খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

ইষ্টেৰ 6

1সেই ৰাতি ৰজাই টোপনি যাব নোৱাৰিলে। ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত ঘটা ঘটনাৱলীৰ কাৰ্য-বিৱৰণী আনিবলৈ আজ্ঞা দিলে; আৰু তেওঁলোকে উচ্চ-স্বৰে ৰজাৰ আগত তাক পাঠ কৰিলে।

2সেই কাৰ্য-বিৱৰণীত লিখা অনুসাৰে এই কথা গ’ম পোৱা গ’ল যে, ৰাজ-নপুংসক বিগথন আৰু তেৰচ নামেৰে দুজন প্রৱেশ দুৱাৰৰ দুৱৰীয়ে ৰজা অহচবেৰোচৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা বিষয়টো এই মৰ্দখয়েই ৰজাক জনাইছিল।

3পাছত ৰজাই সুধিলে, “মৰ্দখয়ে কৰা এই কাৰ্যৰ বাবে তেওঁক কি সন্মান বা স্বীকৃতি প্রদান কৰা হৈছিল? তাৰ পাছত ৰজাৰ পৰিচৰ্যা কৰা যুৱক দাস সকলে তেওঁক ক’লে, “তেওঁৰ বাবে একো কৰা হোৱা নাই।”

4ৰজাই সুধিলে, “চোতালত কোন আছে? সেই সময়ত ৰজাৰ আগত নিবেদন কৰি নিজে যুগুত কৰা ফাঁচি কাঠত মৰ্দখয়ক ফাঁচি দিবলৈ ৰাজগৃহৰ বাহিৰ চোতালত হামন সোমাইছিল।

5ৰজাৰ দাস সকলে তেওঁক ক’লে, “হামন চোতালত থিয় হৈ আছে।” তাতে ৰজাই ক’লে, “তেওঁক ভিতৰলৈ আহিব দিয়া।”

6হামন যেতিয়া ভিতৰলৈ সোমাল, তেতিয়া ৰজাই তেওঁক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ কি কৰা উচিত?” হামনে মনতে ভাবিলে, মোতকৈ বেছি ৰজাই আন কাক সন্মান দিবলৈ ইচ্ছা কৰিব?

7সেয়ে হামনে ৰজাক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে,

8তেওঁৰ বাবে যি বস্ত্র ৰজাই পৰিধান কৰে সেই ৰাজকীয় বস্ত্র দিয়া যাওক, আৰু ৰাজকীয় মুকুটৰ সৈতে যি ঘোঁৰাত ৰজা উঠে, সেই ঘোঁৰা দিয়া যাওক।

9তাৰ পাছত সেই বস্ত্ৰ আৰু ঘোঁৰা ৰজাৰ বিশেষ প্ৰধান কৰ্মচাৰী সকলৰ মাজৰ এজনৰ হাতত গতাই দিয়া হওক; আৰু ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁক সেই ৰাজ-বস্ত্ৰ পিন্ধোৱা হওক। পাছত তেওঁক সেই ঘোঁৰাত তুলি নগৰৰ মাজৰ পথেৰে লৈ যাবলৈ তেওঁলোকক কোৱা হওক। তেওঁৰ আগে আগে এই কথা ঘোষণা কৰা হওক যে, ‘ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব!’”

10তেতিয়া ৰজাই হামনক ক’লে, “বেগাই আহাঁ, তুমি ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা লোৱা, আৰু তুমি কোৱাৰ দৰে ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়লৈ সেই দৰেই কৰা। তুমি কোৱা কথাৰ এটা কথাও ত্ৰুটি নকৰিবা।”

11তেতিয়া হামনে সেই ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা ল’লে, আৰু মৰ্দখয়ক বস্ত্ৰ পিন্ধাই ঘোঁৰাত তুলি নগৰৰ মাজেৰে ফুৰালে। তেওঁ মৰ্দখয়ৰ আগে আগে এই কথা ঘোষণা কৰিলে যে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব।”

12তাৰ পাছত মৰ্দখয় ৰাজ-দুৱাৰলৈ উলটি গ’ল। কিন্তু হামনে শোক কৰি কাপোৰেৰে মুৰ ঢাকি নিজৰ ঘৰলৈ বেগাই গ’ল।

13হামনে তেওঁৰ ভাৰ্যা জেৰচক আৰু তেওঁৰ সকলো বন্ধুক তেওঁলৈ ঘটা সকলো কথা ক’লে। তেতিয়া তেওঁৰ যি সকল লোক জ্ঞানৰ বাবে জনাজাত আছিল, তেওঁলোক আৰু তেওঁৰ ভাৰ্যা জেৰচে তেওঁক ক’লে, “যি মৰ্দখয়ৰ আগত আপোনাৰ সন্মান ম্লান হ’ব ধৰিছে, সেই মৰ্দখয় যদি যিহুদী বংশৰ লোক হয়, তেনেহলে আপুনি কেতিয়াও তেওঁক জয় কৰিব নোৱাৰিব, তেওঁৰ আগত আপোনাৰ নিশ্চয় সৰ্বনাশ হ’ব।”

14তেওঁলোকে তেওঁৰ লগত কথা পাতি থাকোঁতেই ৰাজ-নপুংসক সকল আহি উপস্থিত হ’ল; আৰু ৰাণী ইষ্টেৰে যুগুত কৰা ভোজলৈ হামনক লৈ যাবলৈ খৰধৰ কৰিলে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath