যাত্ৰাপুস্তক 14
1তাৰ পাছত যিহোৱাই মোচিক ক’লে:
2“ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা।
3ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’
4মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
5ইস্রায়েলী লোকসকল পলাই গ’ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৰৌণ আৰু তেওঁৰ দাসবোৰৰ মন ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে হ’ল। তেওঁলোকে ক’লে, “আমাৰ বন্দীকামৰ পৰা ইস্ৰায়েলী লোকসকলক এৰি দি আমি কি কাম কৰিলোঁ?”
6তেতিয়া ফৌৰণে নিজৰ ৰথ সাজু কৰিলে, আৰু নিজৰ সৈন্য সকলক তেওঁৰ লগত ল’লে।
7তেওঁ মনোনীত ছশ ৰথ, আৰু মিচৰৰ আন সকলো ৰথ, আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতি সকলকো ল’লে।
8যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল।
9কিন্তু মিচৰীয়া লোক সকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী, আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। বাল-চফোনৰ সন্মুখত পী-হহীৰোতৰ ওচৰৰ সাগৰৰ দাঁতিত ইস্রায়েলী লোকসকলে তম্বু তৰি থকা ঠাইত, তেওঁলোকে আগচি ধৰিলে।
10ফৰৌণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
11তেওঁলোকে মোচিক ক’লে, “মিচৰত মৈদাম নাই নে যে, আমি মৰুভূমিত মৰিবলৈ, আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি, আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে?
12আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’”
13মোচিয়ে লোকসকলক ক’লে, “ভয় নকৰি। নিৰৱে থাকা; আৰু চাওক, যিহোৱাই আজি তোমালোকলৈ পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব। কাৰণ যি মিচৰীয়া সকলক আজি তোমালোকে দেখিছা, তেওঁলোকক পুনৰ কেতিয়াও নেদেখিবা।
14যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।”
15তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি মোলৈ কিয় কাতৰোক্তি কৰিছা? ইস্ৰায়েলী লোকসকলক আগুৱাই যাবলৈ কোৱা।
16তুমি তোমাৰ লাখুটি তুলি, সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা, আৰু সাগৰক দুভাগ কৰা; তাতে ইস্ৰায়েলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব।
17চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰৌণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱান্বিত হ’ম।
18তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।”
19ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল।
20মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে।
21মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল।
22তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
23মিচৰীয়া সকলে তেওঁলোকক খেদি গ’ল। ফৰৌণৰ সকলো ঘোঁৰা, ৰথ, আৰু অশ্বাৰোহী বিলাক তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ’ল।
24কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে।
25যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।”
26তাৰ পাছত যিহোৱাই মোচিক ক’লে, “মিচৰীয়া সকল, তেওঁলোকৰ ৰথ আৰু অশ্বাৰোহী বিলাকৰ ওপৰলৈ যেন পুনৰায় জল সমূহ আহিব, তাৰ বাবে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা।”
27সেয়ে মোচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলে, আৰু যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া সাগৰ পুনৰ স্বাভাৱিক ৰূপত আহিল। মিচৰীয়া সকলে সাগৰলৈ সোমাই যাওঁতে, যিহোৱাই মিচৰীয়া সকলক সাগৰৰ মাজত পেলালে।
28জল সমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌণৰ সকলো সৈন্য পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল।
29ইস্ৰায়েলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেৰে গ’ল; আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
30এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে।
31ইস্ৰায়েলী লোক সকলে যেতিয়া মিচৰীয়া সকলৰ বিৰুদ্ধে যিহোৱাৰ মহা পৰাক্রম দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ গৌৰৱ কৰিলে,আৰু তেওঁলোকে যিহোৱা আৰু তেওঁৰ দাস মোচিক বিশ্বাস কৰিলে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath