যাত্ৰাপুস্তক 16
1ইস্ৰায়েলী লোকসকলে এলীমৰ পৰা যাত্ৰা কৰিলে। মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত দ্বিতীয় মাহৰ পোন্ধৰ দিনৰ দিনা, এলীম আৰু চীনয় এই দুয়োৰো মাজত থকা চীন মৰুপ্রান্তৰ পালে।
2ইস্ৰায়েলী সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে মৰুভূমিত অভিযোগ কৰিবলৈ ধৰিলে।
3ইস্ৰায়েলী সকলে তেওঁলোকক ক’লে, “আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপাহ নপলাইমানে পিঠা খাইছিলোঁ, সেই সময়তেই মিচৰ দেশত যিহোৱাৰ হাতত মৰা হ’লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে।”
4তেতিয়া যিহোৱাই মোচিক ক’লে, “লোকসকলে মোৰ ব্যৱস্থা মানি চলিব নে নাই, তাৰ পৰীক্ষা কৰিবৰ অৰ্থে, ‘মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম’ আৰু লোকসকলে ওলাই গৈ প্রতি দিনৰ আহাৰ প্রতি দিনে গোটাব।
5তেওঁলোকে প্রতিদিনে যিমান আহাৰ গোটাইছিল প্রতি ষষ্ঠ দিনত তাতকৈ দুগুণ গোটাব, আৰু তেওঁলোকে যি পৰিমাণে আনিব, তাকে ৰান্ধিব।”
6তাৰ পাছত মোচি আৰু হাৰোণে ইস্ৰায়েলী লোকসকলক ক’লে, “গধূলি তোমালোকে জানিব পাৰিবা যে, যিহোৱাইহে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।”
7ৰাতিপুৱা তোমালোকে যিহোৱাৰ মহিমা দেখিবলৈ পাবা; কাৰণ যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ শুনিলে। আমি নো কোন যে, তোমালোকে আমাৰ বিৰুদ্ধে অভিযোগ কৰিছা?”
8মোচিয়ে পুনৰ ক’লে, “যিহোৱাই গধূলি যেতিয়া তোমালোকক খাবলৈ মাংস, আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ যে শুনিলে, সেই কথা তোমালোকে বুজি পাবা। হাৰোণ আৰু মই কোন? তোমালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়; যিহোৱাৰ বিৰুদ্ধেহে।”
9মোচিয়ে হাৰোণক ক’লে, “আপুনি ইস্ৰায়েলী লোকসকলৰ সমাজক কওক, তোমালোক যিহোৱাৰ ওচৰলৈ চাপি আহা; কাৰণ তেওঁ তোমালোকৰ অভিযোগ শুনিলে।”
10হাৰোণে ইস্ৰায়েলী লোকসকলৰ সমাজক এই কথা কৈ থাকোতে, তেওঁলোকে মৰুপ্রান্তৰ ফাললৈ চাই দেখিলে যে, মেঘৰ মাজত যিহোৱাৰ মহিমা প্ৰকাশিত হৈছে।
11তেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,
12“মই ইস্ৰায়েলী লোকসকলৰ অভিযোগ শুনিলোঁ। তুমি তেওঁলোকক কোৱা, ‘গধূলি তোমালোকে মাংস আৰু ৰাতিপুৱা হেঁপাহ পলুৱাই পিঠা খাবলৈ পাবা। তেতিয়া তোমালোকে জানিবা যে, ময়েই তোমালোকৰ যিহোৱা, তোমালোকৰ ঈশ্বৰ’।”
13গধূলি পৰত, বটা চৰাইবোৰ তম্বুৰ ওপৰলৈ আহি তম্বু ঢাকি ধৰিলে। ৰাতিপুৱা তম্বুৰ চাৰিওফালে নিয়ৰ পৰি আছিল।
14পৰি থকা সেই নিয়ৰবোৰ যেতিয়া শুকাই গ’ল, তেতিয়া ক্ষুদ্র বৰফৰ টুকুৰাৰ দৰে সৰু সৰু ঘূৰণীয়া বস্তু গোটেইখন মৰুপ্রান্তৰ ভূমিত পৰি আছিল।
15ইস্ৰায়েলী লোকসকলে সেই বস্তু দেখি ইজনে সিজনক ক’লে, “এইয়া কি ?” কিয়নো সেই বস্তু নো কি তেওঁলোকে নাজানিছিল। তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “এইয়া যিহোৱাই তোমালোকক খাবলৈ দিয়া পিঠা।”
16যিহোৱাই দিয়া আজ্ঞা এই, “তোমালোক প্ৰতিজনে খাব পৰা শক্তি অনুসাৰে; আৰু তোমালোক প্রতিজনে তম্বুত থকা মানুহৰ সংখ্যা অনুসাৰে এক ওমৰ গোটাবা। এইদৰেই তোমালোকে গোটাবা: তোমালোকে তম্বুত থকা প্রতিজন মানুহে খাব পৰা অনুসাৰে গোটাবা।”
17তেতিয়া ইস্ৰায়েলী লোকসকলে সেইদৰেই কৰিলে। কিছুমান লোকে অধিক আৰু কিছুমান লোকে তাকৰকৈ গোটালে।
18তেওঁলোকে যেতিয়া সেইবোৰ ওমৰৰ জোখত জুখিলে, যি সকলে অধিককৈ গোটাইছিল, তেওঁলোকৰ অতিৰিক্ত নহ’ল, আৰু যি সকলে তাকৰকৈ গোটাইছিল তেওঁলোকৰো অভাৱ নহ’ল। তেওঁলোক প্ৰতিজনে প্রয়োজন অনুসাৰে গোটালে।
19তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “কোনো এজনেও ৰাতিপুৱালৈকে ইয়াৰ অৱশিষ্ট নাৰাখিব।”
20তথাপিও তেওঁলোকে মোচিৰ কথা নুশুনিলে। কিছুমানে ৰাতিপুৱালৈকে সেইবোৰৰ কিছু অৱশিষ্ট ৰাখি থলে; কিন্তু সেইবোৰত পোক জন্মিল, আৰু দুৰ্গন্ধময় হ’ল; তেতিয়া তেওঁলোকৰ ওপৰত মোচিৰ খং উঠিল।
21প্রতি ৰাতিপুৱাতে তেওঁলোকে সেইবোৰ গোটাইছিল। প্ৰতিজন মানুহে সেই দিনটোত খাব পৰা অনুসাৰে গোটাইছিল। যেতিয়া ৰ’দ প্রখৰ হয়, সেইবোৰ গ’লি গৈছিল।
22তাৰ পাছত ষষ্ঠ দিনৰ দিনা তেওঁলোকে দুগুণ, অৰ্থাৎ প্ৰতিজনৰ বাবে দুই ওমৰকৈ পিঠা গোটাইছিল। তেতিয়া সমাজৰ মূখ্য লোকসকল মোচিৰ ওচৰলৈ আহি সেই কথা ক’লে।
23মোচিয়ে তেওঁলোকক ক’লে, “যিহোৱাই যে কৈছিল সেয়া এই, ‘কাইলৈ সম্পূৰ্ণ বিশ্ৰাম-দিন, যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে পবিত্ৰ বিশ্ৰাম-দিন। তোমালোকে যি ভাজিব খোজা, আৰু যি সিজাব খোজে সিজাবা। নিজৰ বাবে ৰাতি পুৱালৈকে তাৰ অৱশিষ্ট অংশ থৈ দিবা’।”
24সেয়ে তেওঁলোকে মোচিৰ নিৰ্দেশ অনুসাৰে, ৰাতিপুৱালৈকে একাষৰিয়াকৈ থৈ দিলে। সেই খাদ্য দুৰ্গন্ধময় নহ’ল, আৰু তাত পোকো নহ’ল।
25মোচিয়ে ক’লে, “সেই আহাৰ আজি ভোজন কৰা; কাৰণ আজি যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে বিশ্ৰাম-দিন। আজি তোমালোকে পথাৰত সেইবোৰ বিচাৰি নাপাবা।
26তোমালোকে ছয় দিন সেইবোৰ গোটাবা; কিন্তু সপ্তম দিন বিশ্ৰাম-দিন হয়। সেয়ে বিশ্রাম বাৰে পথাৰত মান্না নাথাকিব।”
27তথাপিও সপ্তম দিনা কিছুমান লোকে মান্না গোটাবলৈ ওলাই গৈছিল; কিন্তু তেওঁলোকে একো বিচাৰি নাপালে।
28তেতিয়া যিহোৱাই মোচিক ক’লে, “তোমালোকে মোৰ আজ্ঞা আৰু ব্যৱস্থাবোৰ কিমান দিনলৈকে পালন কৰিবলৈ অমান্তি হৈ থাকিবা?
29চোৱা, মই যিহোৱা, ময়েই তোমালোকক বিশ্ৰামবাৰ দিলোঁ। সেয়ে তোমালোকক ষষ্ঠ দিনা মই দুদিনৰ আহাৰ দি আছোঁ। তোমালোক প্ৰতিজনে নিজৰ ঠাইত থাকিব লাগিব; সপ্তম দিনত কোনো এজনেও নিজৰ ঠাইৰ পৰা বাহিৰলৈ ওলাই নাযাওক।”
30সেয়ে লোকসকলে সপ্তম দিনা বিশ্ৰাম কৰিলে।
31ইস্ৰায়েলী লোকসকলে সেই আহাৰৰ নাম “মান্না” ৰাখিলে। সেইবোৰ ধনীয়া গুটিৰ দৰে বগা; আৰু ইয়াৰ সোৱাদ মৌজোলৰ সৈতে বনোৱা পিঠাৰ দৰে আছিল।
32মোচিয়ে ক’লে, “যিহোৱাই কৰা আজ্ঞা এই মই তোমালোকক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনাৰ পাছত, মৰুভূমিত যি পিঠা তোমালোকক খুৱাইছিলোঁ, সেই পিঠা তোমালোকৰ ভাবী-বংশই যাতে দেখিবলৈ পাব; তাৰ বাবে তোমালোকে পুৰুষানুক্ৰমে এক ওমৰ ৰাখি থবা।”
33মোচিয়ে হাৰোণক ক’লে, “তুমি এটা পাত্ৰ লোৱা, আৰু তাত এক ওমৰ মান্না ভৰোৱা। পুৰুষানুক্ৰমে তোমালোকৰ লোকসকললৈ, যিহোৱাৰ সন্মুখত সেই পত্রটো সংৰক্ষিত কৰি থৈ দিয়া।”
34যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, হাৰোণে সেই পাত্রত এক ওমৰ মান্না ভৰাই নিয়ম চন্দুকৰ ভিতৰত বিধান পুস্তকৰ কাষত সংৰক্ষিত কৰি ৰাখিলে।
35ইস্ৰায়েলী লোকসকলে নিবাস কৰা দেশ নোপোৱালৈকে চল্লিশ বছৰ সেই মান্না খাইছিল। তেওঁলোকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকে ভোজন কৰিছিল।
36এক ওমৰ ঐফাৰ দহ ভাগৰ এভাগ।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath