যাত্ৰাপুস্তক 13
1যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,
2“ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”
3মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।
4আবীব মাহৰ এই দিনাই তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা।
5কনানীয়া, হিত্তীয়া, ইমোৰীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ যি দেশ তোমালোকক দিবলৈ, যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌ বৈ থকা দেশত, যেতিয়া তেওঁ তোমালোকক সুমুৱাব, তেতিয়া তোমালোকে এই মাহত যিহোৱাৰ উদ্দেশ্যে আৰাধনাৰ কাৰ্য কৰিবা।
6সাত দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিবা; আৰু সপ্তম দিনটো যিহোৱাৰ উদ্দেশ্যে উৎসৱৰ দিন হ’ব।
7সেই সাত দিন নিশ্চয়কৈ খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব; তোমালোকৰ মাজত খমীৰ দিয়া কোনো পিঠা যাতে দেখা পোৱা নাযাওক। এনেকি তোমালোকৰ চাৰিও সীমাৰ ভিতৰতো খমীৰ দেখা পোৱা নাযাওক।
8সেই দিনা তোমালোকে আপোনালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’
9এয়ে উদ্ধাৰ সোঁৱৰণৰ বাবে তোমালোকৰ হাত আৰু কপালত থাকক। যিহোৱাৰ ব্যৱস্থা তোমালোকৰ কথাত থাকক, কিয়নো তোমালোকৰ হাত, আৰু কপালত এই মুক্তি সোঁৱৰণীয় হৈ থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে মিচৰৰ পৰা তোমালোকক বাহিৰ কৰি আনিলে।
10এই হেতুকে তোমালোকে প্রত্যেক বছৰে এই সময়ত, এই বিধি পালন কৰিবা।
11যিহোৱাই তোমাক আৰু তোমালোকৰ পূৰ্বপুৰুষ সকলক দিয়া প্রতিজ্ঞা অনুসাৰে, যেতিয়া তোমাক কনানীয়া সকলৰ দেশত আনি সোমুৱাব,
12তেতিয়া তোমালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু তোমালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিবা। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব।
13প্রত্যেক প্রথমে জন্মা গাধ এটা মেৰ-ছাগ পোৱালি দি মুক্ত কৰিব। যদি মুক্ত নকৰে, তেন্তে তাৰ ডিঙি ভাঙিব; কিন্তু তোমালোকৰ পুত্রসকলৰ মাজত প্রথমে জন্মা পুত্ৰ তোমালোকে নিশ্চয় কিনি মুক্ত কৰিব লাগিব।”
14পাছত তোমালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া তুমি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে।
15যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশু যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’
16এয়ে তোমালোকৰ হাত, আৰু কপালত সোঁৱৰণী স্বৰূপে থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে আমাক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।”
17ফৰৌণে যেতিয়া লোকসকলক যাবলৈ এৰি দিলে, তেতিয়া পলেষ্টীয়াসকলৰ দেশেৰে বাট চমু আছিল যদিও, ঈশ্বৰে তেওঁলোকক সেই বাটেদি নিনিলে। কিয়নো ঈশ্বৰে ক’লে, “হয়তো যুদ্ধৰ সন্মুখিন হ’লে লোকসকলে মন সলনি কৰি মিচৰলৈ উভটি যাব।”
18সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।
19মোচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল’লে; কিয়নো যোচেফে ইস্ৰায়েলী লোকসকলক শপত খুৱাই কৈছিল, “ঈশ্বৰে আপোনালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু আপোনালোকে তেতিয়া মোৰ অস্থিক আপোনালোকৰ লগত লৈ যাব।”
20ইস্রায়েলী লোকসকলে চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুপ্রান্তৰ দাঁতিত থকা এথমত তম্বু তৰিলে।
21তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।
22যিহোৱাই লোকসকলৰ আগৰ পৰা দিনত মেঘ-স্তম্ভ, আৰু ৰাতি অগ্নিস্তম্ভ আঁতৰ নকৰিলে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath