাজিবা। প্রদীপৰ পৰা পোহৰ ওলাবলৈ প্ৰদীপবোৰ দীপাধাৰত লগাবা।

38এঙাৰ ধৰা চেপেনা আৰু ট্রে শুদ্ধ সোণৰ হ’ব লাগিব।

39দীপাধাৰ আৰু দীপাধাৰৰ বাবে ব্যৱহাৰ কৰা সকলো বস্তু সাজিবলৈ এক কিক্কৰ শুদ্ধ সোণ ব্যৱহাৰ কৰিবা।

40মই তোমাক পৰ্ব্বতত দেখুউৱা নমুনাৰ দৰেই সেই সকলো নিশ্চয় সাজিবা।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath